তেজপুৰ, 17 ফেব্ৰুৱাৰী: শান্ত হোৱা নাই মণিপুৰ ৷ মণিপুৰত পুনৰ কুকি উগ্ৰপন্থীৰ নিৰ্বিচাৰ গুলীচালনা কৰা বুলি জানিব পৰা গৈছে । এই গুলীচালনাৰ ফলত কৰ্তব্যৰত সীমান্ত সুৰক্ষা বাহিনীৰ এগৰাকী জোৱান গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয় । জানিব পৰা মতে শনিবাৰৰ পুৱা 9 বজাত কুকি উগ্ৰপন্থীয়ে চুগনু আৰু চুৰাচান্দপুৰ সীমান্তত কৰ্তব্য পালন কৰি থকা অৱস্থাত সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানলৈ গুলীচালনা কৰে ৷ ফলত এজন জোৱান আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন অৱস্থাত আছে । আহত জোৱানজন হিমাচল প্ৰদেশৰ সোম দত্ত বুলি জানিব পৰা হৈছে ।
![firing by Kuki militants](https://etvbharatimages.akamaized.net/etvbharat/prod-images/17-02-2024/as-tezpur-01-17feb-pix-manipurfiringoneinjured-pranabkumardas-7203907_17022024121230_1702f_1708152150_374.jpeg)
আনহাতে অশান্ত জৰ্জৰিত মণিপুৰৰ পাহাৰীয়া অঞ্চল চুৰাচান্দপুৰত যোৱা 15 ফেব্ৰুৱাৰীত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত প্ৰায় 400 জনীয়া দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰাৰ পিছতে সুৰক্ষা বাহিনীৰ লগত মণিপুৰ আৰক্ষীয়ে তীব্ৰ অভিযান আৰম্ভ কৰে । ৰাজ্যখনৰ চুৰাচান্দপুৰত 9 ফেব্ৰুৱাৰীত অসম ৰাইফলছৰ এখন কেছপাৰ গাড়ী কুকি উগ্ৰপন্থীয়ে অত্যাধুনিক মাৰণাস্ত্ৰৰ ভয় দেখুৱাই ঘূৰাই পঠোৱাৰ পিছত এতিয়া আৰক্ষী আৰু কেন্দ্ৰীয় সুৰক্ষা বাহিনীৰ দ্বাৰা ব্যাপক অভিযান অব্যাহত ৰখা হৈছে ।
![firing by Kuki militants](https://etvbharatimages.akamaized.net/etvbharat/prod-images/17-02-2024/as-tezpur-01-17feb-pix-manipurfiringoneinjured-pranabkumardas-7203907_17022024121230_1702f_1708152150_624.jpeg)
আৰক্ষীয়ে জনোৱা মতে, ৰাজ্যখনৰ কেবাখনো আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী জিলাত আৰক্ষীয়ে অভিযান চলাই বহুতো অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰে । আৰক্ষীয়ে কাংপকপি জিলাৰ বলজাঙৰ ওচৰৰ কৌব্ৰু ৰিজৰ পৰা এটা মেগজিনযুক্ত SLR, এটা 9mm পিষ্টল, দুটা 36 নং হেণ্ড গ্ৰেনেড আৰু দহটা 7.62 mm ৰাউণ্ড আৰু এটা কাৰ্বাইন মেচিনগানৰ লগতে মেগজিন, এটা 7.62 এছ এল আৰ মেগাজিন, এটা 36 হেণ্ড গ্ৰেনেড, এটা কাঠৰ খোলা চি এছ আৰু এটা স্থানীয় নিৰ্মিত পাম্পি কাংপকপি জিলাৰ উত্তৰ চাংগুবুং অঞ্চলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
![firing by Kuki militants](https://etvbharatimages.akamaized.net/etvbharat/prod-images/17-02-2024/as-tezpur-01-17feb-pix-manipurfiringoneinjured-pranabkumardas-7203907_17022024121230_1702f_1708152150_648.jpeg)
একেদৰেই তিনিটা ছিংলগ বেৰেল, এটা 7.62 দেশীয় ৰাইফল, এটা কন্দুৱা গেছ লাঞ্চাৰৰ লগতে এটা সম্পূৰ্ণ গোলাবাৰুদৰ বাকচ য'ত 24 টা ৰবৰৰ গুলী কাৰ্টিজ 38 মিমি এণ্টি-ৰিয়াট উদ্ধাৰ কৰে ৷ ইম্ফল পূব জিলাৰ মানয়িংখোলৰ পৰাও এটা খালী মেগাজিন থকা দুটা এছ এম জি কাৰ্বাইন উদ্ধাৰ কৰা হয় ।
আনহাতে, আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত 300-400 জনীয়া দুৰ্বৃত্তৰ দলে আক্ৰমণৰ চেষ্টা চলোৱাৰ পিচতে আৰক্ষীয়ে চলোৱা গুলীত নিহত হয় 29 বছৰীয়া লেটলালখুওল গাংটে আৰু 15 বছৰীয়া এজন যুৱক ৷
লগতে পঢ়ক: পুনৰ অশান্ত মণিপুৰ; 5 দিনৰ বাবে কৰ্তন মোবাইল ইণ্টাৰনেট সেৱা