ETV Bharat / bharat

স্বামীহন্তা 'নীহাৰিকা' ! ৮ কোটিয়ে কাল হ'ল ৰমেশৰ - TELANGANA WOMAN KILLS HUSBAND

কেৱল টকাৰ বাবেই নীহাৰিকাই স্বামীক হত্যা কৰিলে নে ইয়াৰ আঁৰত তেওঁৰ অপৰাধমূলক প্ৰবৃত্তি আছিল ?

Telangana Woman Kills Husband
স্বামীহন্তা 'নীহাৰিকা' ! ৮ কোটিয়ে কাল হ'ল ৰমেশৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Oct 28, 2024, 10:13 PM IST

হায়দৰাবাদ : তেলেংগানাত সংঘটিত হৈছে এক ভয়ংকৰ হত্যাকাণ্ড । এগৰাকী মহিলাই তেওঁৰ দুই সহযোগীৰে মিলি হায়দৰাবাদত তেওঁৰ ব্যৱসায়ী স্বামীক হত্যা কৰে ।

কিয় কৰিলে স্বামীক হত্যা

পত্নীয়ে স্বামীৰ পৰা বিচাৰিছিল ৮ কোটি টকা । কিন্তু স্বামীয়ে সেয়া দিবলৈ অস্বীকাৰ কৰিছিল । পত্নীৰ ৮ কোটি টকাৰ দাবী পূৰণ কৰিবলৈ অস্বীকাৰ কৰাৰ বাবেই ব্যক্তিজনে নিজৰ জীৱনৰ মূল্য ভৰিবলগা হয় । পিছত মাৰ্চিডিজ বেঞ্জ গাড়ীৰে নি কৰ্ণাটক সীমান্তৰ সিপাৰে মৃতদেহটো পেলাই দিয়ে । আনহাতে, হত্যাৰ পিছত স্বামীৰ নিৰুদ্দেশ অভিযোগ দাখিল কৰে অভিযুক্ত মহিলাগৰাকীয়ে । অৱশ্যে আৰক্ষীয়ে হত্যাকাণ্ডত জড়িত দুই সহযোগীৰ সৈতে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

কেনেদৰে পোহৰলৈ আহিল হত্যাকাণ্ড

৮ অক্টোবৰত কৰ্ণাটকৰ কোডাগু জিলাৰ চুনটিকোপ্পাৰ ওচৰৰ এখন কফি বাগানত আৰক্ষীয়ে এটা অচিনাক্ত আৰু অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰ কৰে । এই মৃতদেহটোক লৈ অনুসন্ধান আগবঢ়োৱাৰ সময়তে এই ভয়ংকৰ হত্যাকাণ্ডটো পোহৰলৈ আহে । পৰৱৰ্তী অনুসন্ধানত অঞ্চলটোৰ চিচি টিভি ফুটেজ পৰীক্ষা কৰা হয় । তাৰ পিছত আৰক্ষীয়ে মৃতদেহটো তেলেংগানাৰ এগৰাকী ৰিয়েল ইষ্টেট ব্যৱসায়ী ৰমেশ কুমাৰৰ বুলি চিনাক্ত কৰে । যিখন গাড়ীত ভুক্তভোগীৰ মৃতদেহটো কঢ়িয়াই নিয়া হৈছিল, চিচি টিভি ফুটেজৰ সহায়ত উক্ত ৰঙা মাৰ্চিডিজ গাড়ীখন চিনাক্ত হোৱাৰ পিছত গাড়ীখন ৰমেশৰ নামত পঞ্জীয়ন থকা কথাটো আৰক্ষীয়ে জানিব পাৰে । তাৰে ভিত্তিতে মৃতদেহটো ৰমেশৰ বুলি চিনাক্ত কৰা হয় ।

আনহাতে, পৰৱৰ্তী সময়ত কৰ্ণাটক আৰু তেলেংগানাত আৰক্ষীৰ যুটীয়া তদন্তত ভুৱনগিৰি জিলাৰ নিহত ব্যৱসায়ীগৰাকীৰ পত্নী নীহাৰিকাক (২৯) জিম্মাত লোৱা হয় । এগৰাকী আৰক্ষী বিষয়াই জনোৱা অনুসৰি, তেওঁ জেৰাৰ সময়ত নিজৰ অপৰাধ স্বীকাৰ কৰে । আনহাতে, তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিতে আৰক্ষীয়ে দুই সহযোগী নিখিল আৰু অংকুৰকো গ্ৰেপ্তাৰ কৰে ।

এই ভয়ংকৰ হত্যাৰ ষড়যন্ত্ৰ কেনেদৰে ৰচনা কৰিছিল

পৰৱৰ্তী সময়ত তিনিওকে চলোৱা আৰক্ষীৰ জেৰাত মহিলাগৰাকী আৰু তেওঁৰ দুই সহযোগীয়ে অতি শীতল মস্তিষ্কৰে আৰু সতৰ্কতাৰে হত্যাৰ পৰিকল্পনা কৰাৰ কথা পোহৰলৈ আহে ।

আৰক্ষীৰ জেৰাৰ সময়ত লাভ কৰা তথ্য মতে, নীহাৰিকাই ইয়াৰ পূৰ্বে দুবাৰ বিয়া কৰাইছিল । দুয়োবাৰে বিবাহ বিচ্ছেদ হোৱাৰ পিছত ৰমেশৰ সৈতে তৃতীয়বাৰ বিবাহপাশত আবদ্ধ হৈছিল । পূৰ্বৰ স্বামী দুজনৰ এগৰাকী বেংগালুৰুৰ আৰু দ্বিতীয়গৰাকী হাৰিয়ানাৰ আছিল । আনহাতে, ৰমেশক বিয়া কৰোৱাৰ পিছত নীহাৰিকাই তেওঁৰ পৰা ৮ কোটি টকা দাবী কৰিছিল । কিন্তু ৰমেশে ইমান পৰিমাণৰ ধন দিবলৈ অস্বীকাৰ কৰিছিল ।

ইয়াৰ পিছত নীহাৰিকাই তেওঁৰ সহযোগীসকলৰ সৈতে মিলি হত্যাৰ ষড়যন্ত্ৰ ৰচিছিল । অভিযুক্তই ১ অক্টোবৰত হায়দৰাবাদৰ উপ্পল অঞ্চলত ৰমেশক প্ৰহাৰ কৰি হত্যা কৰিছিল । ইয়াৰ পিছত মৃতদেহটো টুকুৰা-টুকুৰ কৰি জ্বলাই দি কোডাগুত পেলাই দিছিল ।

নীহাৰিকাৰ শৈশৱ আছিল সমস্যাগ্ৰস্ত

ইফালে আৰক্ষীৰ অনুসন্ধানত এইটোও প্ৰকাশ পাইছে যে নীহাৰিকাৰ শৈশৱটো সমস্যাজৰ্জৰ আছিল । কিশোৰী অৱস্থাতে তেওঁ পিতৃহাৰা হৈছিল । ইয়াৰ পিছত তেওঁৰ মাতৃয়ে পুনৰ বিবাহপাশত আবদ্ধ হৈছিল । খবৰ অনুসৰি, পঢ়া-শুনাত নীহাৰিকা অতি চোকা আছিল । নীহাৰিকাই অভিযান্ত্ৰিকৰ ডিগ্ৰী লাভৰ পিছত চাকৰিও লাভ কৰিছিল । কিন্তু মাতৃ হোৱাৰ পিছত তেওঁৰ স্বামীৰ পৰা পৃথক হৈছিল । ইয়াৰ পিছত তেওঁ ৰমেশক বিয়া কৰাইছিল । ৰমেশেও তেওঁৰ প্ৰথম পত্নীৰ সৈতে বিবাহ বিচ্ছেদ কৰিছিল ।

জানিব পৰা মতে, এই সকলোবোৰ মিলি নীহাৰিকাৰ মনটোৱে অপৰাধৰ দিশে গতি কৰে আৰু এক অন্ধকাৰ ভৱিষ্যতৰ ৰূপ লয় । কিয়নো তেওঁ হাৰিয়ানাত চাকৰি কৰি থকাৰ সময়ত আৰ্থিক প্ৰৱঞ্চনাৰ গোচৰত কাৰাগাৰলৈও গৈছিল । আৰক্ষীৰ সূত্ৰ অনুসৰি, কাৰাগাৰত থকাৰ সময়তে তেওঁ ৰমেশৰ হত্যাকাণ্ডত জড়িত আন এজন সহযোগীৰ সংস্পৰ্শলৈ আহিছিল ।

লগতে পঢ়ক :4037 কোটি টকাৰ বেংক জালিয়াতিৰ গোচৰত 503.16 কোটি টকাৰ সম্পত্তি জব্দ
লগতে পঢ়ক :জম্মু-কাশ্মীৰত সেনাৰ এম্বুলেন্সক লক্ষ্য কৰি সন্ত্ৰাসবাদীৰ গুলীচালনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.