ETV Bharat / bharat

আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সম্ভাৱনা জ্যেষ্ঠ কংগ্ৰেছী নেত্ৰী ছোনিয়া গান্ধীৰ

author img

By ETV Bharat Assamese Team

Published : Feb 13, 2024, 9:34 AM IST

Congress strategy for Loksabha election 2024: সমাগত সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধীয়ে ৰায় বৰেলী লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে বুলি সূত্ৰই প্ৰকাশ কৰিছে । আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সম্ভাৱনা জ্যেষ্ঠ কংগ্ৰেছী নেত্ৰী ছোনিয়া গান্ধীৰ ৷

Sonia Gandhi Likely To Enter Rajya Sabha; Priyanka To 'Contest From Rae Bareli LS Seat'
প্ৰিয়ংকা গান্ধীয়ে ৰায় বৰেলী লোকসভা সমষ্টি

নেশ্যনেল ডেস্ক, 13 ফেব্ৰুৱাৰী: কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীৰ নিৰ্বাচনী সমষ্টিৰ পৰা তেওঁৰ কন্যা প্ৰিয়ংকা গান্ধী ভাদ্ৰায়ে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে বুলি সূত্ৰই প্ৰকাশ কৰিছে । আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সম্ভাৱনা জ্যেষ্ঠ কংগ্ৰেছী নেত্ৰী ছোনিয়া গান্ধীয়ে ৷ ইয়াৰ বিপৰীতে ছোনিয়া গান্ধীৰ লোকসভা সমষ্টি ৰায় বৰেলীৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সম্ভাৱনা দলৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধীৰ । মধ্যপ্ৰদেশ কংগ্ৰেছে ৰাজ্যসভাত নিজৰ ৰাজ্যক প্ৰতিনিধিত্ব কৰিবলৈ ছোনিয়া গান্ধীক আবেদন জনোৱাৰ পিছতে এই জল্পনা-কল্পনাৰ আৰম্ভ হৈছে । লগতে আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় প্ৰিয়ংকা গান্ধীক সক্ৰিয় নিৰ্বাচনী ৰাজনীতিত প্ৰৱেশ কৰিবলৈ দলীয় নেতৃত্বই দাবী জনোৱা পৰিলক্ষিত হৈছে ।

দলটোৰ জ্যেষ্ঠ নেতাসকলে এতিয়ালৈকে ছোনিয়া গান্ধীয়ে প্ৰতিনিধিত্ব কৰি অহা ৰায় বৰেলী লোকসভাৰ আসনখনৰ পৰা প্ৰিয়ংকা গান্ধীক প্ৰক্ষেপ কৰা হ’ব পাৰে বুলি সম্ভাৱনা প্ৰকাশ কৰিছে । মধ্যপ্ৰদেশ কংগ্ৰেছৰ নেতাসকলে এই সন্দৰ্ভত জানিবলৈ দিয়া মতে, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা দলৰ জ্যেষ্ঠ নেতা কমল নাথে ইতিমধ্যে ছোনিয়া গান্ধীক তেওঁলোকৰ ৰাজ্যৰ পৰা ৰাজ্যসভা নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ আনুষ্ঠানিক অনুৰোধ জনাইছিল । সাংসদ নেতাসকলে দাবী কৰে যে ৰাজ্যখনৰ তেওঁলোকৰ দলৰ সকলো সাংসদ আৰু বিধায়কে ছোনিয়া গান্ধীক তেওঁলোকৰ ৰাজ্যৰ পৰা ৰাজ্যসভালৈ পঠোৱাৰ বাবে সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত লৈছে যাতে সংসদে ফলপ্ৰসূ কণ্ঠ লাভ কৰে ।

লোকসভা নিৰ্বাচনত কংগ্ৰেছে মধ্যপ্ৰদেশৰ পৰা অন্ততঃ এজন সদস্যক ৰাজ্যসভালৈ প্ৰেৰণ কৰিব পাৰে । ছোনিয়া গান্ধীৰ নাম প্ৰস্তাৱ কৰাৰ সময়ত কংগ্ৰেছ মধ্যপ্ৰদেশৰ নেতাসকলে দলৰ প্ৰাক্তন মুৰব্বীগৰাকীয়ে তেওঁলোকৰ প্ৰস্তাৱৰ প্ৰতি সমৰ্থন আগনবঢ়ালে কমল নাথক ৰাজ্যসভাৰ মনোনয়নৰ বাবে নাম প্ৰস্তাৱ কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ কৰা প্ৰয়োজন যে, প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ বাবে ৰায় বৰেলী সমষ্টিটোক নিৰাপদ আসন হিচাপে গণ্য কৰা হৈছে। কিয়নো 1950 চনৰ পৰা কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিগণিত হোৱা এই সমষ্টিটোক প্ৰথমে প্ৰতিনিধিত্ব কৰিছিল তেওঁৰ ককা ফিৰোজ গান্ধীয়ে ।

2019 চনত প্ৰিয়ংকা গান্ধীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি আশা কৰা হৈছিল । বাৰাণসীত প্ৰিয়ংকা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাজত মুখামুখি হ’ব বুলি বহুতে আশা কৰিছিল ।

লগতে পঢ়ক: বিজেপি-আৰএছএছে দেশত বিয়পাইছে ঘৃণা: ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.