ETV Bharat / bharat

দুৰ্গা মূৰ্তি বিসৰ্জনৰ সময়ত সংঘৰ্ষ; গুলীত নিহত যুৱক - DURGA IDOL RUCKUS

Durga Idol Ruckus: উত্তৰ প্ৰদেশত দুৰ্গা পূজাৰ মূৰ্তি বিসৰ্জনৰ সময়ত দুটা সম্প্ৰদায়ৰ মাজত বিবাদৰ । গুলীচালনাত নিহত এজন যুৱক ৷

Durga Idol Ruckus
দুৰ্গা মূৰ্তি বিসৰ্জনৰ সময়ত সংঘৰ্ষ; গুলীত নিহত যুৱক (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Oct 13, 2024, 11:08 PM IST

নিউজ ডেস্ক, 13 অক্টোবৰ: উত্তৰ প্ৰদেশৰ হাৰ্ডিৰ মাহছি মহাৰাজগঞ্জত দুৰ্গা পূজাৰ মূৰ্তি বিসৰ্জনৰ সময়ত দুটা সম্প্ৰদায়ৰ মাজত বিবাদৰ সূত্ৰপাত হয় । ডিজেক লৈ হোৱা বিবাদে ক্ৰমে সংঘৰ্ষৰ ৰূপ লয় আৰু ক্ৰমে এটা সম্প্ৰদায়ে আনটো সম্প্ৰদায়লৈ প্ৰথমে শিলগুটি নিক্ষেপ কৰে আৰু তাৰ পিছত গুলীচালনা কৰে । ইয়াৰ মাজতে মূৰ্তি বিসৰ্জনৰ লগত জড়িত ৰেহুভাৰ বাসিন্দা এজন যুৱকক গুলীয়াই আহত কৰা হয় । তেওঁক ততাতৈয়াকৈ স্থানীয় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰৰণ কৰা হয় যদিও পিছত চিকিৎসালয়তে তেওঁৰ মৃত্যু হয় । এই ঘটনাত আন কেইবাজনো লোক আহত হয় ।

জানিব পৰা মতে দুৰ্গা মূৰ্তি বিসৰ্জন যাত্ৰাৰ সময়ত সংঘটিত হৈছিল এই বিবাদ । নিহত যুৱকজন গোপাল মিশ্ৰ (২২) বুলি জানিব পৰা হৈছে ৷ পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত ঘটনাস্থলীত স্থানীয় কেইবাখনো থানাৰ আৰক্ষী উপস্থিত হয় ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠিচালনাও কৰিবলগীয়া হয় ৷ এই সংঘৰ্ষৰ পাছত ঘড়ী টাৱাৰত দুৰ্গা মূৰ্তিৰ বিসৰ্জন শোভাযাত্ৰাও বন্ধ কৰি দিয়া হয় । তথ্য অনুসৰি আন এটা সম্প্ৰদায়ৰ লোকে ডিজে বন্ধ কৰিবলৈ কৈছিল আৰু তাৰ পিছত বিবাদৰ সৃষ্টি হয় ।

দুৰ্গা মূৰ্তি বিসৰ্জনৰ সময়ত সংঘৰ্ষ; গুলীত নিহত যুৱক (ETV Bharat)

যুৱকজনক হত্যাৰ প্ৰতিবাদত স্থানীয় একাংশ লোকে বাহৰেইচ-সীতাপুৰ ঘাইপথ অৱৰোধ কৰে । আনহাতে, আহত যুৱকজনৰ মৃত্যুৰ পিছত চিকিৎসা মহাবিদ্যালয়খনতো উত্তপ্ত হৈ পৰে আৰু ক্ষোভিত লোকে আৰক্ষীৰ বিৰুদ্ধে শ্লোগান দিয়ে ৷

লগতে পঢ়ক: ‘‘অসত্যৰ জয় হ’বই, অন্যায়ৰ জয় হোৱাটো নিশ্চিত’’- কিয় ক’লে মুখ্যমন্ত্ৰী আতিশীয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.