ETV Bharat / bharat

বিশ্ব ঘৰচিৰিকা দিৱস; পাটনাৰ আইআইএছ বিষয়াৰ 'ঘৰচিৰিকা বচাওক' অভিযান

author img

By ETV Bharat Assamese Team

Published : Mar 20, 2024, 2:23 PM IST

World Sparrow Day : ২০ মাৰ্চ, বিশ্ব ঘৰচিৰিকা দিৱস । ঘৰচিৰিকা হৈছে মানুহ আৰু পৰিৱেশৰ মাজৰ এক সংযোগ । কিন্তু বৰ্তমান এই নিমাখিত পক্ষী প্ৰজাতিটোৰ অস্তিত্ব সংকটত পৰিছে । আমাৰ পৰিৱেশৰ পৰা ঘৰচিৰিকাবোৰ লাহে লাহে নাইকিয়া হৈ আহিছে । এনে পৰিস্থিতিত পাটনাৰ সঞ্জয় সিনহা নামৰ ব্যক্তিগৰাকীয়ে বিগত 17 বছৰ ধৰি এই চৰাইবিধ ৰক্ষাৰ বাবে এক অভিযান চলাই আহিছে । আনহাতে, বিহাৰ চৰকাৰেও তেওঁক এই উদ্যোগৰ বাবে সন্মানিত কৰিছে ।

বিশ্ব ঘৰচিৰিকা দিৱস
বিশ্ব ঘৰচিৰিকা দিৱস

নিউজ ডেস্ক, ২০ মাৰ্চ : এটা সময় আছিল যেতিয়া ঘৰৰ চোতালত, চালত, দেৱালত ঘৰচিৰিকাবোৰে উমলি-জামলি ফুৰিছিল । ঘৰত নাইবা ঘৰৰ তামোল, নাৰিকল, ফুলৰ গছত বাহ সাজিছিল । কিন্তু বৰ্তমান এই চৰাইবিধ প্ৰায় দেখা পাবলৈকে নোহোৱা হৈছে । ইয়াৰ কাৰণ হৈছে যে লাহে লাহে সিহঁতৰ সংখ্যা হ্ৰাস পাইছে আৰু আজি এই চৰাইবিধ বিলুপ্তপ্ৰায় হৈ পৰিছে ।

পাটনাৰ আইআইএছ বিষয়াৰ 'ঘৰচিৰিকা বচাওক' অভিযান

কিন্তু পাটনাৰ সঞ্জয় কুমাৰ সিনহা (৫৫) নামৰ এগৰাকী লোকে এইবিধ চৰাই ৰক্ষাৰ বাবে এক অনন্য অভিযান অব্যাহত ৰাখিছে । তেওঁ চৰাইবোৰক ইমানে ভাল পায় যে তেওঁৰ সমগ্ৰ ঘৰটোকো ঘৰচিৰিকাৰ বাহলৈ পৰ্যৱসিত কৰি তুলিছে । যাৰ বাবে সঞ্জয়ক পাটনাৰ 'ঘৰচিৰিকা মানৱ' বুলিও কোৱা হয় ।

উল্লেখ্য যে ঘৰচিৰিকা হৈছে বিহাৰৰ ৰাজ্যিক চৰাই । মানুহে এটা বিশেষ দিনতহে এই চৰাইবোৰ সংৰক্ষণৰ কথা ক'ব বিচাৰে, কিন্তু সঞ্জয় সিনহাৰ জীৱনৰ উদ্দেশ্যই হৈছে– 'ঘৰচিৰিকা বচাওক, পৰিৱেশ বচাওক' । যাৰ বাবে আজি ঘৰচিৰিকাপ্ৰেমী সঞ্জয় সিনহাৰ চুবুৰীয়াসকলেও চৰাইৰ কোলাহতে পুৱা শেতেলি এৰে ।

পাটনাৰ কাংকৰবাগ অঞ্চলত বাস কৰা সঞ্জয় সিনহাই ভাৰতীয় তথ্য সেৱাত কাম কৰি আছে । তেওঁৰ পৰিয়ালৰ দৈনন্দিন ৰুটিন চৰাইবোৰক খাদ্য আৰু পানী দিয়াৰ পৰা আৰম্ভ হয় । তেওঁ নিজৰ ঘৰৰ দুৱাৰমুখত শ শ চৰাইৰ বাবে বাহ প্ৰস্তুত কৰিছে । শ শ চৰাই তালৈ খাদ্য আৰু পানী খাবলৈ আহে । আনহাতে, চৰাইৰ যত্ন ল'বলৈ সঞ্জয়ে প্ৰতিমাহে তেওঁৰ দৰমহাৰ পৰা কিছু টকা ৰাহি কৰে আৰু সেইবোৰ ঘৰচিৰিকাৰ নামত খৰচ কৰে ।

"বৰ্তমান চৰাইবোৰৰ মাজত ঘৰচিৰিকা আটাইতকৈ বেছি পাব । পুৰণি দিনত ঘৰৰ পৰা মনে মনে শস্য (চাউল, মচুৰ দাইল, ঘেঁহু) ঠোঁটত লৈ গৈছিল । যেতিয়া শস্যবোৰ মাটিত পৰিছিল, ঘৰচিৰিকা ভুৰুংকৈ উৰি আহি শস্য ঠোঁটত লৈ আকৌ উৰি গৈছিল । কিন্তু সময়ৰ লগে লগে মানুহৰ জীৱনশৈলী সলনি হ'ল । গ্ৰীষ্মকালত যদি মানুহে তেওঁলোকৰ ঘৰৰ চোতালত বা বাৰান্দাত সৰু পাত্ৰত পানী ৰাখে, তেন্তে এই চৰাইবোৰ তৃষ্ণাতুৰ হৈ নাথাকিব ।" সঞ্জয় কুমাৰ সিনহাই এনেদৰে কয় ।

সঞ্জয়ে জনোৱা অনুসৰি তেওঁ বিগত ১৭ বছৰ ধৰি চৰাই সংৰক্ষণৰ ওপৰত কাম কৰি আছে । তেওঁ ২০০৭ চনত এই অভিযান আৰম্ভ কৰিছিল আৰু তেওঁৰ ঘৰৰ বাহিৰত চৰাইৰ বাবে দানা-পানী ৰাখিবলৈ আৰম্ভ কৰিছিল । ইয়াৰ পিচত চৰাইবোৰ আহিবলৈ আৰম্ভ কৰে আৰু চৰাইবোৰে শস্য খোৱা, পানী খোৱা দেখি তেওঁৰ মনত যথেষ্ট প্ৰভাৱ পৰে । তাৰ পিচত ছ'চিয়েল মিডিয়াৰ জৰিয়তে তেওঁ এই বিষয়ে জনসাধাৰণক সজাগ কৰা আৰম্ভ কৰে ।

লগতে পঢ়ক :বিশ্ব গল্প কথন দিৱস পালন কৰাৰ প্ৰকৃত উদ্দেশ্য কি জানেনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.