ETV Bharat / bharat

সৰ্প দংশনত একেদিনাই একেটা পৰিয়ালৰ তিনিজনৰ মৃত্যু - Snake bite Incident

Snake bite in Gumla: সৰ্প দংশনত একেদিনাই একেটা পৰিয়ালৰ তিনিজন লোকৰ মৃত্যু । বিধ্বস্ত যাতায়ত ব্যৱস্থাৰ বাবে নিশা চিকিৎসালয়লৈ যাব নোৱাৰি পৰিয়ালৰ লোকে তিনিওকে লৈ উপস্থিত হ’ল তান্ত্ৰিকৰ ওচৰত ৷ নিশাজুৰি জৰা-ফুঁকা কৰাৰ পাচতো সুস্থ নোহোৱাত পুৱা গাঁওবাসীয়ে তিনিওজনকে কান্ধত লৈ উপস্থিত হয় সামূহিক স্বাস্থ্যকেন্দ্ৰত ৷ তাৰ পাচত...

author img

By ETV Bharat Assamese Team

Published : Jul 8, 2024, 7:12 PM IST

Snake bite in Gumla
সৰ্প দংশনত একেটা পৰিয়ালৰ তিনিজন লোকৰ মৃত্যু (ETV BHARAT ASSAM)

নিউজ ডেস্ক, ৮ জুলাই: ঝাৰখণ্ডৰ গুমলা জিলাত সৰ্প দংশনৰ ফলত একেটা পৰিয়ালৰ তিনিজন লোকৰ মৃত্যু হয় । তিনিওজন সময়মতে চিকিৎসালয়ত উপস্থিত হোৱা হ’লে তেওঁলোকৰ প্ৰাণৰক্ষা কৰিব পৰা গ’লহেঁতেন । কিন্তু অন্ধবিশ্বাসত আবদ্ধ হৈ পৰা পৰিয়ালৰ লোকসকলে প্ৰথমে ভূত-প্ৰেত নিৰ্বাসনৰ জৰিয়তে চিকিৎসা লাভ কৰিবলৈ আৰম্ভ কৰে । যাৰ বাবে তেওঁলোকৰ সময়মতে চিকিৎসা কৰিব পৰা নগ’ল আৰু অকাল মৃত্যুক আঁকোৱালি ল’বলগীয়া হয় তিনিওজনে ।

লগতে পঢ়ক: সৰ্প দংশনত আক্ৰান্ত কিশোৰৰ মৃত্যু : চিকিৎসকৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ - Snake bite Incident

ঝাৰখণ্ডৰ পালকোট ব্লক এলেকাৰ লটৱা ডুগডুগীত সংঘটিত হৈছে এই ঘটনা । নিহত কেইজন ক্ৰমে ৰাজেশ কিষাণ, পত্নী সুনীতা আৰু ভাতৃ মনোজ কিষাণ বুলি চিনাক্ত কৰা হৈছে । দেওবাৰে ৰথযাত্ৰাৰ সময়ত মেলা চাই ঘৰলৈ উভতি আহি নৈশ আহাৰ গ্ৰহণৰ পিচত ঘৰৰ সকলো মজিয়াতে শুই পৰে । গভীৰ নিশা বিষাক্ত ক্ৰেইট সাপে ঘৰটোৰ ভিতৰত প্ৰৱেশ কৰি তিনিওকে দংশন কৰে ।

পাচদিনা অৰ্থাৎ সোমবাৰে পুৱা তিনিওজনকে পালকোট স্বাস্থ্যকেন্দ্ৰলৈ লৈ যোৱা হয় । চিকিৎসালয়ত চিকিৎসকে ৰাজেশ কিষাণ ওৰফে ৰাজু আৰু পত্নী সুনীতা কুমাৰীক মৃত ঘোষণা কৰে । আনহাতে মনোজ কিষাণক ১০৮ নং এম্বুলেন্সেৰে সদৰ চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে তেওঁকো মৃত বুলি ঘোষণা কৰে ।

লগতে পঢ়ক: বানৰ মাজতে সৰ্পদংশন : ৰাইজে দাঙি নিবলগীয়া হ’ল হাস্পতাললৈ - Assam flood 2024

ঘটনা সন্দৰ্ভত তথ্য দি মৃতকৰ ভাতৃ ভুৱনেশ্বৰ কিষাণে কয় যে নিশাৰ সময় হোৱাৰ বাবে আৰু যাতায়তৰ সু-ব্যৱস্থা নথকাৰ বাবে সৰ্প দংশনৰ পাচত তিনিওকে সুস্থ কৰাৰ বাবে প্ৰথমে তান্ত্ৰিকৰ ওচৰলৈ অনা হয় । পুৱাও গাঁওখনত কোনো বাহন পোৱা নহ’ল । যাৰ বাবে গাঁওবাসীয়ে তিনিওজনকে কান্ধত লৈ সামূহিক স্বাস্থ্যকেন্দ্ৰলৈ লৈ যায় যদিও তেওঁলোকৰ মৃত্যু হয় । চিকিৎসকে তিনিওৰে স্বাস্থ্য পৰীক্ষা কৰি সময়মতে চিকিৎসালয়ত উপস্থিত হোৱা হ’লে তেওঁলোকৰ প্ৰাণৰক্ষা কৰিব পৰা গ’লহেঁতেন বুলি উল্লেখ কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.