ETV Bharat / bharat

মা দুৰ্গাৰ শপত খাই তেওঁলোকে ক’লে...আমি চোৰ নহয় !

author img

By ETV Bharat Assamese Team

Published : Feb 25, 2024, 2:23 PM IST

Swear of God: টকা চুৰি ঈশ্বৰৰ শপত আৰু এখন বিদ্যালয় ৷ এনে এটা কাহিনী আজি আপোনাক ক’বলৈ ওলাইছো, যিটো পঢ়ি আপুনিও এবাৰ ভাবিবলৈ বাধ্য হ’ব এয়া উচিত আছিল নে ?

teacher made the children swear
Swear of God

নিউজ ডেস্ক, 25 ফেব্ৰুৱাৰী: প্ৰতিবেদনলৈ আৰম্ভণিতেই এটা আমোদজনক প্ৰশ্ন সোধো ৰ’ব, আপুনি কেতিয়াবা পইচা চুৰি কৰি পাইছে নে ? সৰু হৈ থাকোঁতে দেউতাৰ জেপৰ পৰা, মায়ে সাঁচি ৰখা খোৰোঙৰ পৰা, আইতাৰ বিচনাৰ তুলিৰ তলৰ পৰা অথবা দাদা-বাইদেউৰ জ্যামিতি বাকচৰ পৰা কেতিয়াবা এটকা দুটকা চুৰি নিশ্চয় আপুনিও কৰিছিল ৷

তাৰ পিচত ধৰা পৰিলে যেতিয়া মা আৰু দেউতাৰ এচাৰিৰ কোব পিঠিত পৰে, তেতিয়া কেনেকুৱা লাগে সেই অভিজ্ঞতাও নিশ্চয় আপোনাৰ হৈছে ৷ বাৰু শপত খাইছিল নে ? মই নাই নিয়া পইচা...বিদ্যা শপত...অমুক শপত...তমুক শপত...এনেকৈ কৈছিল নে ?

আজি অলপ নষ্টালজিক কৰিব খুজিছোঁ আপোনাক ! তাৰ মাজেৰে বাতৰিটো জনাম ৷ এই যে আপোনাক পইচা চুৰিৰ কথা সুধিলোঁ তাতেই লুকাই আছে কাহিনীটো ৷ ল’ৰালিতে কৰা সেই কামবোৰ অৱশ্যে ডাঙৰ অপৰাধ নাছিল যদিও আমাৰ চৰিত্ৰ গঠনত যাতে ই প্ৰভাৱ নেপেলাই তাৰ বাবেই হয়তো অভিভাৱকে আমাক শাস্তি প্ৰদান কৰিছিল, শপত খুৱাইছিল ভৱিষ্যতে তেনে নকৰিবলৈ ৷

বহু কম মানুহেই হয়তো ওলাব যিয়ে এই ধৰণৰ দুষ্টামি কৰা নাছিল ৷ কেৱল পইচাই নহয়, পাঠশালাত লগৰটো বা লগৰজনীৰ কলমটো, কাঠ পেঞ্চিলডাল, ৰবৰ টুকুৰা দেখি ভাল লাগিলে কেতিয়াবা আমি ৰাখি থৈছিলোঁ মনে মনে ৷ পিচত আমাৰ শিক্ষাগুৰুসকলে যেতিয়া চোৰ ধৰা পেলাই, চেকণিৰে কোবাই সৈ কঢ়াইছিল ৷ চুৰি কৰাটো যে এটা বেয়া অভ্যাস সেয়া বুজাইছিল ৷

এতিয়া আহোঁ বাতৰিৰ মাজলৈ ৷ এগৰাকী শিক্ষয়িত্ৰীৰ মানি বেগৰ পৰা 35 টকা এটা নোহোৱা হ’ল ৷ বেগৰ পৰা টকা চুৰি হোৱাত খঙতে অগ্নিশৰ্মা হৈ পৰিল শিক্ষয়িত্ৰীগৰাকী ৷ সন্দেহ কৰিলে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক ৷ 105 গৰাকী ছাত্ৰ-ছাত্ৰীৰ জেপ আৰু বেগত তালাচী চলোৱা হ’ল যদিও, সেই 35 টকাটো পোৱা নগ’ল ৷ কিন্তু শিক্ষয়িত্ৰীগৰাকীয়ে বাৰে বাৰে একেটা কথাই কৈ থাকিলে যে টকা কেইটা কোনোবা শিক্ষাৰ্থীয়েই চুৰি কৰিছে ৷

যেতিয়া ছাত্ৰ-ছাত্ৰীৰ লগত টকা পোৱা নগ’ল, তাৰ পিচত শিক্ষয়িত্ৰীগৰাকীয়ে গোটেই 105 গৰাকী ছাত্ৰ-ছাত্ৰীক লৈ গ’ল বিদ্যালয়ৰ ওচৰতে থকা দুৰ্গা মন্দিৰলৈ ৷ সকলো শিক্ষাৰ্থীকে মন্দিৰত শপত খুৱালে তেওঁলোকে চুৰি কৰা নাই বুলি ৷ ইফালে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ মাজত কথাটো প্ৰচাৰ হৈ গ’ল ৷ নিজৰ সন্তান লাগিলে যিমানেই দুষ্ট নহওক আনে অপযশ দিলে কোনো মাক-দেউতাকেই সহিব নোৱাৰে ৷ অভিভাৱকসকল দৌৰি আহিল বিদ্যালয়লৈ ৷

তাৰ পিচত আৰম্ভ হয় এখন হাই ভল্টেজ ড্ৰামা ৷ অভিভাৱকে উত্তাল কৰি তোলে বিদ্যালয়ৰ পৰিৱেশ ৷ সকলো অভিভাৱকে শিক্ষয়িত্ৰীগৰাকীক বিদ্যালয়ৰ পৰা বহিষ্কাৰৰ বাবে দাবী তোলে ৷ বিদ্যালয় কৰ্তৃপক্ষই অভিভাৱকসকলক শান্ত কৰাৰ প্ৰয়াস কৰে যদিও বিফল হয় ৷ পৰৱৰ্তী সময়ত শিক্ষয়িত্ৰীগৰাকীক বহিষ্কাৰ কৰাৰ আশ্বাস দিয়াৰ পিচতহে অভিভাৱকসকল শান্ত হয় ৷

ইফালে এই সমগ্ৰ ঘটনা সন্দৰ্ভত শিক্ষয়িত্ৰীগৰাকীয়ে কয় যে তেওঁ সকলো শিক্ষাৰ্থীকে হেৰোৱা পইচাৰ কথা সুধিছিল যদিও মন্দিৰত শপত খাবলৈ নিয়া নাছিল ৷ শিক্ষাৰ্থীসকলে নিজেই শপত খাবলৈ মন্দিৰ গৈছিল ৷ তেওঁ বছৰ বছৰ ধৰি সেই বিদ্যালয়ত শিক্ষকতা কৰা বুলি উল্লেখ কৰি তেওঁৰ বিৰুদ্ধে কৰা ব্যৱহাৰত ব্যথিত হোৱা বুলিও কয় ৷

শিক্ষা বিষয়াই অৱশ্যে শিক্ষয়িত্ৰীগৰাকী ফালেই দোষৰ আঙুলি টোঁৱাই আৰু তেওঁক সেই স্কুলৰ পৰা বদলিৰ নিৰ্দেশ দিয়ে ৷ এই ঘটনাটো সংঘটিত হৈছে বিহাৰৰ বাংকাৰ ৰাজৌন ব্লকৰ অধীনৰ আছমনিচাক গাঁৱৰ এখন বিদ্যালয়ত ৷

লগতে পঢ়ক: প্ৰধানমন্ত্ৰীৰ দ্বাৰকা ভ্ৰমণ, মুকলি বহু প্ৰত্যাশিত সুদৰ্শন সেতু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.