ETV Bharat / bharat

মাদুৰাইত দুই কিশোৰীসহ এটা পৰিয়ালৰ আত্মহত্যা - Family suicide

Madurai suicide case: মাদুৰাইত এটা পৰিয়াল ৪ গৰাকী সদস্যই আত্মহত্যা কৰে । পৰিয়ালটোৰ মুৰব্বীৰ মৃত্যুৰ খবৰ পোৱাৰ পিচতে বাকী তিনি সদস্যই আত্মহত্যা কৰে । অঞ্চলটোত শোকৰ ছাঁ পৰিছে ।

Madurai suicide case
মাদুৰাইত দুই কিশোৰীসহ এটা পৰিয়ালৰ আত্মহত্যা
author img

By ETV Bharat Assamese Team

Published : Mar 2, 2024, 4:58 PM IST

নেশ্যনেল ডেস্ক,২ মাৰ্চ : তামিলনাডুৰ মাদুৰাইত চাঞ্চল্যকৰ ঘটনা । প্ৰথমে স্বামীৰ আত্মহত্যা আৰু পিচত দুই সন্তানৰ সৈতে পত্নীয়েও চৰম পন্থা হাতত লয় । জানিব পৰা মতে অনুপ্পানাদি আম্বেদকাৰ নগৰৰ বাসিন্দা ৪০ বছৰীয়া চেন্থিলকুমাৰে শুকুৰবাৰে চিলাইমান অঞ্চলৰ সমীপৰ বৈগাই নদীৰ দলঙৰ পৰা জপিয়াই আত্মহত্যা কৰে । চিলাইমান আৰক্ষীয়ে তেওঁৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিচত চেন্থিলকুমাৰে লিখা এখন পত্ৰও উদ্ধাৰ কৰে । সঘনাই অসুস্থ হৈ থকাৰ বাবে তেওঁ আত্মহত্যা কৰা বুলি পত্ৰখনত তেওঁ লিখি থৈ গৈছে ।

যেতিয়া আৰক্ষীয়ে পত্নীক চেন্থিলকুমাৰৰ মৃত্যুৰ বিষয়ে অৱগত কৰে তেতিয়া পৰিস্থিতি অতি ভয়ংকৰ হৈ পৰে । এই খবৰ লাভ কৰাৰ পিচতে হতবাক হৈ পৰে চেন্থিলকুমাৰৰ পৰিয়ালটো । মাদুৰাইৰ চৰকাৰী পৰ্যবেক্ষণ গৃহত শিক্ষয়িত্ৰী হিচাপে কাম কৰি পত্নীয়ে অৱশেষত এই শোক সহ্য কৰিব নোৱাৰি আত্মহত্যা কৰে । লক্ষণীয়ভাৱে ঘৰৰ ভিতৰত পত্নীৰ সৈতে তেওঁৰ দুই কন্যাৰ মৃতদেহো উদ্ধাৰ কৰা হয় । দুই কন্যাৰ এগৰাকী অষ্টম আৰু আনগৰাকী চতুৰ্থ শ্ৰেণী পঢ়ি আছিল ।

পৰিয়ালটোৰ আত্মহত্যাৰ খবৰ লাভ কৰাৰ পিচতে থেপ্পাকুলাম আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু পূৰ্বে আত্মহত্যা কৰা চেন্থিলকুমাৰৰ পত্নী আৰু দুই কন্যাৰ মৃতদেহ উদ্ধাৰ কৰে । তাৰ পিচত মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

পৰিয়ালটোৰ আত্মহত্যাক লৈ সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে । পৰিয়ালটোৰ বাকী সদস্য আৰু আত্মীয়ৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে । ইফালে আৰক্ষীয়ে সমগ্ৰ ঘটনাটোক লৈ এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক :ৰামেশ্বৰম কেফে বিস্ফোৰণৰ অভিযুক্তক চিনাক্ত, গৃহ বিভাগৰ বিষয়াৰে দুপৰীয়া মুখ্যমন্ত্ৰীৰ বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.