ETV Bharat / bharat

ৱায়নাড়ত সেনাৰ অনুসন্ধান সমাপ্ত : স্থানীয় লোকৰ সহযোগত প্ৰশাসনে অব্যাহত ৰাখিব অভিযান - Wayanad landslides

author img

By ANI

Published : Aug 9, 2024, 11:22 AM IST

Wayanad landslides: চৰকাৰী তথ্য অনুসৰি ৱায়নাড়ৰ ভয়ংকৰ ভূমিস্খলনত এতিয়ালৈ ২২৫ গৰাকী লোকৰ মৃত্যু হৈছে । ভাৰতীয় সেনাই অনুসন্ধান সমাৰিছে যদিও অগ্নি নিৰ্বাপক বাহিনী, এনডিআৰএফ, স্বেচ্ছাসেৱকসকলে স্থানীয় লোকৰ সহযোগত উদ্ধাৰ অভিযান অব্যাহত ৰাখিব ।

Wayanad landslides
ৱায়নাড়ত সেনাৰ অনুসন্ধান সমাপ্ত (ANI)

নেশ্যনেল ডেস্ক, ৯ আগষ্ট : কেৰালাৰ ৱায়নাড়ৰ ভূমিস্খলনৰ আজি দশম দিন । ইতিমধ্যে এই ভূমিস্খলনৰ ফলত ২২৫ গৰাকী লোকৰ মৃত্যু হৈছে । লগতে হাজাৰ হাজাৰ লোক স্থানচ্যুত হৈছে । কিছুমান অঞ্চলত এতিয়াও উদ্ধাৰ অভিযান অব্যাহত আছে । প্ৰশাসনৰ মতে আগন্তুক দিনত এই অভিযান অব্যাহত থাকিব ।

অগ্নি নিৰ্বাপক বাহিনী, এনডিআৰএফ, স্বেচ্ছাসেৱকসকলৰ লগতে স্থানীয় লোকসকলে উদ্ধাৰ আৰু অনুসন্ধান অভিযান অব্যাহত ৰাখিব । ইফালে স্নিফাৰ ডগসহ ভাৰতীয় সেনাই অনুসন্ধান সামৰিছে । আৱাসীসকলে ভাৰতীয় সেনাৰ দলটোক বিদায় জনাইছে ।

আৰক্ষীৰ আহ্বান :

নৰ্থ জ'নৰ আৰক্ষী মহাপৰিদৰ্শক কে সেতুৰামনে কয়, "এয়া এক গণ অনুসন্ধান অভিযান নহয়... প্ৰভাৱিত লোকসকলে আত্মবিশ্বাসী হ'ব লাগে যে অনুসন্ধান অভিযান পৰ্যাপ্তভাৱে কৰা হৈছে আৰু তাত আৰু কোনো মৃতদেহ পোৱা নাযায়... এইটো তেওঁলোকৰ মাজত আত্মবিশ্বাস গঢ়ি তোলাৰ বাবে... জনপ্ৰতিনিধি, বেচৰকাৰী সংগঠন, ৰাজনৈতিক দলৰ প্ৰতিনিধি সকলোকে আহ্বান জনোৱা হৈছে... ।"

ৱায়নাড়ৰ ভূমিস্খলন সন্দৰ্ভত আদালতৰ নিৰ্দেশনা :

কেৰালা উচ্চ ন্যায়ালয়ে ৱায়নাড় ভূমিস্খলনৰ বিষয়ে এক স্বতঃস্ফূৰ্তভাৱে বিবেচনা কৰিছে । ন্যায়াধীশ জয়শংকৰণ নাম্বিয়াৰ আৰু ভি এম শ্যামকুমাৰৰ খণ্ড বিচাৰপীঠে পঞ্জীয়নখনক এক নিজাববীয়া গোচৰ ল'বলৈ নিৰ্দেশ দিছে । আদালতে কৈছে যে তেওঁলোকে অবৈধ খনন আৰু বানৰ দৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আইনীভাৱে কি কৰিব পাৰি সেই বিষয়ে চিন্তা কৰা উচিত ।

ইফালে, কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে বৃহস্পতিবাৰে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১০ আগষ্টত ৱায়নাড়ত ভূমিস্খলন প্ৰভাৱিত স্থানসমূহ পৰিদৰ্শন কৰাৰ কথা আছে । বৃহস্পতিবাৰে তিৰুৱন্তপুৰমত এক সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনে কেন্দ্ৰীয় চৰকাৰক ইয়াক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰিবলৈ অনুৰোধ জনাইছে ।

মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া :

মুখ্যমন্ত্ৰীয়ে কয় যে ৱায়নাড়ত এতিয়ালৈকে ৪২০ টা মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছে আৰু লগতে কয় যে অনুসন্ধান অভিযান অব্যাহত থাকিব । তেওঁ লগতে কয় যে আনুষ্ঠানিকভাৱে ২২৫ জন লোকৰ মৃত্যু নিশ্চিত কৰা হৈছে । ১৯৫ গৰাকী ব্যক্তিৰ দেহৰ অংশ বিভিন্ন স্থানত পোৱা গৈছে । দেহৰ এই অংশবোৰৰ ডিএনএৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে । ইফালে ১৭৮ টা মৃতদেহ আত্মীয়ক হস্তান্তৰ কৰা হৈছে আৰু ২৩৩ টা সমাধিস্থ কৰা হৈছে ।

লগতে পঢ়ক :ৱায়নাড় ট্ৰেজেডি : সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন অচিনাক্ত মৃতদেহৰ - Wayanad Landslides

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.