ETV Bharat / bharat

বান্দৰৰ পুনৰ সংস্থাপন কেন্দ্ৰ : নিৰ্মাণ কৰা হ’ব ১৪ কোটি টকা ব্যয় সাপেক্ষে - MONKEY REHABILITATION CENTRE

author img

By ETV Bharat Assamese Team

Published : Jun 3, 2024, 10:59 AM IST

Monkey rescue center : আগ্ৰাত বান্দৰৰ পৰা পৰিত্ৰাণ পাবলৈ এটা ডাঙৰ ৰণনীতি প্ৰস্তুত কৰা হৈছে । স্থাপন কৰা হ’ব বান্দৰ উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰ । য’ত ৰখা হ'ব প্ৰায় ২ হাজাৰ বান্দৰ ।

Monkey rescue center
আগ্ৰাত নিৰ্মাণ কৰা হ'ব বান্দৰ উদ্ধাৰ কেন্দ্ৰ (ETV Bharat)

নিউজ ডেস্ক,৩ জুন : বান্দৰৰ ত্ৰাস সাক্ষী হয় বহু লোক ৷ বহু অঞ্চলত বান্দৰ সন্ত্ৰাসত সা-সম্পত্তিৰ পৰা খেতি-পথাৰলৈকে অনিষ্ট হোৱা দেখা যায় ৷ কেৱল অসমতেই যে এনে পৰিৱেশ, তেনেকুৱা নহয় ৷ তাজমহল, আগ্ৰা দুৰ্গ, ৰে’ল ষ্টেচন, বজাৰ, চিকিৎসালয়তো বান্দৰে আক্ৰমণ কৰা দেখা যায় ৷ তাজ নগৰত বান্দৰৰ আক্ৰমণত বহুলোকে ইতিমধ্যে প্ৰাণ হেৰুৱাইছে ৷ আঘাতপ্ৰাপ্ত হৈছে বহুলোক ৷

পৰিপ্ৰেক্ষিতত, তাজ নগৰৰ পৌৰ নিগমে হাতত লৈছে বিশেষ উদ্যোগ ৷ স্থাপন কৰা হ’ব উত্তৰ প্ৰদেশৰ প্ৰথমটো বান্দৰ উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰ ৷ ইয়াৰ বাবে ইতিমধ্যে প্ৰকল্প প্ৰতিবেদনো প্ৰস্তুত কৰা হৈছে ৷ চিকান্দ্ৰা অঞ্চলৰ স্বামী মুস্তাকিলৰ পাঁচ একৰ ভূমিত নিৰ্মাণ কৰা হ’ব কেন্দ্ৰটো । ইয়াৰ বাবে ব্যয় হ'ব প্ৰায় ১৪ কোটি টকা ।

উল্লেখ্য যে, তাজমহল, তাজ গঞ্জ এলেকা, একলব্য ষ্টেডিয়াম, মধু নগৰ, ৰাজমাণ্ডি অঞ্চল আদি আগ্ৰাৰ প্ৰায় সকলো স্থানতে বান্দৰে অব্যাহত ৰাখিছে ত্ৰাস ৷ তথ্য অনুসৰি চহৰখনত প্ৰায় ৯০ হাজাৰ বান্দৰ আছে । দৈনিক বৃদ্ধি পাইছে বান্দৰৰ সন্ত্ৰাস । বান্দৰে কামোৰাৰ ফলত বহুলোক আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়লৈ যাবলগীয়া হয় ৷

পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে মানুহে ঘৰৰ বাৰাণ্ডা, চাল, বাৰাণ্ডা আদি লোহাৰ জালেৰে বেৰি দিবলগীয়া হৈছে ৷ কেনেবাকৈ খোলা থাকিলে একেলগে ১৫০ৰ পৰা ২০০তকৈও অধিক বান্দৰে ঘৰত প্ৰৱেশ কৰে ।

তাজমহল, আগ্ৰা ফৰ্ট, চিকান্দ্ৰা মেম'ৰিয়েল, এটমাউডডাউলা, ৰামবাগ মেম'ৰিয়েলত বান্দৰে অতিষ্ট কৰিছে জনসাধাৰণক ৷ আনকি পৰ্যটকক আক্ৰমণ কৰি আঘাতপ্ৰাপ্তও কৰিছে বান্দৰে ৷ শেহতীয়াকৈ তাজমহলত এজন পৰ্যটকক আক্ৰমণ কৰি আঘাতপ্ৰাপ্ত কৰিছিল বান্দৰে । একেদৰে বান্দৰে ৰাজমাণ্ডি ৰে’ল ষ্টেচনৰ যাত্ৰীসকলকো বান্দৰে আক্ৰমণ কৰে । চহৰখনৰ মাজভাগত অৱস্থিত এছ.এন. চিকিৎসা মহাবিদ্যালয়ৰ জৰুৰীকালীন ৱাৰ্ডৰ লগতে লেডী লাইল চিকিৎসালয়তো বান্দৰে আক্ৰমণ কৰে ।

আগ্ৰা পৌৰ নিগমৰ চিকান্দ্ৰা অঞ্চলৰ স্বামী মুস্তাকিলত শ্বুটিং ৰেঞ্জৰ খালী ভূমিত বান্দৰ উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰ নিৰ্মাণৰ প্ৰস্তাৱ দিয়া হৈছে । য’ত প্ৰায় দুই হাজাৰ বান্দৰ ধৰি ৰখাৰ ক্ষমতা থাকিব । আৰম্ভণিতে, ৫০০ টা বান্দৰ ৰখা হ’ব । অসুস্থ বান্দৰবোৰক এই কেন্দ্ৰত ৰখা হ'ব । আনহাতে, অস্ত্ৰোপচাৰৰ পিচত সুস্থ কৰি বান্দৰবোৰক বনাঞ্চলত এৰি দিয়া হ’ব ।

আগ্ৰা পৌৰ নিগমৰ পশু কল্যাণ বিষয়া ড৹ অজয় কুমাৰ সিঙে কয় যে বান্দৰ উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ প্ৰকল্প প্ৰতিবেদন ইতিমধ্যে প্ৰস্তুত কৰা হৈছে । এই নিৰ্মাণকাৰ্যৰ বাবে প্ৰায় ১৪ কোটি টকা ব্যয় হ’ব । কেন্দ্ৰটো স্থাপন হোৱাৰ লগেলগে চহৰখনৰ বাসিন্দাই বান্দৰৰ সন্ত্ৰাসৰ পৰা সকাহ পাব বুলি আশা কৰা হৈছে ৷

লগতে পঢ়ক: প্ৰতি ঈদত মন্দিৰ-নামঘৰৰ জীৱকুলত খাদ্য যোগান এজন মুছলমান যুৱকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.