নিউজ ডেস্ক, ১৮ জুলাই : নীট প্ৰশ্নকাকত ফাদিল গোচৰত চিবিআইৰ দলে প্ৰতিদিনে নতুন নতুন দিশ উন্মোচন কৰি আহিছে । অৱশ্যে এই কাণ্ডৰ মাষ্টাৰমাইণ্ড সঞ্জীৱ মুখীয়া এতিয়াও চিবিআইৰ জালত পৰা নাই । কিন্তু তাৰ মাজতে বুধবাৰে চিবিআইৰ দলে পাটনা এইমছৰ 3 গৰাকী চিকিৎসকক গ্ৰেপ্তাৰ কৰে । তিনিওগৰাকী চিকিৎসক ২০২১ বেচৰ শিক্ষাৰ্থী । তেওঁলোকক সোধা-পোছা কৰি থকা হৈছে । আনহাতে, পৰৱৰ্তী তদন্তৰ বাবে চিবিআয়ে তেওঁলোকৰ কোঠাকেইটা ছীল কৰি দিছে ।
গোচৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত শুনানি
ইফালে চিবিআইৰ দলে এতিয়ালৈকে প্ৰশ্নকাকত চোৰৰ পৰা প্ৰশ্নকাকত ফাদিল কৰালৈকে আৰু এই প্ৰশ্নকাকত শিক্ষাৰ্থীলৈ সৰবৰাহ কৰা সকলোকে গ্ৰেপ্তাৰ কৰিছে । অৱশ্যে এই কাণ্ডৰ মাষ্টাৰমাইণ্ড সঞ্জীৱ মুখীয়া এতিয়াও চিবিআইৰ কবলত পৰা নাই । তাৰ মাজেত বৃহস্পতিবাৰে এই গোচৰটোৰ সৈতে সম্পৰ্কিত আবেদনসমূহৰ শুনানি উচ্চতম ন্যায়ালয়ত হ'বলৈ গৈ আছে ।
কোনে ট্ৰাংকৰ পৰা চুৰি কৰিছিল প্ৰশ্নকাকত
নীট প্ৰশ্নকাকত ফাদিলৰ গোচৰত চিবিআইৰ দলটোৱে ২০২১ বৰ্ষৰ তিনিগৰাকী শিক্ষাৰ্থীক পাটনা এইমছৰ পৰা গ্ৰেপ্তাৰ কৰিছে । তিনিওগৰাকীৰে লেপটপ আৰু স্মাৰ্টফোনো জব্দ কৰা হৈছে । ইয়াৰ উপৰি এতিয়ালৈকে এই গোচৰত বহু লোকক গ্ৰেপ্তাৰ কৰা হৈছে । পংকজ আৰু ৰাজু নামৰ দুই অভিযুক্তক মঙলবাৰে গ্ৰেপ্তাৰ কৰা হয় । জেৰাৰ সময়ত পংকজে ট্ৰাংকৰ পৰা প্ৰশ্নকাকত চুৰি কৰা বুলি স্বীকাৰ কৰে । চিবিআয়ে তেওঁক জিম্মাত লৈছে আৰু তেওঁক এই বিষয়ে কোনে তথ্য প্ৰদান কৰিছিল তাৰ অনুসন্ধান অব্যাহত ৰাখিছে ।
এতিয়ালৈকে কিমানজন গ্ৰেপ্তাৰ হৈছে
চিবিআইৰ দলটোৱে এতিয়ালৈকে নীট প্ৰশ্নকাকত ফাদিল গোচৰত ৪২ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে । সূত্ৰ অনুসৰি, চিবিআয়ে এই তিনিগৰাকী চিকিৎসককো জিম্মাত লৈছে । কোনোবাই এই সন্দৰ্ভত কিবা বুজি পোৱাৰ পূৰ্বেই চিবিআইৰ দলটোৱে তেওঁলোকক জিম্মাত লৈ সোধা-পোছাৰ বাবে অজ্ঞাত স্থানলৈ ৰাওনা হয় । জেৰাৰ পিচত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয় ।
মুখ্য অভিযুক্তৰ সন্ধানত চিবিআইৰ অভিযান
পাটনা এইমছৰ পৰা ২০২১ বৰ্ষৰ তিনিওগৰাকী শিক্ষাৰ্থীক গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে শাস্ত্ৰী নগৰ আৰক্ষী থানাৰ আৰক্ষীয়ে এজন চিকিৎসকসহ 13 জন লোকক গ্ৰেপ্তাৰ কৰিছিল । এতিয়ালৈকে সাতখন ৰাজ্যৰ পৰা 42 জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে । অৱশ্যে চিবিআইৰ দলটোৱে এতিয়াও মাষ্টাৰমাইণ্ড সঞ্জীৱ মুখীয়াক গ্ৰেপ্তাৰ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ।