ETV Bharat / bharat

উধমপুৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ চিআৰপিএফ জোৱান - Udhampur terrorist attack

author img

By ETV Bharat Assamese Team

Published : Aug 20, 2024, 8:31 AM IST

Udhampur terrorist attack: জম্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ । উধমপুৰত টহলদাৰী চিআৰপিএফৰ দলক লক্ষ্য কৰি গুলীচালনা । আক্ৰমণটোত শ্বহীদ চিআৰপিএফৰ পৰিদৰ্শক কুলদীপ সিং । প্ৰিয়ংকা গান্ধীয়ে গভীৰ শোকপ্ৰকাশ কৰিছে ।

Udhampur terrorist attack
উধমপুৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ চিআৰপিএফ জোৱান (ANI)

নেশ্যনেল ডেস্ক,২০ আগষ্ট : জম্মু-কাশ্মীৰত পুনৰ শোকাৱহ ঘটনা । সোমবাৰে জম্মু ডিভিজনৰ উধমপুৰ জিলাৰ চীল অঞ্চলত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষত এগৰাকী চিআৰপিএফ পৰিদৰ্শক শ্বহীদ হয় । লগতে ৩ জন জোৱান আহত হয় । আঘাতপ্ৰাপ্ত জোৱানসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । সূত্ৰৰ মতে উধমপুৰত চিআৰপিএফৰ টহলদাৰী দলক আক্ৰমণ কৰিছিল সন্ত্ৰাসবাদীয়ে ।

শ্বহীদ চিআৰপিএফৰ পৰিদৰ্শক

উল্লেখ্য যে শ্বহীদ চিআৰপিএফৰ পৰিদৰ্শকগৰাকী ১৮৭ বেটেলিয়নৰ কুলদীপ সিং বুলি চিনাক্ত কৰা হৈছে । জানিব পৰা মতে চিল আৰু ডুডু অঞ্চলত আৰক্ষী আৰু চিআৰপিএফৰ যুটীয়া দলে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলাইছিল । সেই সময়তে সন্ত্ৰাসবাদী টহলদাৰী দলটোক লক্ষ্য কৰি গুলীচালনা কৰে । য'ত জোৱানগৰাকী শ্বহীদ হয় । ইফালে ঘটনাটোৰ পিচতে নিৰাপত্তা বাহিনীয়ে অঞ্চলটো ঘেৰাও কৰি ৰাখিছে । লগতে সন্ত্ৰাসবাদীৰ সন্ধানত অভিযান তীব্ৰতৰ কৰি তুলিছে ।

চিআৰপিএফৰ শ্ৰদ্ধাঞ্জলি

ইফালে চিআৰপিএছয়ে এক্সৰ এটা পোষ্টত জোৱানগৰাকীৰ মৃত্যুত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে লগতে তেওঁৰ সাহস আৰু কৰ্তব্যৰ প্ৰতি সমৰ্পনক অভিবাদন জনাইছে । উধমপুৰ-ৰিয়াচি ৰেঞ্জৰ উপ-আৰক্ষী মহাপৰিদৰ্শক ৰায়ছ মহম্মদ ভাটে কয়, "ইটো অতি দুখজনক, কিন্তু ই আমাৰ কৰ্তব্যৰ অংশ ।" তেওঁ লগতে কয়, "এই অঞ্চলটো জংঘলেৰে ভৰা, ৰাস্তা আৰু নেটৱৰ্কৰ ব্যৱস্থা নাই । ইয়াত আমি বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছো । আমি প্ৰযুক্তি আৰু ড্ৰোণ ব্যৱহাৰ কৰি আছো আৰু আমি যিমান সম্ভৱ সোনকালে সন্ত্ৰাসবাদীক নিষ্ক্ৰিয় কৰিবলৈ চেষ্টা কৰি আছো ।"

উল্লেখ্য যে অহা ছেপ্টেম্বৰ আৰু অক্টোবৰত ৩ টা পৰ্যায়ত জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব । তাৰ প্ৰাকক্ষণত অঞ্চলটোত সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে । যাৰ বাবে নিৰাপত্তা বাহিনীক সষ্টম কৰি তোলা হৈছে ।

প্ৰিয়ংকা গান্ধীৰ শোকপ্ৰকাশ

উধমপুৰৰ এই ঘটনাক লৈ ৰাজনৈতিক মহলতো প্ৰতিক্ৰিয়া হৈছে । চিআৰপিএফৰ পৰিদৰ্শকৰ মৃত্যুত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে শোকপ্ৰকাশ কৰিছে । এক্সৰ এটা পোষ্টত তেওঁ লিখিছে,"জম্মু-কাশ্মীৰৰ উধমপুৰত সন্ত্ৰাসবাদীৰ সৈতে সংঘৰ্ষৰ সময়ত চিআৰপিএফ পৰিদৰ্শক কুলদীপ কুমাৰৰ শ্বহীদ হোৱাৰ খবৰ অত্যন্ত দুখজনক । ঈশ্বৰে বিদেহী আত্মাক শান্তি দিয়ক । শোকসন্তপ্ত পৰিয়াললৈ মোৰ গভীৰ সমবেদনা । সমগ্ৰ দেশ সন্ত্ৰাসবাদৰ বিৰুদ্ধে একত্ৰিত হৈছে আৰু একেমুখে ইয়াক তীব্ৰ গৰিহণা দিছে ।"

লগতে পঢ়ক :সদ্ভাৱনা দিৱস : প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক স্মৰণ - Rajiv Gandhi

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.