ETV Bharat / bharat

অস্থিৰ ৰাজ্য, অচল স্বাস্থ্য সেৱা: বৃহস্পতিবাৰে ৰাজ্যৰ পৰিস্থিতিৰ পৰ্যালোচনা কৰিব মুখ্যমন্ত্ৰীয়ে - Unrest West Bengal

author img

By ANI

Published : Sep 11, 2024, 12:38 PM IST

West Bengal CM Mamata Banerjee: চিকিৎসকৰ প্ৰতিবাদত অচল হৈ আছে পশ্চিমবংগৰ স্বাস্থ্যসেৱা ৷ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনাক লৈ ৰাজ্যখন যোৱা এমাহে উত্তাল হৈ আছে ৷ বৃহস্পতিবাৰে এই সন্দৰ্ভত এক পৰ্যালোচনা বৈঠকৰ আয়োজন কৰিছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে

West Bengal CM Mamata Banerjee
অস্থিৰ ৰাজ্য, অচল স্বাস্থ্য সেৱা (ANI)

নিউজ ডেস্ক, 11 ছেপ্টেম্বৰ: পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বৃহস্পতিবাৰে এখন বৈঠক অনুষ্ঠিত কৰি ৰাজ্যখনৰ স্বাস্থ্যসেৱাৰ কাম-কাজ আৰু সুৰক্ষা ব্যৱস্থাৰ উন্নীতকৰণ, নিৰাপত্তা বৃদ্ধি আৰু ৰোগীৰ সেৱাৰ উন্নত কৰাৰ বিষয়ে পৰ্যালোচনা কৰিব । এই বৈঠক দিনৰ প্ৰায় ১ বজাত ৰাজ্যিক সচিবালয় নবন্না সভাঘৰত অনুষ্ঠিত হ'ব ।

ৰাজ্যৰ সকলো চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধ্যক্ষ, সঞ্চালক আৰু চিকিৎসা অধীক্ষক তথা উপাধ্যক্ষ (এম এছ ভি পি)ক এই বৈঠকলৈ আমন্ত্ৰণ জনোৱা হৈছে । এই বৈঠকলৈ সকলো জিলাৰ সকলো আৰক্ষী আয়ুক্ত, জিলা দণ্ডাধীশ আৰু স্বাস্থ্য বিভাগৰ মুখ্য চিকিৎসা বিষয়া (CMOH)কো আমন্ত্ৰণ জনোৱা হৈছে ।

মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰকাশ কৰা পত্ৰখনত লিখা আছে, "এইটো আপোনালোকক জনোৱাৰ উদ্দেশ্যে যে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী ২০২৪ চনৰ ১২ ছেপ্টেম্বৰ তাৰিখে দিনৰ ১.০০ বজাত নবন্না সভাঘৰত ওপৰত উল্লেখ কৰা বিষয়টোৰ সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত কৰিব । আপোনালোকক সোঁশৰীৰে বা ভাৰ্চুৱেল মোডত সভাত উপস্থিত থাকিবলৈ অনুৰোধ জনোৱা হৈছে । ৯ আগষ্টত আৰ জি কৰ মেডিকেল কলেজ আৰু হাস্পতালৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ পিছত এই বৈঠকৰ দিন ধাৰ্য কৰা হৈছে ।’’

ইয়াৰ পূৰ্বে ১০ ছেপ্টেম্বৰত কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ মৃত প্ৰশিক্ষাৰ্থী চিকিৎসকৰ পিতৃয়ে কয় যে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কোনো কাম কৰা নাই আৰু গোচৰটোত তেওঁৰ ভূমিকাত পৰিয়ালটো সন্তুষ্ট নহয় । এই গোচৰত তেওঁৰ "অসন্তুষ্ট ভূমিকা"ৰ বাবে তেওঁলোকে চিবিআইৰ তদন্তৰ দাবী জনোৱা বুলিও কয় ।

এএনআইৰ সৈতে হোৱা কথা-বতৰাত ভুক্তভোগীৰ পিতৃয়ে কয়, "আমি গোচৰটোত মুখ্যমন্ত্ৰী (মমতা বেনাৰ্জী)ৰ ভূমিকাত সন্তুষ্ট নহয়; সেইবাবেই আমি চিবিআইৰ ওচৰলৈ গৈছিলো । তেওঁ কোনো কাম কৰা নাই । আৰক্ষীৰ এজন লোক আহিছিল আমাৰ ঘৰলৈ ৷ তেওঁ ক'লে যে সঞ্জয় ৰয়ক গ্ৰেপ্তাৰ কৰিছো, তেওঁক ফাষ্ট ট্ৰেক আদালতত হাজিৰ কৰা হ'ব আৰু মৃত্যুদণ্ড পাব ৷ কিন্তু মোৰ ছোৱালীজনীৰ লগত ঘটা কাণ্ডটো কেৱল এজন ব্যক্তিৰ কাম নাছিল ইয়াৰ সৈতে জড়িত বিভাগৰ ব্যক্তিসকলো জড়িত আছিল ।" (ANI)

লগতে পঢ়ক: অভয়াকাণ্ড: ভুক্তভোগী চিকিৎসকৰ ফটো সামাজিক-বৈদ্যুতিন মাধ্যমৰ পৰা আঁতৰোৱাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ - R G Kar Medical college rape case

আদালতৰ বাহিৰত সন্দীপ ঘোষক কোনে শোধালে চৰ ! - Sandip Ghosh Sent to Police Custody

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.