ETV Bharat / bharat

বাবা ছিদ্দিকীৰ হত্যাকাণ্ডত নাম সাঙোৰ খোৱা গেংষ্টাৰ লৰেন্স বিষ্ণৈ কোন ?

Lawrence Bishnoi : দেশৰ অপৰাধক্ষেত্ৰৰ এটা পৰিচিত নাম হৈছে লৰেন্স বিষ্ণৈ । কেনেদৰে গেংষ্টাৰ হ'ল বিষ্ণৈ ? গেঙৰ আন সদস্য কেনেদৰে সক্ৰিয় হৈ আছে ?

author img

By ETV Bharat Assamese Team

Published : Oct 14, 2024, 11:43 AM IST

Lawrence Bishnoi
কোন এইজন লৰেন্স বিষ্ণৈ গেংষ্টাৰ (ETV Bharat)

বিশেষ প্ৰতিবেদন, ১৪ অক্টোবৰ : লৰেন্স বিষ্ণৈ, এই নামটো হয়টো বহুতে শুনিছে । এটা সময় আছিল যেতিয়া অপৰাধৰ কথা আহিলেই মুম্বাইৰ আণ্ডাৰৱৰ্ল্ড আৰু ডাউদ ইব্ৰাহিমৰ নাম সকলোৱে লৈছিল । কিন্তু এতিয়া সময় সলনি হৈছে । ডাউদ ইব্ৰাহিমে ভাৰতৰ পৰা পলায়ন কৰিছে আৰু সম্ভৱতঃ পাকিস্তানত আত্মগোপন কৰি আছে । একেদৰে মুম্বাই আৰক্ষীয়ে আণ্ডাৰৱৰ্ল্ড গেঙৰ বিৰুদ্ধেও কঠোৰ পদক্ষেপ লৈছে । অৱশ্যে বৰ্তমান অপৰাধৰ কথা অহাৰ লগে লগে শিৰোনামলৈ অহা নামটোৱেই হৈছে কুখ্যাত গেংষ্টাৰ লৰেন্স বিষ্ণৈ ।

লৰেন্স বিষ্ণৈ কোন ?

লৰেন্স বিষ্ণৈৰ জন্ম ১৯৯৩ চনৰ ১২ ফেব্ৰুৱাৰীত পঞ্জাৱৰ ফাজিলকাত হৈছিল । তেওঁৰ পিতৃ এজন আৰক্ষী কনিষ্টবল আছিল । লৰেন্সৰ পিতৃয়ে তেওঁক এজন আইএএছ বিষয়া হোৱাটো বিচাৰিছিল । কিন্তু লৰেন্সৰ মগজুত আন কিবা হে চলি আছিল । দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিচত লৰেন্স বিষ্ণৈ চণ্ডীগড়লৈ যায় আৰু ডিএভি মহাবিদ্যালয়ত নামভৰ্তি কৰে । তাৰ পাচত তেওঁ ছাত্ৰ ৰাজনীতিত সক্ৰিয় হৈ পৰে আৰু পাচলৈ গেংষ্টাৰ গোল্ডি ব্ৰাৰৰ সৈতে তেওঁৰ বন্ধুত্ব হয় ।

লৰেন্সে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল কিন্তু পৰাজিত হৈছিল । কিন্তু তেওঁ এই পৰাজয় সহজভাৱে ল'ব নোৱাৰিলে আৰু পৰাজয়ৰ প্ৰতিশোধ ল'বলৈ ৰিভলভাৰ হাতত তুলি ল'লে । প্ৰথমে তৰ্কাতৰ্কি আৰু হতাহতি হয় । তাৰ পাচত লৰেন্সে গুলীচালনা কৰে । ইয়াৰ লগে লগে অপৰাধজগতত লৰেন্সৰ আগমন হয় আৰু তেওঁৰ বিৰুদ্ধে অপৰাধৰ প্ৰথমটো গোচৰ ৰুজু হয় । অৱশ্যে একাংশ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি নিৰ্বাচনত পৰাজিত হোৱাৰ পাচত তেওঁৰ প্ৰেমিকা এক দলীয় কাজিয়াত নিহত হৈছিল । যাৰ বাবে তেওঁ গুলীচালনা কৰিছিল ।

কালা জাথেড়ীৰ সৈতে বন্ধুত্ব :

আৰক্ষীৰ তথ্য অনুসৰি লৰেন্স বিষ্ণৈৰ আচল নাম হৈছে সতৱিন্দৰ সিং । অপৰাধজগত সোমাইয়ে লৰেন্সে গেংষ্টাৰৰ দল জগ্গু ভগৱানপুৰীয়াত যোগদান কৰে । তাৰ পাচত সম্পট নেহৰাৰ সৈতে তেওঁৰ বন্ধুত্ব হয় । পৰৱৰ্তী সময়ত লৰেন্সে গোল্ডি আৰু সম্পটৰ সৈতে হাৰিয়ানা আৰু পঞ্জাবত অপৰাধ সংঘটিত কৰিবলৈ আৰম্ভ কৰে । ইয়াৰ পাচত তেওঁ হাৰিয়ানাৰ গেংষ্টাৰ কালা জাথেড়ীৰ সৈতেও বন্ধুত্ব স্থাপন কৰে । ৰাজস্থানত আনন্দপাল আৰু পাচত তেওঁৰ শিষ্য অনুৰাধাও তেওঁৰ সৈতে সংযুক্ত হয় ।

ইয়াৰ লগে লগে সুৰা, ড্ৰাগছৰ সৰবৰাহ আৰু ধনদাবীৰ খেল আৰম্ভ হয় । অপৰাধ ক্ষেত্ৰত তেওঁ ইমানে জড়িত হৈ পৰিল যে ব্যৱসায়ীসকলে লৰেন্সৰ নাম শুনিলেই ভয়ত কঁপিবলৈ আৰম্ভ কৰিছিল । অৱশ্যে, অপৰাধীসকলে বেছি সময় কাৰাগাৰৰ বাহিৰত থাকিব নোৱাৰে আৰু লৰেন্সৰ সৈতেও একেধৰণৰ ঘটনা ঘটিছিল ।

২০১৪ চনত তেওঁক ৰাজস্থানৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল আৰু ভৰতপুৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল । কিন্তু যেতিয়া তেওঁক মোহালিলৈ লৈ যোৱা হৈছিল, তেতিয়া তেওঁ আৰক্ষীৰ জিম্মাৰ পৰা নেপাললৈ পলায়ন কৰে । কেইবামাহ ধৰি নেপালত থকাৰ পাচত আৰক্ষীয়ে তেওঁক ২০১৬ চনত পুনৰ গ্ৰেপ্তাৰ কৰে । তেতিয়াৰ পৰাই তেওঁ আজিলৈকে কাৰাগাৰত বন্দী হৈ আছে ।

২৪ তকৈও অধিক অপৰাধমূলক গোচৰ পঞ্জীয়ন :

লৰেন্স বিষ্ণৈৰ বিৰুদ্ধে চলি থকা গোচৰৰ বিষয়ে ক'বলৈ গ'লে, তেওঁৰ বিৰুদ্ধে হত্যা আৰু ধনদাবীকে ধৰি ২৪ তকৈও অধিক অপৰাধমূলক গোচৰ ৰুজু হৈ আছে । লৰেন্স বিষ্ণৈৰ বিৰুদ্ধে ইডি আৰু এনআইএৰ তদন্তও চলি আছে । ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে তেওঁ আদালতৰ কাৰ্যকলাপত হাজিৰ হয় । অৱশ্যে, কাৰাগাৰত বন্দী হৈ থকা স্বত্বেও লৰেন্স বিষ্ণৈৰ গেঙটো বাহিৰতে সম্পূৰ্ণ সক্ৰিয় হৈ আছে । লৰেন্স গেঙটোত হাৰিয়ানা, পঞ্জাব, ৰাজস্থান, দিল্লী আৰু হিমাচলৰ পৰা কাম কৰা পেছাদাৰী শ্বুটাৰ আছে । অনুমান কৰা হৈছে যে লৰেন্সৰ দলটোত ৬০০ৰো অধিক শ্বুটাৰ আছে । কোৱা হয় যে লৰেন্স বিষ্ণৈয়ে পোনপটীয়াকৈ অৰ্ডাৰ নিদিয়ে, গোল্ডি ব্ৰাৰে অনমোল বিষ্ণৈৰ জৰিয়তে শ্বুটাৰসকলক তেওঁৰ বাৰ্তা প্ৰেৰণ কৰে । লৰেন্সৰ পাচত দলটোত তেওঁৰ নিকটতম বন্ধু হৈছে গোল্ডি ব্ৰাৰ ।

সিদ্ধু মুছেৱালাক হত্যা :

লৰেন্স বিষ্ণৈৰ অপৰাধ দস্তাবেজ খুলিলে দেখা যাব যে ২০২২ চনৰ ২৯ মে'ত বিখ্যাত পাঞ্জাবী গায়ক সিদ্ধু মুছেৱালাৰ গুলীচালনাত লৰেন্স বিষ্ণৈৰ গেঙৰ নাম ওলাইছিল । লৰেন্সৰ বন্ধু গোল্ডি ব্ৰাৰে মুছেৱালাৰ হত্যাৰ দায়িত্ব স্বীকাৰ কৰিছিল ।

সুখদেৱ সিং গোগামেড়ীৰ হত্যা :

২০২৩ চনৰ ৫ ডিচেম্বৰত ৰাজপুত কৰ্ণী সেনাৰ অধ্যক্ষ সুখদেৱ সিং গোগামেড়ীক তেওঁৰ ঘৰতে গুলীয়াই হত্যা কৰা হয় । ঘটনাৰ চিচিটিভি ফুটেজে সমগ্ৰ দেশকে জোকাৰি গৈছিল । ইয়াৰ পাচত, লৰেন্স গেঙৰ ৰোহিত গোদাৰাই সামাজিক মাধ্যমত পোষ্ট কৰি আক্ৰমণৰ দায়িত্ব লয় ।

ছলমান খানৰ ঘৰত গুলীচালনা :

২০২৪ চনৰ ১৪ এপ্ৰিলৰ পুৱা বাইকত অহা দুৰ্বৃত্তই বলীউডৰ তাৰকা ছলমান খানৰ মুম্বাইস্থিত গেলাক্সি এপাৰ্টমেণ্টত গুলীচালনা কৰে । ছলমান খানৰ ঘৰৰ দেৱাল কেইবাটাও গুলীয়ে আঘাত কৰিছিল । পাচত, লৰেন্সৰ ভাতৃ অনমোল বিষ্ণৈয়ে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰি সামাজিক মাধ্যমত পোষ্ট কৰে । কোৱা হয় যে ১৯৯৮ চনত যোধপুৰত 'হাম চাথ চাথ হ্যে' চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণৰ সময়ত কৃষ্ণ মৃগ চিকাৰৰ ক্ষেত্ৰত ছলমান খানৰ নাম সাঙোৰ খোৱাৰ পাচৰে পৰা লৰেন্স বিষ্ণৈ আৰু ছলমান খানৰ সংঘাত আৰম্ভ হয় । প্ৰকৃততে, বিষ্ণৈ সমাজে কৃষ্ণ মৃগৰ উপাসনা কৰে আৰু লৰেন্স বিষ্ণৈয়ে ঘোষণা কৰিছিল যে তেওঁ ছলমান খানৰ বিৰুদ্ধে প্ৰতিশোধ ল'ব ।

বাবা ছিদ্দিকীৰ হত্যাকাণ্ড :

যোৱা ১২ অক্টোবৰৰ নিশা মহাৰাষ্ট্ৰৰ মুম্বাইত এনচিপি নেতা বাবা ছিদ্দিকীক গুলীয়াই হত্যা কৰা হয় । ইফালে, হত্যাকাণ্ডটোৰ দায়িত্ব স্বীকাৰ কৰে লৰেন্স বিষ্ণৈৰ গেঙৰ এজন সদস্যই । সদস্যজনে এটা ফেচবুক পোষ্টত কয় যে বলীউডৰ অভিনেতা ছলমান খান আৰু আণ্ডাৰৱৰ্ল্ডৰ গেংষ্টাৰ অনুজ থাপন আৰু ডাউদ ইব্ৰাহিমৰ সৈতে ছিদ্দিকীৰ সম্পৰ্কৰ বাবেই তেওঁক হত্যা কৰে হৈছে । পোষ্টটোত ছলমান খান আৰু ডাউদৰ কথা উল্লেখ কৰি লিখা হৈছিল, "আমাৰ কাৰো সৈতে কোনো শত্ৰুতা নাই, কিন্তু যিয়ে ছলমান খান আৰু ডাউদ গেঙক সহায় কৰিব, আপুনি তাৰ হিচাপ ৰাখিব । যদি কোনোবাই আমাৰ কোনো ভাতৃক হত্যা কৰে, তেন্তে আমি নিশ্চিতভাৱে প্ৰত্যুত্তৰ দিম ।"

লগতে পঢ়ক :বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ লৰেন্স বিষ্ণৈ গেঙৰ: আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ এটা অভিযুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.