ETV Bharat / bharat

শোকাৱহ : গাড়ীৰ ভিতৰতে জীৱন্তে জ্বলি মৃত্যু হ’ল 7 গৰাকী যাত্ৰীৰ - Tragic incident in Sikar Rajasthan

author img

By ETV Bharat Assamese Team

Published : Apr 14, 2024, 7:22 PM IST

এখন গাড়ীয়ে ট্ৰাকত খুন্দা মৰাত দুয়োখন বাহনতে অগ্নিকাণ্ড সংঘটিত হয় ৷ য’ত ৭ জন লোক জীৱিত অৱস্থাত জ্বলি যায়। ইয়াৰ ভিতৰত ২ টাকৈ শিশুও আছে ৷

ROAD ACCIDENT IN SIKAR RAJASTHAN
শোকাৱহ দুৰ্ঘটনা

নেশ্যনেল ডেস্ক, 14 এপ্ৰিল : ৰাজস্থানৰ সীকাৰ জিলাৰ ফাতেহপুৰত সংঘটিত হৈছে এক শোকাৱহ ঘটনা ৷ এক ভয়ংকৰ দুৰ্ঘটনাত জীৱন্তে অগ্নিদগ্ধ হয় 7 জনকৈ লোক ৷

জানিব পৰা মতে ফাতেহপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন গাড়ীয়ে ট্ৰাকত পিচফালৰ পৰা খুন্দা মাৰে ৷ ফলত দুয়োখন বাহনতে জুইৰ সূত্ৰপাত হয় ৷ কম সময়ৰ ভিতৰতে জুইয়ে দুয়োখন বাহন সম্পূৰ্ণৰূপে আগুৰি ধৰে, ফলত গাড়ীখনত থকা 7 জন লোক জীৱিত অৱস্থাত জ্বলি যায় ৷ এই দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী আৰু প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল উপস্থিত হয় ৷ ইয়াৰ সমান্তৰালকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনসমূহো ঘটনাস্থলীত উপস্থিত হয় ৷

মৃত লোকসকল মীৰাটৰ বাসিন্দা:

কোতৱাল সুভাষ বিজাৰানিয়ানে জনোৱা মতে, ট্ৰাকৰ পিচফালে গৈ থকা গাড়ীখনে ফতেহপুৰৰ সমীপৰ চালাছাৰ পুলিয়াত চুৰু অভিমুখে যোৱা ট্ৰাকখনত খুন্দা মাৰে ৷ যাৰ ফলত ট্ৰাক আৰু গাড়ী দুয়োখনতে জুই লাগে ৷ গাড়ীত লগোৱা গেছ কিটৰ বাবেই জুইয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিলে, যাৰ বাবে গাড়ীত থকা সাতজন লোক আটাইকেইজনেই জীৱিত অৱস্থাত জ্বলি ছাই হৈ যায় ৷ ইয়াৰ ভিতৰত 2 টা শিশুও আছে ৷

একে সময়তে ট্ৰাকখনত সূতাৰ ৰোল ৰখা হৈছিল, সেয়েহে সেইবোৰতো জুই লাগিছিল ৷ স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে নিহত আটাইকেইজনৰ মৃতদেহ স্থানীয় মহকুমা চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷

আৰক্ষীৰ মতে গাড়ীখনত পোৱা ম’বাইলটো ছুইচ অন কৰাৰ পিচত মৃতকৰ আত্মীয়ৰ সৈতে কথা পতা হৈছিল ৷ সেই অনুসৰি নিহত আটাইকেইজন মীৰাটৰ বাসিন্দা আৰু ছালাছাৰ বালাজী ভ্ৰমণ কৰি মীৰাটলৈ উভতি গৈ আছিল তেওঁলোক ৷ এই সময়ছোৱাত তেওঁলোক ফতেহপুৰৰ সমীপত এই শোকাৱহ দুৰ্ঘটনাৰ বলি হয় ৷ সোমবাৰে আটাইকেইজৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পাচত তেওঁলোকক আত্মীয় গতাই দিয়া হ’ব বুলি জানিব পৰা হৈছে ৷

লগতে পঢ়ক : ৰাষ্ট্ৰীয় অগ্নি নিৰ্বাপক সেৱা দিৱসৰ তাৎপৰ্য - National Fire Service Day 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.