ETV Bharat / bharat

অৰুণাচল প্ৰদেশৰ ভিন্ন স্থানত ভয়ংকৰ ভূমিস্খলন - Landslides in Arunachal Pradesh

author img

By ETV Bharat Assamese Team

Published : Jun 18, 2024, 8:55 PM IST

Natural disaster in Arunachal Pradesh : ভয়ংকৰ ভূমিস্খলৰ কৱলত পৰিছে অৰুণাচল প্ৰদেশ ৷ খহি পৰিছে পাহাৰৰ টিলা ৷ ব্যাহত হৈছে বহুকেইটা পথেৰে যাতায়ত ৷

LANDSLIDES IN ARUNACHAL PRADESH
অৰুণাচল প্ৰদেশৰ ভিন্ন স্থানত ভয়ংকৰ ভূমিস্খলন (ETV Bharat Assam)

তেজপুৰ, ১৮ জুন : ৰুষ্ট প্ৰকৃতি ৷ ভয়ানক ভূমিস্খলন আৰু বানৰ কবলত পৰিছে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য ৷ চাৰিওদিশে সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ । ধাৰাসাৰ বৰষুণৰ ফলত ছিকিমৰ পৰা অৰুণাচল প্ৰদেশলৈকে কেবাখনো ৰাজ্যত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা ৷ বন্ধ হৈ পৰিছে যোগাযোগ ব্যৱস্থা ।

অৰুণাচল প্ৰদেশৰ বান্দৰদেৱাৰ পৰা নাহৰলগুন পথৰ কাৰচেঙচাত পাহাৰ খহি বন্ধ হৈ পৰিছে পথৰ যোগাযোগ ব্যৱস্থা ৷ বান্দৰদেৱাৰ পৰা নাহৰলগুন হৈ ইটানগৰ সংযোগী ৪১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে ভূমিস্খলনৰ কৱলত পৰিছে ৷ পথৰ আধা অংশ খহি পৰাৰ ফলত পথটোৰে যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হৈ পৰে ৷ পথচাৰীক উক্ত পথৰ সলনি অন্য পথেৰে অহা-যোৱা কৰিবলৈ প্ৰশাসনে আহ্বান জনাইছে ।

লগতে পঢ়ক: ভূমিস্খলনৰ ফলত বন্ধ হাফলং-শিলচৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ

আনহাতে পূব অৰুণাচল প্ৰদেশৰ টুটিঙত সংঘটিত হয় ভয়ংকৰ ভূমিস্খলনৰ ঘটনা ৷ এটা পাহাৰ সম্পূৰ্ণৰূপে খহি পৰাৰ ফলত যোগাযোগ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে ৷ যোৱা দুদিন ধৰি উক্ত পথেৰে য়িংকিয়ঙলৈ যোৱা একমাত্ৰ পথটো সম্প্ৰতি বন্ধ হৈ পৰিছে ৷ স্থানীয় লোক নৰবো শ্বেৰিঙে ই টিভি ভাৰতক জনাই যে বমডু গাঁৱৰ সমীপত থকা এটা হনুমান মন্দিৰৰ কাষত এটা পাহাৰ সম্পূৰ্ণৰূপে খহি পৰে আৰু বৰ্তমান পথটোৰে যোগাযোগ ব্যৱস্থা বন্ধ হৈ আছে ।

লগতে পঢ়ক: ছিকিমত প্ৰকৃতিৰ তাণ্ডৱ : 64 জন পৰ্যটকক উদ্ধাৰ সীমান্ত পথ সুৰক্ষা বাহিনীৰ

উল্লেখ্য যে ভূমিস্খলনৰ কৱলত পৰা উক্ত পথটো অৰুণাচল প্ৰদেশৰ টুটিঙৰ পৰা ভাৰত-চীন সীমান্তৰ শেষৰখন গাঁও গেলিঙলৈ যোৱা একমাত্ৰ পথ ৷ ভাৰতীয় সেনা বাহিনী আৰু অন্যান্য সুৰক্ষা বাহিনীৰ বাবেও একমাত্ৰ পথ । ভূমিস্খলন হোৱা ঠাইৰ পৰা সীমান্তৰ মেক-মোহন লাইনলৈ বাকী থাকে মাত্ৰ ১৫০ কিলোমিটাৰ পথ ৷ বৰ্তমান সকলো যান-বাহনৰ চলাচল আৰু খাদ্য সামগ্ৰীৰ কঢ়িওৱা বন্ধ হৈ পৰিছে ৷

লগতে পঢ়ক: মনোমোহা ছিকিমত প্ৰচণ্ড বৰষুণ আৰু ভূমিস্খলনৰ তাণ্ডৱ: তিনিটা মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.