ETV Bharat / bharat

2029 লৈকে দলীয় ৰাজনীতি পাহৰি দেশৰ বাবে কাম কৰক : সকলো সাংসদলৈ প্ৰধানমন্ত্ৰীৰ আহ্বান - Monsoon Session of Parliament 2024 - MONSOON SESSION OF PARLIAMENT 2024

PM Modi To All MPs: বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে সদনত ভাষণ প্ৰদান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷ ‘দলীয় ৰাজনীতি’ক একাষৰীয়া কৰি দেশৰ উন্নয়নক অগ্ৰাধিকাৰ দিবলৈ ভাষণযোগে আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷ নেতিবাচক ৰাজনীতি কৰাৰ অভিযোগ বিৰোধী দল কংগ্ৰেছৰ বিৰুদ্ধে ৷

Till 2029, Forget Party Politics, Work For The Country: PM Modi To All MPs
প্ৰধানমন্ত্ৰী মোদী (ANI)
author img

By ETV Bharat Assamese Team

Published : Jul 22, 2024, 1:36 PM IST

নেশ্যনেল ডেস্ক, 22 জুলাই: সোমবাৰে আৰম্ভ হয় সদনৰ বৰ্ষাকালীন অধিৱেশন ৷ এই অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে সদনত ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ মোদীয়ে ভাষণযোগে সকলো দলকে ‘দলীয় ৰাজনীতি’ক একাষৰীয়া কৰি আগন্তুক চাৰে চাৰি বছৰৰ ভিতৰত দেশৰ উন্নয়নক অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনায় ।

ৰাজনৈতিক সংঘাত এৰাই চলাৰ প্ৰতি গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে শেহতীয়া নিৰ্বাচনত জনসাধাৰণৰ সিদ্বান্তই বিভাজনকাৰী দলীয় কৌশলৰ অন্ত পৰাৰ সংকেত দিছে ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "মই সকলো দলকে ক'ব বিচাৰো যে আগন্তুক চাৰে চাৰি বছৰৰ বাবে আমি দলীয় ৰাজনীতিৰ পৰা আঁতৰি থাকিব লাগে । 2029 অৰ্থাৎ নিৰ্বাচনী বছৰ আহিলে আপুনি পুনৰ দলীয় ৰাজনীতি কৰিব ৷ কিন্তু তেতিয়ালৈকে কেৱল দেশখনৰ উন্নয়নৰ প্ৰতি গুৰুত্ব দিয়ক।"

মোদীয়ে কয় যে 2014 চনৰ পৰা বহু সাংসদে নিজ নিজ সমষ্টিৰ প্ৰকৃত সমস্যাবোৰ উত্থাপন কৰিব পৰা নাই কাৰণ কিছুমান দলে “নেতিবাচক ৰাজনীতি”ত লিপ্ত হৈছে । কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ মোদীয়ে কয়, "এই দলসমূহে সংসদৰ বহুমূলীয়া সময়ৰ অপব্যৱহাৰ কৰি নিজৰ ৰাজনৈতিক ব্যৰ্থতা লুকুৱাই আহিছে ।"

তেওঁ কংগ্ৰেছক পোনপটীয়াকৈ আক্ৰমণ কৰি ‘নেতিবাচক ৰাজনীতি’ কৰা বুলি দাবী কৰি বিগত সময়ত বহুমূলীয়া সংসদীয় সময় অপচয় কৰা বুলি আক্ষেপ প্ৰকাশ কৰে ।

নিজৰ চৰকাৰৰ সাফল্য আৰু প্ৰতিশ্ৰুতি সন্দৰ্ভত আলোকপাত কৰি মোদীয়ে নিৰ্বাচনী প্ৰতিশ্ৰুতিক বাস্তৱায়িত কৰা হ’ব বুলি জনসাধাৰণক পুনৰবাৰ প্ৰতিশ্ৰুতি আগবঢ়ায় । প্ৰধানমন্ত্ৰী মোদীয়ে লগতে আস্থা প্ৰকাশ কৰে যে বৰ্তমানৰ বাজেটখনে জাতিটোক সমৃদ্ধিৰ দিশে পৰিচালিত কৰিব আৰু এক শক্তিশালী গণতান্ত্ৰিক প্ৰক্ৰিয়াক প্ৰতিপালন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ।

লগতে পঢ়ক: সংসদৰ বাজেট অধিৱেশন: নীট পৰীক্ষা জালিয়াতিৰ পৰা কানৱাৰ যাত্ৰালৈ ভিন্ন বিষয়েৰে চৰকাৰক আক্ৰমণৰ লক্ষ্য বিৰোধীৰ - Parliament Budget Session

বাজেট অধিবেশনৰ পূৰ্বে সোমবাৰে অনুষ্ঠিত হ'ব কংগ্ৰেছ সংসদীয় দলৰ বৈঠক - Parliament Budget Session 2024

সপ্তমবাৰৰ বাবে কেন্দ্ৰীয় বাজেট দাখিলেৰে অভিলেখ গঢ়াৰ দিশে নিৰ্মলা সীতাৰমণ - Monsoon Session of Parliament 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.