ETV Bharat / bharat

বিজাপুৰত বিস্ফোৰকসহ ৩ মাওবাদী কৰায়ত্ত, দুজনৰ আত্মসমৰ্পণ - Naxalites arrested in Chhattisgarh

author img

By ETV Bharat Assamese Team

Published : Sep 7, 2024, 11:59 AM IST

Maoist Arrested in Bijapur : শুকুৰবাৰে কুদামি সোমলু, লিংগু চেমলা ওৰফে লিংগা আৰু সোমলু কাদতি নামৰ মাওবাদী তিনিটাক ডিটনেটিং কৰ্ড, গান পাউডাৰ, ডিটনেটৰ আৰু অন্যান্য বিস্ফোৰক সামগ্ৰীৰ সৈতে গ্ৰেপ্তাৰ কৰা হয় । এক গোপন খবৰৰ ভিত্তিত নিৰাপত্তা বাহিনীয়ে মাওবাদী তিনিটাক গ্ৰেপ্তাৰ কৰে ।

Maoist Arrested in Bijapur
বিজাপুৰত বিস্ফোৰকসহ ৩ মাওবাদী কৰায়ত্ত (ETV Bharat)

নিউজ ডেস্ক, ৭ ছেপ্টেম্বৰ : ৫ লাখ টকা পুৰস্কাৰ ঘোষণা কৰা এজন মাওবাদীয়ে তেওঁৰ পত্নীৰ সৈতে এক অভিযানৰ সময়ত ছত্তীশগড়ৰ নাৰায়ণপুৰত আত্মসমৰ্পণ কৰে । আনহাতে, আন তিনিজনক বিজাপুৰত বৃহৎ পৰিমাণৰ বিস্ফোৰকৰ সৈতে আটক কৰা হয় । শুকুৰবাৰে আৰক্ষী সূত্ৰত এই কথা প্ৰকাশ । আৰক্ষীয়ে জনোৱা মতে, মাওবাদীকেইটাই চাৰ্কেগুডা কালভাৰ্টৰ ওচৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা কৰি আছিল ।

ইফালে মূৰৰ দাম ৫ লাখ টকা ঘোষণা কৰা আত্মসমৰ্পণকাৰী নক্সালবাদীজনে বৃহস্পতিবাৰে অস্ত্ৰ সম্বৰণ কৰে । তেওঁ হৈছে দোচেল চালাম ওৰফে সোনভা আৰু তেওঁৰ পত্নীৰ নাম আৰতী । আন তিনিজন হৈছে কুদামি সোমলু, লিংগু চেমলা ওৰফে লিঙ্গা আৰু সোমলু কাডটি ।

"চালাম চি পি আই (মাওবাদী) কুতুল আঞ্চলিক সমিতিৰ যোগান দলৰ কমাণ্ডাৰ আছিল । আনহাতে, আৰতী কোডিয়াৰ জনতানা সৰকাৰ বিদ্যালয় শাখাৰ অংশ আছিল । তেওঁ ১৩ বছৰ ধৰি অবৈধ মাওবাদী আন্দোলনত জড়িত আছিল । আনহাতে, তেওঁৰ পত্নী বিগত ন বছৰ ধৰি হিংসাত্মক ঘটনাত জড়িত আছিল ।" এজন আৰক্ষী বিষয়াই কয় ।

বনাঞ্চলত কিছু সন্দেহজনক লোকৰ গতিবিধিৰ শবৰ পাই জিলা ৰিজাৰ্ভ গাৰ্ড (ডি আৰ জি), কোব্ৰা বেটেলিয়ন আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ (চি আৰ পি এফ) এটা দলে নিয়মীয়া তালাচী অভিযানত ওলাই গৈছিল । ইফালে বাহিনীটোৱে চাৰ্কেগুড়া আৰু পেগাদাপল্লীত অনুসন্ধান অভিযান তীব্ৰতৰ কৰি তুলিছে ।

"সোমলু হৈছে এজন মাওবাদী সদস্য । আনহাতে, লিংগা কমাণ্ডাৰ আৰু কাডটি হৈছে বিপ্লৱী দলৰ সভাপতি । কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ (চি আৰ পি এফ) ১৬৮ নম্বৰ বেটেলিয়ন আৰু নক্সালবিৰোধী অভিযানত থকা চি আৰ পি এফৰ ২১০ নং কোব্ৰা বেটেলিয়নৰ জিলা ৰিজাৰ্ভ গাৰ্ডে তেওঁলোকৰ পৰা বিস্ফোৰণকাৰী তাঁৰ, গান পাউডাৰ, ডিটনেটৰ আৰু অন্যান্য মাওবাদী সামগ্ৰী জব্দ কৰে ।" এজন আৰক্ষী বিষয়াই কয় ।

উল্লেখ্য যে গ্ৰেপ্তাৰ কৰা মাওবাদীকেইজনৰ পৰা বাৰুদ, ডিটনেটৰ আৰু নক্সালবাদী সামগ্ৰী উদ্ধাৰ কৰা হৈছে । বিস্ফোৰণত ব্যৱহৃত কোডেক্স তাঁৰ আৰু ডিটনেটৰো তেওঁলোকৰ পৰা জব্দ কৰা হৈছে । বাহিনীটোৱে বস্তাৰত নক্সালবিৰোধী অভিযান চলাই আছে ।

লগতে পঢ়ক :মণিপুৰৰ বিষ্ণুপুৰ জিলাত উগ্ৰপন্থীৰ ৰকেট আক্ৰমণত এজনৰ মৃত্যু: শিক্ষানুষ্ঠান বন্ধ ঘোষণা - Manipur fresh violence
লগতে পঢ়ক :ৰেগিঙৰ নামত ছাত্ৰক যৌন নিৰ্যাতন, উচিত তদন্তৰ দাবীত এন এছ ইউ আইৰ প্ৰতিবাদ - Dehradun ragging case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.