ETV Bharat / bharat

এইধৰণৰ ভিডিঅ' ডাউনলোড কৰাটোও অপৰাধ - Child Pornography case

author img

By Sumit Saxena

Published : 3 hours ago

Child Pornography case: 'চাইল্ড পৰ্ণগ্ৰাফী' সম্পৰ্কীয় এক গোচৰত গুৰুত্বপূৰ্ণ ৰায় উচ্চতম ন্যায়ালয়ৰ । এনে সমল চোৱা, প্ৰকাশ কৰা বা ডাউনলোড কৰাটো POCSO আইনৰ অধীনত এক অপৰাধ । মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ এক আদেশ বাতিল শীৰ্ষ ন্যায়ালয়ৰ ।

Child Pornography case
এইধৰণৰ ভিডিঅ' ডাউনলোড কৰাটোও অপৰাধ (IANS)

নেশ্যনেল ডেস্ক,২৩ ছেপ্টেম্বৰ : উচ্চতম ন্যায়ালয়ে শিশুৰ সৈতে সম্পৰ্কিত অশ্লীল সমলৰ ক্ষেত্ৰত এক গুৰুত্বপূ্ৰ্ণ ঘোষণা কৰিছে । উচ্চতম ন্যায়ালয়ে কৈছে যে এনে সমল চোৱা, প্ৰকাশ কৰা বা ডাউনলোড কৰাটো POCSO আইনৰ অধীনত এক অপৰাধ । এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ এক আদেশক লৈ প্ৰশ্ন উত্থাপন কৰে । লগতে উচ্চতম ন্যায়ালয়ে সেই আদেশ বাতিলো কৰে ।

'চাইল্ড পৰ্ণগ্ৰাফী শব্দটো ব্যৱহাৰ নকৰিব': উচ্চতম ন্যায়ালয়

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ জে বি পাৰ্দিৱালাক লৈ গঠিত এক বিচাৰপীঠে এই গুৰুত্বপূৰ্ণ নিৰ্দেশ জাৰি কৰে । বিচাৰপীঠে কেন্দ্ৰীয় চৰকাৰক 'চাইল্ড পৰ্ণগ্ৰাফী' শব্দৰ সলনি 'শিশু যৌন শোষণকাৰী আৰু উৎপীড়ন সামগ্ৰী' শব্দটো ব্যৱহাৰ কৰিবলৈও কয় । শীৰ্ষ ন্যায়ালয়ে সকলো আদালতক কোনো ন্যায়িক আদেশত 'চাইল্ড পৰ্ণগ্ৰাফী' শব্দটো ব্যৱহাৰ নকৰিবলৈও নিৰ্দেশ দিয়ে ।

বিচাৰপীঠে কয়, "আমি এই সিদ্ধান্তত উপনীত হৈছো যে উচ্চ ন্যায়ালয়ে অপ্ৰত্যাশিত ৰায় প্ৰদান কৰাত এক ভয়ংকৰ ত্ৰুটি কৰিছে । সেয়েহে, আমি উচ্চ ন্যায়ালয়ৰ আদেশ বাতিল কৰিছো । গোচৰটো পুনৰ সত্ৰ আদালতত ঘূৰাই পঠিওৱা হৈছে । মুখ্য ন্যায়াধীশৰ মতে এইটো এক যুগান্তকাৰী বিচাৰ ।

কি আছিল মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ আদেশ

আচলতে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে এক গোচৰৰ শুনানিত কৈছিল যে কেৱল চাইল্ড পৰ্ণগ্ৰাফী ডাউনলোড কৰা আৰু চোৱাটো POCSO আইন আৰু তথ্য প্ৰযুক্তি আইনৰ অধীনত অপৰাধ নহয় । ২০২৪ চনৰ জানুৱাৰী মাহত মাদ্ৰাজ উচ্চ ন্যায়ালয়ে ২৮ বছৰীয়া এজন যুৱকৰ বিৰুদ্ধে অপৰাধমূলক গোচৰটো বাতিল কৰে । মোবাইল ফোনত শিশুৰ সৈতে জড়িত কিছুমান অশ্লীল সমল ডাউনলোড আৰু চোৱাৰ অভিযোগ আছিল যুৱকজনৰ বিৰুদ্ধে । উচ্চ ন্যায়ালয়ে পক্সো আইন, ২০১২ আৰু তথ্য প্ৰযুক্তি আইন, ২০০০-ৰ অধীনত যুৱকজনক ৰেহাই দিছিল ।

লগতে পঢ়ক :তিৰুপতিৰ লাডুত পশুৰ চৰ্বি; ১১ প্ৰায়শ্চিত্ত দীক্ষা আৰম্ভ কৰিছে পৱন কল্যাণে - TIRUPATI LADDOO CONTROVERSY

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.