ETV Bharat / bharat

চি পি আই (এম)ৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰী আৰু নাই - SITARAM YECHURY PASSES AWAY

author img

By PTI

Published : Sep 12, 2024, 4:41 PM IST

Updated : Sep 12, 2024, 5:49 PM IST

Sitaram Yechury passes away at 72: চি পি আই (এম)ৰ সাধাৰণ সম্পাদক তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ সীতাৰাম য়েচুৰীৰ শেষ নিশ্বাস ত্যাগ ৷ সীতাৰাম য়েচুৰী ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) (চিপিআই-এম)ৰ সাধাৰণ সম্পাদক আছিল । তেওঁ ১৯৯২ চনৰ পৰা চিপিআই(এম)ৰ পলিটব্যুৰ'ৰ সদস্যও আছিল।

Sitaram Yechury passes away
চি পি আই (এম)ৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰী আৰু নাই (Etv Bharat Assam)

নিউজ ডেস্ক, ১২ ছেপ্টেম্বৰ: চি পি আই (এম)ৰ সাধাৰণ সম্পাদক তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ সীতাৰাম য়েচুৰীৰ দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত বৃহস্পতিবাৰে দেহাৱসান ঘটে । দিল্লী এইমছত চিকিৎসাধীন অৱস্থাতে বিয়লি ৩.০৫ বজাত মৃত্যু হয় প্ৰবীণ নেতাগৰাকীৰ ৷ চি পি আই (এম)ৰ জ্যেষ্ঠ নেতাগৰাকী ১৯ আগষ্টত নিউমোনিয়াৰ বাবে স্বাস্থ্যৰ অৱনতি ঘটাত দিল্লী এইমছত ভৰ্তি কৰোৱা হৈছিল । হাওঁফাওঁৰ সংক্ৰমণৰ বাবে তেওঁৰ উশাহ-নিশাহত অসুবিধা হৈছিল ৷

প্ৰথম অৱস্থাত তেওঁক এইমছৰ জৰুৰীকালীন বিভাগৰ ৰেড জ’নত ভৰ্তি কৰা হৈছিল । তাৰ পিছত যেতিয়া তেওঁৰ স্বাস্থ্যৰ উন্নতি নহ’ল, তেতিয়া তেওঁক চিকিৎসালয়ৰ আই চি ইউলৈ স্থানান্তৰ কৰা হয় । তেতিয়াৰে পৰা দিল্লী এইমছত তেওঁৰ চিকিৎসা অবিৰতভাৱে চলি আছে । আজি চিকিৎসাধীন অৱস্থাতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭২ বছৰ ।

লগতে পঢ়ক: চি পি আই(এম)ৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীৰ অৱস্থা সংকটজনক, দিল্লী এইমছত ভৰ্তি - Sitaram Yechury Critical Condition

সীতাৰাম য়েচুৰীয়ে ২০১৫ চনত প্ৰকাশ কাৰাটৰ পিছৰে পৰা চি পি আই(এম)ৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰে । তেওঁ ১৯৯২ চনৰ পৰা চি পি আই(এম)ৰ পলিটব্যুৰ'ৰ সদস্যও আছিল । ইয়াৰ পূৰ্বে য়েচুৰীয়ে ২০০৫ চনৰ পৰা ২০১৭ চনলৈ পশ্চিমবংগৰ ৰাজ্যসভাৰ সাংসদ আছিল । য়েচুৰীয়ে ১৯৭৪ চনত ভাৰতীয় ছাত্ৰ ফেডাৰেচনত যোগদান কৰে আৰু এবছৰৰ পিছত ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ত যোগদান কৰে ৷

১৯৫২ চনৰ ১২ আগষ্টত মাদ্ৰাজ (চেন্নাই)ত তেলুগু ব্ৰাহ্মণ পৰিয়ালত য়েচুৰীৰ জন্ম হৈছিল । তেওঁৰ পিতৃ সৰ্বেশ্বৰ সোময়াজুলা য়েচুৰী অন্ধ্ৰপ্ৰদেশ ৰাজ্যিক পথ পৰিবহণ নিগমৰ অভিযন্তা আছিল আৰু মাতৃ কল্পকাম য়েচুৰী চৰকাৰী বিষয়া আছিল । তেওঁ হায়দৰাবাদত ডাঙৰ-দীঘল হৈছিল আৰু দশম শ্ৰেণীলৈকে হায়দৰাবাদৰ অল চেণ্টছ হাইস্কুলত অধ্যয়ন কৰিছিল ।

লগতে পঢ়ক: বৰপেটাত চি পি আই এমৰ শক্তি প্ৰদৰ্শন : মনোৰঞ্জন তালুকদাৰৰ হৈ সীতাৰাম য়েচুৰিৰ প্ৰচাৰ - Lok Sabha Election 2024

তেওঁ দিল্লীৰ ছেইণ্ট ষ্টিফেনছ কলেজৰ ছেইণ্ট ষ্টিফেন কলেজৰ পৰা অৰ্থনীতিত বি এ কৰাৰ পিছত জে এন ইউৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ কৰি পিছত একেখন বিশ্ববিদ্যালয়ত পি এইচ ডিত নামভৰ্তি কৰে । ১৯৭৭ চনত জৰুৰীকালীন অৱস্থাত গ্ৰেপ্তাৰ হোৱাৰ পিছত তেওঁ জে এন ইউৰ পৰা পি এইচ ডি সম্পূৰ্ণ কৰিব নোৱাৰিলে । জে এন ইউক বাওঁপন্থীৰ দুৰ্গ হিচাপে গঢ়ি তোলাত সীতাৰাম য়েচুৰীয়ে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা বুলি পৰিগণিত হৈ আহিছে ।

Last Updated : Sep 12, 2024, 5:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.