ETV Bharat / bharat

ইউপিএছচিয়ে স্থগিত ৰাখিলে অভিযান্ত্ৰিক সেৱা পৰীক্ষা-২০২৫

ESE 2025: ভাৰতীয় ৰে'ল ব্যৱস্থাপনা সেৱাৰ বিষয়া নিয়োগৰ আঁচনিৰ পৰিৱৰ্তনৰ পিছতে ইউপিএছচিয়ে ইএছই-২০২৫ স্থগিত ৰখাৰ ঘোষণা কৰিছে ।

author img

By PTI

Published : 3 hours ago

ESE 2025
ইউপিএছচিয়ে স্থগিত ৰাখিলে অভিযান্ত্ৰিক সেৱা পৰীক্ষা-২০২৫ (IANS)

নতুন দিল্লী : ভাৰতীয় ৰে'ল ব্যৱস্থাপনা সেৱাৰ বিষয়া নিয়োগৰ আঁচনিৰ পৰিৱৰ্তনৰ পিছতে প্ৰস্তুতিৰ বাবে প্ৰাৰ্থীসকলক পৰ্যাপ্ত সময় দিয়াৰ উদ্দেশ্যে ইউপিএছচিয়ে শুকুৰবাৰে অভিযান্ত্ৰিক সেৱা পৰীক্ষা-২০২৫ (Engineering Services Examination-2025) স্থগিত ৰাখিছে । আইআৰএমএছত নিযুক্তি অসামৰিক সেৱা পৰীক্ষা আৰু ইএছইৰ জৰিয়তে কৰা হ'ব বুলি চৰকাৰে সিদ্ধান্ত লোৱাৰ পিছতে এই ঘোষণা কৰা হৈছে ।

ইউপিএছচিয়ে জাৰী কৰা বিবৃতি অনুসৰি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ ইএছই-২০২৫ৰ প্ৰাৰ্থীসকলক পৰ্যাপ্ত সময় দিবলৈ আয়োগে ইএছই (প্ৰাৰম্ভিক) আৰু ইএছই (মুখ্য) পৰীক্ষা স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে ।

কেতিয়া হ'ব অভিযান্ত্ৰিক সেৱা পৰীক্ষা-২০২৫ ?

বিবৃতি অনুসৰি ইএছই (প্ৰাৰম্ভিক) ২০২৫ আৰু ইএছই (মুখ্য) ২০২৫ এতিয়া ক্ৰমান্বয়ে ৮ জুন আৰু ১০ আগষ্টত অনুষ্ঠিত হ'ব । ইউপিএছচিৰ পৰীক্ষাৰ বাৰ্ষিক কাৰ্যসূচী অনুসৰি ইএছই ২০২৫ৰ বাবে জাননী যোৱা ১৮ ছেপ্টেম্বৰত জাৰী কৰা হৈছিল । যাৰ আবেদন গ্ৰহণৰ অন্তিম তাৰিখ আছিল ৮ অক্টোবৰ । ইএছই প্ৰাৰম্ভিক পৰীক্ষা ২০২৫ চনৰ ৯ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱাৰ কথা আছিল ।

কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্ত

ইফালে, চৰকাৰে সিদ্ধান্ত লৈছে যে আইআৰএমএছত নিযুক্তি অসামৰিক সেৱা পৰীক্ষা (ট্ৰেফিক, একাউণ্টছ আৰু কৰ্মচাৰী উপ-কেডাৰ) আৰু ইএছইৰ (অসামৰিক, বৈদ্যুতিক, মেকানিকেল, সংকেত আৰু ষ্ট'ৰছ উপ-কেডাৰৰ) জৰিয়তে কৰা হ'ব । ৰে'ল মন্ত্ৰালয়ে ভাৰতীয় ৰে'ল ব্যৱস্থাপনা সেৱা (সংশোধনী) নিয়মাৱলী, ২০২৪ ৰ বিষয়েও ৯ অক্টোবৰত জাননী প্ৰদান কৰিছে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ২০১৯ চনত ৰে'লৱেৰ ৮ টা গ্ৰুপ এ সেৱাক এক কেন্দ্ৰীয় সেৱা-আইআৰএমএছলৈ একত্ৰিত কৰাৰ বাবে অনুমোদন জনাইছিল ।

নতুন আবেদনৰ সুবিধা

ইফালে আয়োগে নতুন আবেদনকাৰীসকলৰ বাবে ১৮ অক্টোবৰৰ পৰা ২২ নৱেম্বৰলৈ এক নতুন আবেদনৰ সুবিধা মুকলি কৰাৰ সিদ্ধান্ত লৈছে । লগতে পুৰণি আবেদনকাৰীসকলে সংশোধন বা সম্পাদন কৰাৰো সুবিধা লাভ কৰিব ।

লগতে পঢ়ক :নতুন পৰীক্ষাৰ আৰ্হিত অনুষ্ঠিত হ'ব JEE MAINS 2025; জানি লওক সবিশেষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.