ETV Bharat / bharat

সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে অঘটন; হিটষ্ট্ৰোকত উত্তৰ প্ৰদেশত মৃত্যু ২ প্ৰিজাইডিং বিষয়াৰ, অসুস্থ ২৫ - Presiding Officers Died in UP

author img

By ETV Bharat Assamese Team

Published : Jun 1, 2024, 8:39 AM IST

Presiding Officers Die in UP : সমগ্ৰ উত্তৰ প্ৰদেশত উৎকট গৰম আৰু গ্ৰীষ্ম প্ৰবাহৰ বাবে সৰ্বসাধাৰণে চকুৰে সৰিয়হ ফুল দেখিছে । তাৰ মাজতে শনিবাৰে আৰম্ভ হৈছে চলিত লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ ভোটদান । কিন্তু তাৰ পূৰ্বে কেইবাগৰাকীও ভোটগ্ৰহণ কৰ্মীৰ স্বাস্থ্যৰ অৱনতি ঘটে । চান্দৌলীত আনকি দুগৰাকী প্ৰিজাইডিং বিষয়াৰ মৃত্যুও ঘটে ।

Presiding Officers Died in UP
হিটষ্ট্ৰোকত উত্তৰ প্ৰদেশত মৃত্যু ২ প্ৰিজাইডিং বিষয়াৰ (ETV Bharat)

নিউজ ডেস্ক, ১ জুন : তীব্ৰ তাপমান আৰু গ্ৰীষ্ম প্ৰবাহৰ ফলত দেশৰ বিভিন্ন প্ৰান্তত মানুহৰ স্বাস্থ্যৰ নিৰন্তৰ অৱনতি ঘটি আছে । তাৰ মাজতে শনিবাৰে অনুষ্ঠিত হৈছে চলিত লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ । কিন্তু দুখৰ খবৰ যে ভোটগ্ৰহণ প্ৰক্ৰিয়াত নিয়োজিত দুগৰাকী প্ৰিজাইডিং বিষয়াৰ শুকুৰবাৰে মৃত্যু হয় । মৃত দুয়োগৰাকী কৰ্মচাৰী চাকলদিহা বিধানসভা সমষ্টিৰ প্ৰিজাইডিং বিষয়া আছিল । তেওঁলোকৰ আকস্মিক মৃত্যুত এতিয়া তাত অন্য বিষয়া নিযুক্ত কৰা হৈছে ।

চাকলদিহা বিধানসভা সমষ্টিৰ দানুপুৰ ভোটকেন্দ্ৰত নিযুক্ত প্ৰিজাইডিং বিষয়াগৰাকীৰ শুকুৰবাৰে নিশা চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় । জানিব পৰা মতে, চাকলদিহা বিধানসভা সমষ্টিৰ দানুপুৰ ভোটগ্ৰহণ কেন্দ্ৰত প্ৰিজাইডিং বিষয়া হিচাপে নিযুক্ত কৰ্মচাৰীগৰাকী মোগলচৰাই চতভুজপুৰৰ বাসিন্দা গুলাব প্ৰসাদ (৫৫) ।

তেওঁৰ শুকুৰবাৰে হঠাতে স্বাস্থ্যৰ অৱনতি ঘটে । যাৰ ফলত হুৱাদুৱা লাগি পৰে । আনহাতে, সহকৰ্মীসকলে তেওঁক পণ্ডিত কামলাপতি ত্ৰিপাঠী সংযুক্ত জিলা চিকিৎসালয়ত ভৰ্তি কৰায় । প্ৰাথমিক চিকিৎসাৰ পিচত চিকিৎসকে তেওঁক বাৰাণসীলৈ প্ৰেৰণ কৰে । কিন্তু তেওঁক তালৈ লৈ যোৱা হয় যদিও আদবাটতে তেওঁৰ মৃত্যু হয় ।

লগতে পঢ়ক :সপ্তম তথা অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচন; ৭ বজাৰ পৰা আৰম্ভ ভোটগ্ৰহণ প্ৰক্ৰিয়া - Lok Sabha Election 2024

দ্বিতীয় ঘটনাটোত চাকলদিহা বিধানসভা সমষ্টিৰ মাথেলা ভোটকেন্দ্ৰত নিযুক্ত প্ৰিজাইডিং বিষয়া সন্তোষ কুমাৰৰ (৪৫) হিটষ্ট্ৰোকৰ ফলত মৃত্যু হয় । চান্দৌলিৰ চুলতানপুৰৰ বাসিন্দা সন্তোষ কুমাৰক নিৰ্বাচন আয়োগে মাথেলা পূব মাধ্যমিক বিদ্যালয়ৰ প্ৰিজাইডিং বিষয়া হিচাপে নিযুক্ত কৰিছিল । শুকুৰবাৰে সন্ধিয়া তেওঁৰ স্বাস্থ্যৰ হঠাতে অৱনতি ঘটাত সহকৰ্মীসকলে তেওঁক চাহানিয়াৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰায় ।

কিন্তু তেওঁৰ স্বাস্থ্যৰ গুৰুতৰ অৱনতি ঘটাত তেওঁক চাহানিয়া প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ লৈ যোৱা হয় । পিচত তাৰ পৰা তেওঁক জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । জিলা চিকিৎসালয়ৰ পৰাও তেওঁক বাৰাণসীলৈও প্ৰেৰণ কৰা হয় । কিন্তু তালৈ লৈ গৈ থকা অৱস্থাতে তেওঁৰ মৃত্যু হয় ।

উল্লেখ্য যে অন্তিম পৰ্যায়ৰ ভোটদানৰ পূৰ্বে 25 জনৰো অধিক লোকৰ স্বাস্থ্যৰ অৱনতি ঘটে । যাৰ ফলত তেওঁলোক সকলোকে জিলা চিকিৎসালয়ত ভৰ্তি কৰাবলগা হয় ।

লগতে পঢ়ক :উত্তৰ ভাৰতত গ্ৰীষ্ম প্ৰৱাহৰ প্ৰভাৱ : হিটষ্ট্ৰোকৰ ফলত কমেও ৪১ গৰাকীৰ মৃত্যু - Suspected Heatstroke Death

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.