ETV Bharat / bharat

বিধ্বংসী ধুমুহাত চাৰিজনৰ মৃত্যু, শতাধিক আহত, চিকিৎসাধীন বহুলোক - Severe storms in Jalpaiguri - SEVERE STORMS IN JALPAIGURI

SEVERE THUNDERSTORM IN JALPAIGURI : দেওবাৰে বিয়লি পশ্চিম বংগৰ জলপাইগুৰি জিলাত শিলাবৃষ্টিৰ সৈতে হোৱা এক ভয়াৱহ ধুমুহাই তাণ্ডৱ চলায়। ধাৰাসাৰ বৰষুণ আৰু ধুমুহাত উভালি পৰা গছে প্ৰাণ লয় চাৰিজনৰ। আন শ শ লোক আহত হৈছে ধুমুহাত। জলপাইগুৰি সদৰ আৰু মাইনাগুৰিত ব্যাপক ক্ষতিসাধন হোৱা বুলি সূত্ৰই জানিবলৈ দিয়ে।

SEVERE THUNDERSTORM IN JALPAIGURI
বিধ্বংসী ধুমুহাত চাৰিজনৰ মৃত্যু
author img

By ETV Bharat Assamese Team

Published : Mar 31, 2024, 10:59 PM IST

নিউজ ডেস্ক, 31 মাৰ্চ : পশ্চিম বংগৰ জলপাইগুৰিত ধুমুহা আৰু শিলাবৃষ্টিৰ তাণ্ডৱ ৷ প্ৰচণ্ড ধুমুহাত গছ বাগৰি পৰাত কমেও 4 জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ ধুমুহাই প্ৰাণ ল’লে তিনিজন পুৰুষ আৰু এগৰাকী মহিলাৰ ৷ আনফালে আহতৰ সংখ্যা কেইবাশ লৈ বৃদ্ধি পাইছে ৷ জলপাইগুৰি চিকিৎসা মহাবিদ্যালয়ত আহত প্ৰায় 65 জন লোকক ভৰ্তি কৰোৱা হৈছে ৷

যিসকলে মূৰ বা অন্যান্য অংগত গুৰুতৰভাৱে আঘাত পাইছে, তেওঁলোকক প্ৰাথমিক চিকিৎসাৰ অন্তত শিলিগুৰি চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি জলপাইগুৰি চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ ৰোগী কল্যাণ সংস্থাৰ অধ্যক্ষ ডাঃ প্ৰদীপ কুমাৰ বৰ্মাই জানিবলৈ দিয়ে ৷

দেওবাৰে দুপৰীয়াৰ পিচত হঠাতে আৰম্ভ হোৱা ধুমুহা পৰৱৰ্তী সময়ত তীব্ৰতৰ হৈ পৰে ৷ ধুমুহাত গছ-গছনি আৰু বিদ্যুতৰ খুঁটা উভালি পৰাৰ লগতে সমগ্ৰ জিলাখনৰ বিদ্যুৎ যোগান বিচ্ছিন্ন হৈ পৰে ৷

ধুমুহাৰ লগে লগে প্ৰৱল শিলাবৃষ্টিও হয় জিলাখনত ৷ ইয়াৰ ফলত চাৰিজন লোকৰ মৃত্যু হয় ৷ নিহত এজনৰ নাম দ্বীজেন্দ্ৰ নাৰায়ণ চৰকাৰ বুলি জানিব পৰা গৈছে ৷ 52 বছৰীয়া ব্যক্তিজনৰ ঘৰ জছালপাইগুৰিৰ সেন পাৰাৰ কলিতলা ৰোডত ৷ জলপাইগুৰি জিলা বিদ্যালয়ৰ পিচফালে থকা সুকান্তনগৰত তেওঁৰ ওপৰত এজোপা গছ বাগৰি পৰে ৷ এই তথ্য লাভ কৰাৰ পিচতে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হয় ৷ গছৰ ডাল কাটি তেওঁক উলিয়াই আনি জলপাইগুৰি ছুপাৰ স্পেচিয়েলিটি হস্পিতাললৈ লৈ যোৱা হয় ৷ তাতে চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে ৷

জলপাইগুৰিৰ গোশালামোৰ অঞ্চলত অনিমা ৰায় (49) নামৰ এগৰাকীৰ গছ বাগৰি পৰি মৃত্যু হয় ৷ নিহত আন দুজন হৈছে যোগেন ৰায় (70) আৰু সমৰ ৰায় (64) ৷ আটাইকেইজনকে চিকিৎসালয়ত মৃত ঘোষণা কৰে চিকিৎসকে ৷ আনহাতে আহত এটি শিশুৰ অৱস্থা সংকটজনক ৷ প্ৰাথমিক চিকিৎসাৰ অন্তত শিশুটিক শিলিগুৰি চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰ কৰা হয় ৷

এই ঘটনাত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এক্স হেণ্ডেলত এটা পোষ্ট কৰি নিহত সকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰি আহতসকলৰ কাষত থিয় দিয়াৰ আশ্বাস দিয়ে ৷ তেখেতে লিখিছে, "আজি বিয়লি জলপাইগুৰি-মৈনাগুৰি অঞ্চলত হঠাৎ হোৱা ধুমুহা আৰু প্ৰচণ্ড বৰষুণৰ ফলত দুৰ্যোগৰ সৃষ্টি হৈছে ৷ যাৰ ফলত মানুহে প্ৰাণ হেৰুৱাইছে ৷ বহতো আহত হৈছে, ঘৰৰ ক্ষতি হৈছে, গছ-গছনি বাগৰি পৰিছে আৰু বিদ্যুতৰ খুঁটা উভালি পৰিছে ৷ জিলা আৰু ব্লক প্ৰশাসন, আৰক্ষী, ডি এ জি আৰু কুইক ৰেচপন্স টিমে এই দুৰ্যোগৰ সৈতে মোকাবিলা আৰু সকাহ প্ৰদানৰ কাম কৰি আছে ৷ মই ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে আছো আৰু মই নিশ্চিত যে জিলা প্ৰশাসনে নিৰন্তৰ উদ্ধাৰ আৰু সাহাৰ্যৰ বাবে সকলো সম্ভৱপৰ ব্যৱস্থা কৰিছে ৷"

এই কালবৈশাখীত জলপাইগুৰি সদৰ আৰু মাইনাগুৰি ব্লকত ব্যাপক ক্ষতি হোৱাৰ খবৰ পোৱা গৈছে ৷ বহুতো ঘৰৰ ক্ষতিসাধন হোৱাৰ লগতে ধুমুহাৰ ফলত পানীৰ টেংকিৰো ক্ষতিসাধন হয় ৷ জলপাইগুৰি পৌৰসভাৰ 2 নং ৱাৰ্ডৰ উত্তৰাকাট চুবুৰী আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে ৷ কেইবাটাও স্থানত গছৰ ডাল ভঙাৰ বাবে পথটো বন্ধ হৈ পৰিছে ৷ আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী আৰু পৌৰসভাৰ দুৰ্যোগ সঁহাৰি দলে পৰিস্থিতি স্বাভাৱিক কৰাৰ বাবে কাম কৰি আছে ৷

জলপাইগুৰি জিলা প্ৰশাসনে ধুমুহাত ক্ষতিগ্ৰস্তসকলক সহায় কৰাৰ আশ্বাস দিছে ৷ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী নিৰ্মল চন্দ্ৰ দাসে বিয়লি জলপাইগুৰি ছুপাৰ স্পেচিয়েলিটি হাস্পতাললৈ আহি আহতসকলৰ স্বাস্থ্যৰ বুজ লয় ৷

লগতে পঢ়ক : জলদস্যুৰ কবলৰ পৰা অপহৃত ইৰাণী জাহাজ উদ্ধাৰ ভাৰতীয় নৌসেনাৰ - Hijacked Iranian Fishing Vessel

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.