ETV Bharat / bharat

ভনীয়েকৰ ডিঙি কাটি দুচেও কৰিলে উন্মাদ ককায়েকে - Triple murder in Jharkhand - TRIPLE MURDER IN JHARKHAND

Triple murder in Jharkhand : ঝাৰখণ্ডত নৃশংস হত্যাকাণ্ড ৷ সন্তানৰ আক্ৰমণত মৃত্যু পিতৃৰ ৷ ভনীয়েক আৰু পৰিয়ালৰ আন এজন সদস্যকো হত্যা অভিযুক্তৰ ৷ আৰক্ষীৰ জিম্মাত অভিযুক্ত ৷

Triple murder in Jharkhand mad youth kills three people including father in Latehar
উন্মাদ যুৱকৰ আক্ৰমণত প্ৰাণ গ’ল এটা পৰিয়ালৰে তিনিজনকৈ সদস্যৰ
author img

By ETV Bharat Assamese Team

Published : Apr 22, 2024, 2:26 PM IST

নেশ্যনেল ডেস্ক, 22 এপ্ৰিল : ঝাৰখণ্ডৰ লাতেহাৰ জিলাত সংঘটিত হৈছে ত্ৰিপল মাৰ্ডাৰৰ ঘটনা । এজন উন্মাদ যুৱকে চোকা অস্ত্ৰৰে নিজৰ পৰিয়ালৰ তিনিজন সদস্যক ঘপিয়াই হত্যা কৰা বুলি জানিব পৰা গৈছে । নিহত লোককেইজনৰ ভিতৰত এগৰাকী অভিযুক্তৰ পিতৃ সুৰজ ওৰাওন, ভনীয়েক অনুপমা দেৱী আৰু আন এগৰাকী আত্মীয় মনছুৰিয়া দেৱী ।

এই ঘটনাত আন দুজন লোক আহত হৈছে । নৃশংস ঘটনাটো সংঘটিত হৈছে জিলাখনৰ সৰযু মণ্ডলৰ ডাবৰি গাঁৱত । স্থানীয় ৰাইজৰ মতে, দেওবাৰৰ গভীৰ নিশা মদ্যপান কৰি ঘৰলৈ আহিছিল ডাবৰি গাঁও নিবাসী তথা অভিযুক্ত ৰঞ্জন ওৰাওন । ইয়াৰ পাচতে কোনো এটা বিষয়ক লৈ ঘৰখনত সৃষ্টি হয় বিবাদৰ ৷

ইয়াৰ পাচতে ৰঞ্জন ওৰাওনে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে পিতৃ সুৰজ ওৰাওক । পৰৱৰ্তী সময়ত অভিযুক্তই নিজৰ ভনীয়েক অনুপমা দেৱী আৰু আত্মীয় মনছুৰিয়া দেৱীকো চোকা কুঠাৰেৰে ঘপিয়াই আক্ৰমণ কৰাৰ ফলত মৃত্যুমুখত পৰে দুয়োগৰাকী ।

এই আক্ৰমণৰ সময়ছোৱাত অভিযুক্তই তেওঁৰ খুলশালীয়েক অমলেশ ওৰাওন আৰু তেওঁৰ পত্নী হীৰামণি দেৱীকো আক্ৰমণ কৰিবলৈ চেষ্টা কৰাৰ ফলত গুৰুতৰভাৱে আহত হয় দুয়োজন । জানিব পৰা মতে অভিযুক্তই ভনীয়েক অনুপমা দেৱীৰ ডিঙিটো কাটি দুচেও কৰিছে । ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ বিষয়টোৰ তদন্ত আৰম্ভ কৰে । লাতেহাৰৰ আৰক্ষী অধীক্ষক অঞ্জনী অঞ্জনে এই কথা নিশ্চিত কৰিছে ।

লাতেহাৰৰ আৰক্ষী অধীক্ষকগৰাকীয়ে কয়, "আৰক্ষীয়ে সমগ্ৰ বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে । অভিযুক্তক আৰক্ষীয়ে জিম্মাত লৈছে । হত্যাকাণ্ডত ব্যৱহৃত চোকা অস্ত্ৰ জব্দ কৰা হৈছে ৷"

ঘটনাস্থলীটো অতি দুৰ্গম অঞ্চল

অমানৱীয় ঘটনাটো সংঘটিত হোৱা গাঁওখন অতি দুৰ্গম অঞ্চলৰ অৰ্ন্তগত । আনকি মোবাইল নেটৱৰ্কও উপলব্ধ নহয় উক্ত এলেকাত ৷ যাৰ বাবে আজি অৰ্থাৎ সোমবাৰেহে ঘটনা সন্দৰ্ভত লোকসকল অৱগত হয় । ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ পিছতে সমগ্ৰ গাঁওখনতে চাঞ্চল্যই বিৰাজ কৰা পৰিলক্ষিত হৈছে । সম্প্ৰতি আৰক্ষীয়ে গাঁওখনত উপস্থিত হৈ সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰাৰ লগতে অভিযুক্তক জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: লক্ষ্ণৌ ত্ৰিপল মাৰ্ডাৰ ঘটনা : পাকিস্তানৰ লগত যোগসূত্ৰ আছে দুই অভিযুক্তৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.