ভুৱনগিৰি : তেলেংগানাৰ ভুদান পোচাম্পল্লী মণ্ডলৰ জালালপুৰত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা । শনিবাৰে পুৱতি নিশা এখন গাড়ীয়ে নিয়ন্ত্ৰণ হেৰুৱাই এটা পুখুৰীত পৰি ডুব যায় ৷ ফলত পাঁচজন যুৱকে প্ৰাণ হেৰুৱাব লগা হয় । এই দুৰ্ঘটনাটোৰ পৰা কথমপি ৰক্ষা পৰা আন এজন যুৱক সংকটজনক অৱস্থাত স্থানীয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।
শনিবাৰে পুৱা প্ৰায় ৪.৩০ বজাত এই দুৰ্ঘটনাটো সংঘটিত হয় । এল বি নগৰৰ আৰ টি চি কলনিৰ বাসিন্দা যুৱককেইজনে এখন গাড়ীত হায়দৰাবাদৰ পৰা ভুদান পোচাম্পল্লী অভিমুখে গৈ আছিল । জানিব পৰা মতে, যুৱকৰ দলটোৱে মাজনিশা তেওঁলোকৰ ঘৰৰ পৰা ওলাই গৈছিল আৰু কেইবা ঘণ্টা ধৰি যাত্ৰা কৰি আছিল ।
আব্দুল্লাপুৰ মেটৰ ওচৰত এটা সৰু পথ দুৰ্ঘটনাৰ পিচত তেওঁলোকে তাড়ি খাবলৈ পঞ্চমপল্লীলৈ যোৱাৰ সিদ্ধান্ত লয় । তেওঁলোকে পঞ্চমপল্লীৰ পৰা পুৱাৰ আহাৰ গ্ৰহণ কৰিবলৈ উভতি আহিছিল আৰু সেই সময়তে বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই এটা পুখুৰীত ডুব যায় ।
মণিকান্ত নামে চিনাক্ত কৰা একমাত্ৰ জীৱিত যুৱকজন চালকৰ কাষৰ আসনত বহি আছিল । নিজৰ জীৱন ৰক্ষা কৰাৰ এক আকুল প্ৰচেষ্টাত তেওঁ গাড়ীখনৰ সন্মুখৰ আইনাখন ভাঙি কেনেবাকৈ ওলাই আহে । তাৰ পিচত আঘাতপ্ৰাপ্ত মণিকান্তই ওচৰেৰে পাৰ হৈ যোৱা এজন গাখীৰ বিক্ৰেতাক হাত দাঙি ৰখাই আৰু ঘটনাৰ কথা জনায় । তেওঁ লগে লগে আৰক্ষীক খবৰটো দিয়ে ।
ইয়াৰ পিচত ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে স্থানীয় গাঁওবাসীৰ সহায়ত পানীত ডুব যোৱা বাহনখনৰ পৰা মৃতদেহকেইটা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । মৃতদেহকোইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে ভুৱনাগিৰি চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।
পাঁচোগৰাকী ভুক্তভোগীৰে বয়স ২০ৰ পৰা ২১ বছৰৰ ভিতৰত আৰু তেওঁলোকে কোনো পৰোৱা নকৰাকৈ গাড়ী চলোৱা বুলি অভিযোগ উঠিছে । প্ৰাপ্ত তথ্য মতে, গাড়ী চলোৱাৰ সময়ত ভাগৰ আৰু অসাৱধানতাৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হয় ।
ভুক্তভোগীসকলক হৰ্ষ, দিনেশ, ভামচি (চালক), বালু আৰু বিনয় বুলি চিনাক্ত কৰা হৈছে । তেওঁলোক আটাইকেইজন হায়দৰাবাদৰ এল বি নগৰৰ আৰ টি চি কলনিৰ বাসিন্দা । একমাত্ৰ জীৱিত মণিকান্ত বৰ্তমান পৰ্যবেক্ষণত আছে । তেওঁ কৰ্তৃপক্ষক দুৰ্ঘটনাটোৰ বিষয়ে জনায় । আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে ।