ETV Bharat / bharat

কোন হ'ব দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ? - Arvind Kejriwal resignation

author img

By ETV Bharat Assamese Team

Published : Sep 16, 2024, 1:46 PM IST

Arvind Kejriwal resignation : দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম এতিয়ালৈ দলে ঘোষণা কৰা নাই যদিও ইয়াক লৈ তীব্ৰ কৌতূহলে বিৰাজ কৰিছে । সোমবাৰে অৰবিন্দ কেজৰিৱাল আৰু মনীষ চিছোদিয়া বৈঠকত মিলিত হ'ব । বৈঠকত মুখ্যমন্ত্ৰীৰ নামক লৈ আলোচনা হোৱাৰ সম্ভাৱনা ।

Arvind Kejriwal resignation
কোন হ'ব দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী (ANI)

নেশ্যনেল ডেস্ক, ১৬ ছেপ্টেম্বৰ : জামিন লাভৰ পিচতে অৰবিন্দ কেজৰিৱালে পদত্যাগৰ ঘোষণা কৰাৰ লগে লগে দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব তাক লৈও জল্পনা-কল্পনা আৰম্ভ হৈছে । কেজৰিৱালে দুদিনৰ ভিতৰত পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰিব বুলি ঘোষণা কৰিছিল । মুখ্যমন্ত্ৰী কেজৰিৱালৰ পত্নীৰ লগতে কেইবাজনো নেতাৰ নাম চৰ্চাত আছে যদিও এতিয়ালৈ নিশ্চিত হোৱা নাই ।

জানিব পৰা মতে, আপৰ জ্যেষ্ঠ নেতা তথা দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই সোমবাৰে কেজৰিৱালক সাক্ষাৎ কৰিব আৰু তেওঁলোকে কাক এই পদৰ বাবে বাছনি কৰিব সেই বিষয়ে আলোচনা কৰিব ।

  • কেজৰিৱাল-চিছোদিয়াৰ বৈঠক

তেওঁলোকৰ বৈঠকখন চিভিল লাইনচ এলেকাত থকা অৰবিন্দ কেজৰিৱালৰ চৰকাৰী বাসভৱনত অনুষ্ঠিত হ'ব । সোমবাৰে দলৰ এগৰাকী কৰ্মীয়ে কয়, "কেজৰিৱাল আৰু চিছোদিয়া আজি বৈঠকত মিলিত হ'ব । পদত্যাগৰ সিদ্ধান্তৰ পিচত তেওঁলোকৰ এইখন প্ৰথম বৈঠক হ'ব । বৈঠকখনত পৰৱৰ্তী মুখ্যমন্ত্ৰীক লৈও আলোচনা হোৱাৰ সম্ভাৱনা আছে ।"

  • কেজৰিৱালৰ পদত্যাগৰ ঘোষণা

উল্লেখ্য যে জামিন লাভ কৰাৰ পিচত দেওবাৰে কেজৰিৱালে দলীয় কৰ্মীসকলক সম্বোধন কৰে । য'ত তেওঁ পদত্যাগৰ কথা ঘোষণা কৰে । তেওঁ কৈছিল যে কিছুদিনৰ ভিতৰতে আপৰ বিধায়কসকলৰ সৈতে এখন বৈঠকত মিলিত হ'ব আৰু তেওঁৰ দলৰে এজন সহকৰ্মীয়ে মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিব ।

তেওঁৰ অপ্ৰত্যাশিত ঘোষণাৰ লগে লগে পত্নী সুনীতা আৰু মন্ত্ৰী আতিশী আৰু গোপাল ৰায়ৰ নামৰ ওপৰত ব্যাপক চৰ্চা আৰম্ভ হয় । আনহাতে ৰাইজে সততাৰ প্ৰমাণ নিদিয়ালৈ তেওঁ মুখ্যমন্ত্ৰীৰ আসনত নবহে বুলি ঘোষণা কৰিছিল । আপৰ ৰাষ্ট্ৰীয় আহ্বায়কগৰাকীয়ে কৈছিল যে যেতিয়া মানুহে তেওঁলোকক সৎ বুলি ক'ব তেতিয়াহে তেওঁ মুখ্যমন্ত্ৰী হ'ব আৰু মনীষ চিছোদিয়া উপ-মুখ্যমন্ত্ৰী হ'ব ।

ইফালে দিল্লীৰ নিৰ্বাচন ২০২৫ চনৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব । কিন্তু তেওঁ এই নিৰ্বাচন মহাৰাষ্ট্ৰৰ সৈতে ২০২৪ চনৰ নৱেম্বৰ মাহতে অনুষ্ঠিত কৰাৰো দাবী জনাইছিল ।

লগতে পঢ়ক :পৰম্পৰা ভংগ কৰি কেজৰিৱালে পত্নীৰ পৰিৱৰ্তে আনক দিব নেকি মুখ্যমন্ত্ৰীৰ দায়িত্ব ? - Kejriwal to resign

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.