মেষ ৰাশি: প্ৰেমাস্পদক পৰিয়ালৰ সৈতে চিনাকি কৰাই দিয়ক । গাৰ্হস্থ্য জীৱন সুখী । পূৰ্বতে কৰা বিনিয়োগৰ পৰা লাভান্বিত হ’ব । দৈনিক আয় বৃদ্ধি হ’ব । সকলো কাম সময়মতে সম্পূৰ্ণ কৰিব । ব্যৱসায় কৰা লোকসকলৰ বাবে শুভ । ঘৰত পূজা-পাতলৰ আয়োজন কৰক । ভাতৃ-ভগ্নীৰ উচ্চ শিক্ষাৰ বাবে বন্ধু-বান্ধৱীৰ সৈতে আলোচনা কৰিব। সমাজৰ মংগলৰ হকে কাম কৰাসকলৰ মান-সন্মান বাঢ়িব । পাৰিবাৰিক দায়িত্ব লাভ কৰিব ৷ নতুন টিভি বা ফ্ৰীজ ক্ৰয় কৰিব পাৰে ।
বৃষ ৰাশি: প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে শুভ ৷ বৈবাহিক জীৱনত সুখ-শান্তিয়ে বিৰাজ কৰিব । পৰিয়ালৰ সদস্যসকলৰ পৰা সহায় পাব । পৰিয়ালৰ সৈতে ধৰ্মীয় ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিব । আৰ্থিক স্থিতি ভাল হ’ব। ঘৰৰ সাজ-সজ্জা আৰু মেৰামতিৰ বাবেও আপুনি ধন ব্যয় কৰিব। আপুনি নিজ সন্তানৰ সম্পূৰ্ণ সহযোগিতা লাভ কৰিব। স্বাস্থ্য ভালে থাকিব। এই সপ্তাহত নতুন কাম কৰাৰ পৰিকল্পনা কৰিব পাৰে। স্বাস্থ্যৰ উন্নতি হ’ব ৷ শিক্ষাৰ্থীসকলে সম্পূৰ্ণ মনোযোগেৰে পঢ়া-শুনা কৰা দেখা যাব। নতুন বাহনৰ সুখ লাভ কৰিব। মনৰ ইচ্ছা পূৰণৰ চেষ্টা কৰা দেখা যাব ।
মিথুন ৰাশি : আৰ্থিক স্থিতি সুদৃঢ় হ’ব । ব্যৱসায় আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সফল হ’ব। চাকৰিয়াল লোকসকলে উচ্চপদস্থ বিষয়াৰ পৰা সুখবৰ লাভ কৰিব। আপুনি নিজৰ জীৱন সংগীৰ সম্পূৰ্ণ সহযোগিতা পাব। প্ৰেমাস্পদক পৰিয়ালৰ সদস্যৰ লগত চিনাকি কৰাই দিব পাৰে । শিক্ষাৰ্থীসকলৰ পঢ়া-শুনাৰ প্ৰতি মনোযোগ কম হ’ব । স্বাস্থ্য ভালে থাকিব ।পূৰ্বতে কৰা বিনিয়োগৰ পৰা লাভান্বিত হ’ব । ঘৰলৈ নতুন অতিথি আহিব ৷ ঘৰৰ পৰা অনলাইন কাম কৰা লোকসকলেও ভাল লাভাৰ্জন কৰিব পাৰে । শিক্ষাৰ্থীসকলে ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব, তেওঁলোক জয়ী হ’ব। ক্ৰীড়াৰ ক্ষেত্ৰত জীৱিকা গঢ়ি তোলাৰ দিশতো আগবাঢ়িব পাৰে । নতুন সম্পত্তি কিনাৰ সম্ভাৱনা আছে ৷
কর্কট ৰাশি : কৰ্মক্ষেত্ৰত উত্থান-পতন হ’ব পাৰে । ব্যৱসায় সম্প্ৰসাৰণত সফল হ’ব। উচ্চ শিক্ষাৰ বাবে সময় শুভ । আপোনাৰ প্ৰিয় বিষয়টো পঢ়াৰ সুযোগ পাব। প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলে সাফল্য লাভ কৰিব। স্বাস্থ্যৰ উত্থান-পতন হ’ব পাৰে । গাৰ্হস্থ্য জীৱনত উত্থান-পতন হ’ব পাৰে । প্ৰেম সম্পৰ্কৰ বাবে সপ্তাহটো শুভ । আপোনাৰ আৰু আপোনাৰ প্ৰিয়জনৰ মাজৰ সম্পৰ্ক আৰু অধিক সুদৃঢ় হৈ উঠিব । দৈনিক আয় বৃদ্ধি হ’ব। পিতৃ-মাতৃৰ সহায়-সহযোগিতা লাভ কৰিব। ৰাজনীতিৰ ক্ষেত্ৰত সাফল্য লাভ কৰিব । নেতাক লগ পোৱাৰ সুযোগ আহিব। নতুন বাহন ৷ চিন্তা নকৰাকৈ ধন বিনিয়োগ কৰক ৷
সিংহ ৰাশি : গাৰ্হস্থ্য জীৱনত সুখপূৰ্ণ মুহূৰ্ত কটাব । পৰিয়ালৰ সদস্যসকলৰ পৰা সহায় লাভ কৰিব । পৰিয়ালৰ সৈতে ক’ৰবালৈ যোৱাৰ পৰিকল্পনা কৰক । প্ৰেমাস্পদক আপোনাৰ পৰিয়ালৰ সদস্যৰ লগত চিনাকি কৰাই দিয়ক। আপোনাৰ আৰ্থিক স্থিতি ঠিকেই থাকিব। অংশীদাৰী ব্যৱসায় কৰা সকলে ভাল লাভ অৰ্জন কৰিব। কৰ্মৰত লোকে চাকৰিৰ ক্ষেত্ৰত পদোন্নতিৰ সুযোগ পাব । উচ্চ শিক্ষাৰ বাবে সময় শুভ। স্বাস্থ্যৰ ক্ষেত্ৰত উত্থান-পতন হ’ব ৷ জীৱন সংগীৰ সৈতে পৰিয়ালৰ কল্যাণৰ হকে কাম কৰা দেখা যাব । পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলে আপোনাক কিছু ঘৰুৱা দায়িত্ব দিব ৷
কন্যা ৰাশি : বৰ বিশেষ আয় নহ’ব । ব্যয় অধিক হ’ব । জীৱন সংগীৰ সহযোগিতা লাভ কৰিব । প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত উত্থান-পতন থাকিব । ব্যৱসায়ত শুভ। চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি দেখিবলৈ পাব । সমাজৰ উন্নতিৰ হকে কাম কৰা লোকসকলে অধিক কাম কৰাৰ সুযোগ পাব । শিক্ষাৰ ক্ষেত্ৰত আপুনি সাফল্য লাভ কৰিব । ববন্ধু-বান্ধৱীৰ লগত সময় কটাওক । ঘৰত পূজা-পাতলৰ আয়োজন কৰা হ'ব । পৰিয়ালৰ সদস্যৰ সৈতে কোনো পাৰ্টীত অংশগ্ৰহণ কৰিব । দৈনন্দিন সময়সূচীত মৰ্নিং ৱাক আৰু যোগাসন অন্তৰ্ভুক্ত কৰক ৷
তুলা ৰাশি : দাম্পত্য জীৱনত সুখকৰ হ’ব । জীৱন সংগীৰ সৈতে ক’ৰবালৈ যোৱাৰ পৰিকল্পনা কৰক । প্ৰেমৰ ক্ষেত্ৰত শুভ ৷ উপহাৰো দিব পাৰে । আৰ্থিক স্থিতি দুৰ্বল হৈ থাকিব । আয় ঠিকেই থাকিব । ব্যয় যথেষ্ট বৃদ্ধি হ’ব পাৰে । শ্বেয়াৰ বজাৰত বিনিয়োগ কৰাৰ পূৰ্বে কাৰোবাৰ পৰামৰ্শ লওক । ব্যৱসায় সম্পৰ্কীয় ভ্ৰমণলৈ যোৱাৰ সম্ভাৱনাও আছে । ভ্ৰমণ লাভজনক হ’ব । ব্যৱসায় বৃদ্ধি হ’ব ৷ আৰ্থিক লাভ হ’ব । শিক্ষাৰ্থীসকলে সম্পূৰ্ণ মনোযোগ সহকাৰে পঢ়া-শুনা কৰক । প্ৰতিযোগিতাত সাফল্য লাভ কৰাৰ সম্ভাৱনা আছে। স্বাস্থ্য ভালে থাকিব । তথাপিও স্বাস্থ্যৰ বিশেষ যত্ন লওক।
বৃশ্চিক ৰাশি : গাৰ্হস্থ্য জীৱনত কিছু উদ্বেগ অনুভৱ কৰিব । প্ৰেমাস্পদক আপোনাৰ পৰিয়ালৰ সৈতে চিনাকি কৰাই দিব পাৰিব ৷ আপোনাৰ আয় ঠিকেই থাকিব, কিন্তু ব্যয় বৃদ্ধি হ’ব । চৰকাৰী খণ্ডৰ পৰাও লাভ অৰ্জন কৰিব । শিক্ষাৰ্থীসকলৰ পঢ়া-শুনাৰ প্ৰতি মনোযোগ কম হ’ব, স্বাস্থ্য ভালে থাকিব । ৰাজনীতিৰ ক্ষেত্ৰত সফলতা লাভ কৰিব ৷ সম্ভাৱনা আছে । পৰিয়ালৰ মংগলৰ হকে আপুনি কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব।
ধনু ৰাশি : পাৰিবাৰিক জীৱন সুখৰ হ’ব । লং ড্ৰাইভত যাব ৷ প্ৰেমত শুভ ৷ প্ৰেমাস্পদক পৰিয়ালৰ লগত চিনাকি কৰাই দিব পাৰে। আপোনাৰ আৰ্থিক স্থিতি ভাল হ’ব । কৰ্মক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে । সম্পত্তি ক্ৰয় কৰক ৷ আপোনাৰ আইনী কামৰ অন্ত পৰিব । পূৰ্বতে কৰা ধন বিনিয়োগৰ পৰা লাভান্বিত হ’ব ৷ পিতৃ-মাতৃৰ সৈতে কোনো ধৰ্মীয় স্থানলৈ যাব। কৰ্মসংস্থাপন পোৱাৰ যোগ আছে । অবিবাহিত লোকসকলে পছন্দৰ জীৱন সংগী পাব ৷ ইচ্ছা পূৰণ হ’ব। পঢ়া-শুনাত সম্পূৰ্ণ মনোনিৱেশ কৰক ৷ কিছু ঘটনাই আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিব ।
মকৰ ৰাশি: সপ্তাহটো মিশ্ৰিত হ’ব । প্ৰেমত বিবাদ হোৱাৰ সম্ভাৱনা আছে । গাৰ্হস্থ্য জীৱন সুখৰ । জীৱন সংগীৰ লগত কোনো পৰিকল্পনা কৰিব পাৰে , ই আয় বৃদ্ধি কৰিব ৷ ব্যৱসায়ত নতুন চুক্তি লাভ কৰিব । চাকৰিয়ালৰ বাবে শুভ । উচ্চপদস্থ বিষয়াৰ সহযোগিতা পাব । কিছু বিশেষ ব্যক্তিৰ সহায়ত ব্যৱসায় আগবঢ়াব পাৰে । তীক্ষ্ণ বুদ্ধিৰ দ্বাৰা জ্ঞান অৰ্জন কৰিব । পৰিয়ালৰ জ্যেষ্ঠ সদস্যৰ পৰা সহায় লাভ কৰিব। স্বাস্থ্য উন্নত। প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা লোকসকলে কোচিং চেণ্টাৰত যোগদান কৰিব ৷
কুম্ভ ৰাশি : পাৰিবাৰিক জীৱনত শুভ । ভগ্নীৰ বিবাহৰ ক্ষেত্ৰত আহি থকা বাধা-বিঘিনিৰ অন্ত পৰিব। শুভ কাৰ্য আয়োজন কৰক । ৰাজনীতিত সফলতা । আৰ্থিক স্থিতি ভাল হ’ব। নতুন বাহন ক্ৰয় কৰিব পাৰে । স্বাস্থ্যৰ ক্ষেত্ৰত উত্থান-পতন হ’ব পাৰে । চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতিৰ সম্ভাৱনা আছে। ব্যৱসায় সম্পৰ্কীয় ভ্ৰমণলৈ যাব পাৰে । এনে এগৰাকী বিশেষ ব্যক্তিক লগ পাব যি আপোনাৰ বাকী ধন লাভ কৰাত সহায় কৰিব । পৈতৃক সম্পত্তিৰ পৰা আৰ্থিক লাভ অৰ্জন কৰাৰ সম্ভাৱনা আছে ।
মীন ৰাশি : অবিবাহিত লোকসকলে আকাংক্ষিত জীৱন সংগী লাভ কৰিব । প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত শুভ । আয় ভাল হ’ব যদিও ব্যয় অধিক হ’ব । ধন সঞ্চয়ো কৰিব ৷ চাকৰিয়াল লোকসকলৰ বাবে এই সপ্তাহটো লাভজনক, আপোনাৰ পদোন্নতি হ’ব। শিক্ষাৰ্থীসকলৰ বাবে সপ্তাহটো মিশ্ৰিত হ’ব । পৰিয়ালৰ বিবাদে আপোনাৰ পঢ়া-শুনাত প্ৰভাৱ পেলাব পাৰে । সফলতাৰ বাবে কষ্ট কৰক । স্বাস্থ্যৰ যত্ন লওক। খাদ্যৰ প্ৰতি মনোযোগ দিয়ক। শিক্ষাৰ্থীসকলে অন্য চহৰলৈ গৈ শিক্ষা গ্ৰহণ কৰিব পাৰে ।