ETV Bharat / bharat

বজ্ৰপাতৰ সময়ত নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ কি কৰিব-কি নকৰিব - NDMA

author img

By ETV Bharat Assamese Team

Published : Jul 1, 2024, 9:54 PM IST

Updated : Jul 1, 2024, 10:28 PM IST

Lightning Safety Tips : বৰষুণৰ বতৰত সচৰাচৰ বজ্ৰপাত হয় । প্ৰতিবছৰে বহু লোকৰ মৃত্যু হয় এই বজ্ৰপাতৰ ফলত । জীৱন আৰু সম্পত্তিৰ যথেষ্ট ক্ষতি হয় । কিন্তু আপুনি জানেনে বজ্ৰপাতৰ সময়ত কি সাৱধানতা অৱলম্বন কৰা উচিত ? জানিবলৈ পঢ়ক আমাৰ এই বিশেষ প্ৰতিবেদন ।

Lightning Safety Tips
বজ্ৰপাতৰ সময়ত কি কৰিব কি নকৰিব (ETV Bharat)

বিশেষ প্ৰতিবেদন, ১ জুলাই : সমগ্ৰ দেশতে এতিয়া বাৰিষাৰ বৰষুণ চলি আছে । এই বৰষুণৰ দিনবোৰত বজ্ৰপাত হোৱাৰ আশংকা থাকে । আনহাতে, বজ্ৰপাতৰ ফলত জীৱন আৰু সম্পত্তিও বিপদত পৰে । বৰষুণৰ সময়ত বজ্ৰপাতৰ ফলত হোৱা মৃত্যুৰ খবৰে শিৰোনাম দখল কৰে । এইটো এনে এক বিপদ, যি সদায় আমাৰ মূৰৰ ওপৰত ঘূৰি থাকে । কিন্তু ইয়াৰ পিচতো আমাৰ মাজত ইয়াৰ প্ৰতিৰোধৰ বিষয়ে জ্ঞান খুব কমেই থাকে । ঘৰৰ ভিতৰত হওক বা বাহিৰত, বৰষুণত বজ্ৰপাত সদায় বিপজ্জনক । বজ্ৰপাতৰ সময়ত কি কৰিব লাগে আৰু কি কৰিব নালাগে, তেনে সময়ত নিজকে কেনেদৰে সুৰক্ষিত কৰিব লাগে আৰু কি সাৱধানতা অৱলম্বন কৰিব লাগে এই সকলোৰে উত্তৰ ইয়াত দিবলৈ প্ৰয়াস কৰা হৈছে ।

প্ৰথম প্ৰশ্নটো আমাৰ মনলৈ আহে যে ঘৰৰ ভিতৰত বজ্ৰপাত হোৱাৰ আশংকা থাকিব পাৰে নেকি । আপুনি জানি আচৰিত হ'ব যে ঘৰৰ ভিতৰত ক্ষতি হোৱাৰ আশংকাও ঘৰৰ বাহিৰত থকাৰ দৰে একে । ঘৰৰ ভিতৰত সদায় জীৱন আৰু সম্পত্তি হেৰুওৱাৰ ভয় থাকে । বজ্ৰপাত হ'লে ঘৰৰ ভিতৰত কি সাৱধানতা অৱলম্বন কৰিব লাগে চাওঁ আহক । এই সাৱধানতাবোৰ ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ দ্বাৰাও জাৰি কৰা হৈছে ।

ঘৰৰ ভিতৰত কি কৰিব লাগে ?

  • ধুমুহাৰ পূৰ্বে ইলেক্ট্ৰ'নিক্স ডিভাইচৰ প্লাগবোৰ খুলি দিয়ক । তাঁৰযুক্ত টেলিফোন ব্যৱহাৰ নকৰিব ।
  • খিৰিকী আৰু দুৱাৰৰ পৰা আঁতৰত থাকিব আৰু বাৰাণ্ডাত থিয় নহ'ব বা খোজকাঢ়ি নাথাকিব । যদি আপোনাৰ ঘৰৰ খিৰিকী বা দুৱাৰ খোলা আছে, সেইবোৰ বন্ধ কৰক ।
  • প্লাম্বিং আৰু লোৰ পাইপ স্পৰ্শ নকৰিব । টেপৰ পৰা পানী ব্যৱহাৰ নকৰিব, কিয়নো পানী হৈছে বিদ্যুতৰ এক ভাল পৰিবাহী ।
  • যদি আপুনি এটা ওখ অট্টালিকাত আছে, তেন্তে লিফ্ট ব্যৱহাৰ নকৰিব । ইয়াৰ পৰিৱৰ্তে চিৰি ব্যৱহাৰ কৰক ।
  • বজ্ৰপাত হ'লে ঘৰৰ ভিতৰতে থাকিব । যদি কিবা অতি গুৰুত্বপূৰ্ণ কাম থাকে, তেতিয়াহে ঘৰৰ পৰা ওলাই যাওক । আনকি বৰষুণ বন্ধ হোৱাৰ পাচতো বজ্ৰপাত হোৱাৰ আশংকা থাকে । বজ্ৰপাতৰ শব্দৰ পিছত কমেও 30 মিনিটৰ বাবে সুৰক্ষিত স্থানত থাকিব ।

যদি আপুনি ঘৰৰ বাহিৰত থাকে তেন্তে কি কৰিব ?

  • যদি আপুনি ঘৰৰ বাহিৰত আছে, প্ৰথমে এটা শক্তিশালী ঘৰত আশ্ৰয় ল'ব । টিন, ধাতুৰ চাল থকা ঘৰৰ পৰা আঁতৰত থাকিব ।
  • যদি আপুনি ঘৰৰ বাহিৰত সুৰক্ষিত ঠাই বিচাৰি নাপায় বা আপোনাৰ মূৰটো লুকুৱাবলৈ চালি বিচাৰি নাপায় আৰু আপুনি মুকলি আকাশৰ তলত আছে, এনে পৰিস্থিতিত প্ৰথমে তললৈ হাউলি যাওক আৰু ভৰি আৰু আঁঠু সংযুক্ত কৰি বহক । মাটিত শুই নাথাকিব বা আপোনাৰ হাত মাটিত নাৰাখিব ।
  • বজ্ৰপাতৰ সময়ত গছৰ তলত থিয় নহ'ব, কিয়নো বজ্ৰপাতৰ আশংকা সৰ্বাধিক গছ, ঘৰ, খুঁটাত থাকে ।
  • যদি আপুনি বাছ, গাড়ী বা আবদ্ধ বাহনত বহি আছে, তেনেহ'লে তাত থকাটো সুৰক্ষিত ।
  • ঘৰৰ বাহিৰত ধাতুৰ সামগ্ৰী ব্যৱহাৰ নকৰিব । বিদ্যুত, টেলিফোনৰ খুঁটাৰ পৰা আঁতৰি থাকিব ।
  • পানীৰ পৰা আঁতৰি থাকিব । পানীত বজ্ৰপাত হোৱাৰ আশংকা সৰ্বাধিক । পুখুৰী, হ্ৰদ আৰু সৰু নাৱৰ পৰা লগে লগে ওলাই যাওক ।

যদি আপুনি এখন মুকলি পথাৰত থাকে তেন্তে কি কৰিব ?

বেয়া বতৰৰ পৰিস্থিতিত যেতিয়া আপুনি এখন মুকলি পথাৰত বা এনে ঠাইত থাকে, য'ত বহু সময়ত আপোনাৰ মূৰটো লুকুৱাবলৈ দূৰ দূৰণিলৈ কোনো ঘৰ নাথাকে, এনে পৰিস্থিতিত প্ৰথমে গছ, বিদ্যুত, টেলিফোনৰ খুঁটা বা পানীৰ পৰা আঁতৰি যাওক । তাৰ পিচত আপোনাৰ ভৰি একেলগ কৰি মাটিত বহিব । আপোনাৰ মূৰটো তললৈ কৰি আপোনাৰ বুকুত লগাই ৰাখক । দুয়োখন হাত আঁঠুৰ ওপৰত ৰাখি কাণ বন্ধ কৰক । বহি থাকোঁতে গোৰোহাবোৰ লগ লাগি থাকিব লাগে । বেয়া বতৰ আৰু বজ্ৰপাতৰ আশংকা দেখিলে এইটো হৈছে বহাৰ সৰ্বশ্ৰেষ্ঠ উপায় ।

বিশেষজ্ঞৰ মতামত

বিভিন্ন দুৰ্যোগত ৰাষ্ট্ৰসংঘৰ সৈতে কাম কৰা মীনাক্ষি ৰঘুবংশীৰ মতে, যেতিয়া বজ্ৰপাত হয় তেতিয়া গছৰ তলত থকাটো আটাইতকৈ ডাঙৰ বিপদৰ কথা । পাহাৰীয়া অঞ্চলত পাইন গছৰ ওচৰত বাস কৰাটো মাৰাত্মক হ'ব পাৰে । সমভূমিত বৈদ্যুতিক তাঁৰ, খুঁটা, কাঁচৰ অট্টালিকা, কেঁচাঘৰ আদিৰ ওচৰত আশ্ৰয় নল'ব । নিজকে সুৰক্ষা প্ৰদানৰ সৰ্বশ্ৰেষ্ঠ উপায় হৈছে শুকান মাটিত বহি থকা । এনে বতৰত ঘৰৰ পৰা ওলাই নাযাব । কাঁচৰ খিৰিকীৰ ওচৰত নাথাকিব । সাৱধানতা হিচাপে বিদ্যৎ সংযোগ কৰ্তন কৰিব পাৰি । ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ৱেবছাইট ndma.gov.in-ত বজ্ৰপাতৰ সময়ত ল'বলগা সাৱধানতাৰ বিষয়ে বিতংভাৱে তথ্য দিয়া হৈছে ।

বজ্ৰপাতৰ দ্বাৰা প্ৰভাৱিতক চিকিৎসা কেনেদৰে কৰিব লাগে

বৈদ্যুতিক শ্বক পোৱা ব্যক্তিজনক শুৱাই ৰাখিব । প্ৰয়োজন হ'লে চি পি আৰ দিয়ক । বজ্ৰপাতৰ ফলত আঘাতপ্ৰাপ্ত হোৱা কোনো এজন ব্যক্তিক লগে লগে চিকিৎসালয়লৈ লৈ যাওক । ইয়াৰ লগতে তেওঁক ঘটনাস্থলীত প্ৰাথমিক চিকিৎসাও দিব পাৰি ।

লগতে পঢ়ক :ৰীল বনাই থাকোতেই ভয়ংকৰ ঘটনা : কথমপি প্ৰাণৰক্ষা ছানিয়াৰ - Lightning Strike
লগতে পঢ়ক :বজ্ৰপাতে প্ৰাণ ল’লে দুই ভাতৃৰ : দাউ-দাউকৈ জ্বলিল নাৰিকল গছ - Lightning Strike In Nagaon

Last Updated : Jul 1, 2024, 10:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.