ETV Bharat / bharat

প্ৰশিক্ষাৰ্থী চিকিৎসকক ধৰ্ষণ-হত্য়া; কনিষ্ঠ চিকিৎসকৰ ধৰ্মঘট সমাপ্ত কৰাৰ সিদ্ধান্ত - Trainee Doctor Rape Murder Case

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Junior Doctors Strike Calls Off : ৪১ দিনৰ প্ৰতিবাদৰ পিছত কনিষ্ঠ চিকিৎসকসকলে ধৰ্মঘট সমাপ্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । অৱশ্য়ে তেওঁলোকে কিছু চৰ্ত আৰোপ কৰিছে । জানিবলৈ সম্পূৰ্ণকৈ পঢ়ক...

Junior Doctors Strike Calls Off
কনিষ্ঠ চিকিৎসকসকলৰ ধৰ্মঘট (ETV Bharat Assam)

নিউজ ডেস্ক, ২০ ছেপ্টেম্বৰ : অৱশেষত পশ্চিম বংগৰ আৰ জি কৰ মেডিকেল কলেজৰ কনিষ্ঠ চিকিৎসকসকলে ৪১ দিনে চলোৱা ধৰ্মঘট সমাপ্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । এগৰাকী প্ৰশিক্ষাৰ্থী চিকিৎসকক ধৰ্ষণ কৰি হত্য়া কৰা ঘটনাৰ বিৰুদ্ধে কনিষ্ঠ চিকিৎসকসকলে ধৰ্মঘট চলাই থকাৰ পিচত এই প্ৰতিবাদী কাৰ্যসূচী প্ৰত্য়াহাৰ কৰিবলৈ ৰাজ্য় চৰকাৰে প্ৰতিবাদকাৰীসকলক বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিচত তেওঁলোকে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।

অৱশ্য়ে চিকিৎসকসকলে কেৱল অত্যাৱশ্যকীয় সেৱাৰ বাবেহে কাম কৰিব । ক্ষোভৰ অগনিত জ্বলি থকা চিকিৎসকসকলে ধৰ্মঘট আংশিকভাৱে সমাপ্ত হ'ব বুলি ঘোষণা কৰিছে । উল্লেখ্য় যে যোৱা ৯ আগষ্টত আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত এগৰাকী প্ৰশিক্ষাৰ্থী চিকিৎসকক ধৰ্ষণ কৰি হত্য়া কৰা হৈছিল । তাৰ পিছত সমগ্ৰ দেশতে প্ৰতিবাদৰ জোৱাৰ উঠে ।

ৰাজ্যখনৰ মমতা বেনাৰ্জী চৰকাৰে চিকিৎসকসকলক কামলৈ উভতি যাবলৈ অহৰহ চেষ্টা চলাই আহিছিল । কিন্তু কনিষ্ঠ চিকিৎসকসকলে দাবী কৰিছিল যে এই ক্ষেত্ৰত ন্যায় প্ৰদান কৰিবই লাগিব । ইয়াৰ উপৰি উচ্চতম ন্যায়ালয়েও চিকিৎসকসকলক কামলৈ উভতি যাবলৈ নিৰ্দেশ দিছিল । তথ্য অনুসৰি কনিষ্ঠ চিকিৎসকসকলে শনিবাৰৰ পৰা কামলৈ উভতি আহিব আৰু বানপীড়িত অঞ্চলসমূহো পৰিদৰ্শন কৰিব । ৪১ দিনৰ পিছত চিকিৎসকসকলৰ ধৰ্মঘট সমাপ্ত হ'ব ।

প্ৰতিবাদকাৰী চিকিৎসকসকলে চিবিআই কাৰ্যালয়লৈ এক পদযাত্ৰাও উলিওৱাৰ কথা উল্লেখ কৰি কয়, "আমি বিচাৰো যে চিবিআইয়ে যিমান সম্ভৱ সোনকালে এই গোচৰটো সমাধান কৰক । আমি শনিবাৰে কামলৈ উভতি আহিম । অত্যাৱশ্যকীয় সেৱাসমূহ গুৰুত্বসহকাৰে গ্ৰহণ কৰিছিল ।

প্ৰতিবাদকাৰী চিকিৎসকসকলে পুনৰ কয়, "আমি এইটো স্পষ্ট কৰিব বিচাৰো যে কেৱল জৰুৰীকালীন আৰু অত্যাৱশ্যকীয় সেৱাসমূহৰ ওপৰতহে কাম কৰা হ'ব । আমি অ'পিডিৰ বাবে কাম নকৰো । আমি ন্যায় নোপোৱালৈকে আমাৰ যুঁজ অব্যাহত থাকিব ।"

লগতে পঢ়ক:চিকিৎসকৰ প্ৰতিবাদত সেও মানিলে মমতা চৰকাৰে - Kolkata doctor rape and murder case

আদালতৰ বাহিৰত সন্দীপ ঘোষক কোনে শোধালে চৰ ! - Sandip Ghosh Sent to Police Custody

মহিলা চিকিৎসকক ধৰ্ষণ-হত্যা : ন্যায়ৰ দাবীত প্ৰতিবাদমুখৰ ৰাজ্য - RG Kar Medical College rape case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.