ETV Bharat / bharat

চকীদাৰৰ দৰমহা শিক্ষকতকৈ বেছি, এটা বিজ্ঞাপনক লৈ হাহাকাৰ

এখন বিদ্য়ালয়ত শিক্ষক-চকীদাৰ পদৰ বাবে বিজ্ঞাপন । সামাজিক মাধ্য়মত এই বিজ্ঞাপনক লৈ চলিছে ভীষণ চৰ্চা ৷

author img

By ETV Bharat Assamese Team

Published : Oct 14, 2024, 5:29 PM IST

HIMACHAL CHOUKIDAR POST
চকীদাৰৰ দৰমহা শিক্ষকতকৈ বেছি, এটা বিজ্ঞাপনক লৈ হাহাকাৰ (ETV Bharat)

নেশ্য়নেল ডেস্ক, ১৪ অক্টোবৰ: সম্প্ৰতি সামাজিক মাধ্য়মত এটা বিজ্ঞাপন ভাইৰেল হৈ পৰিছে । এই বিজ্ঞাপনটোত হিমাচল প্ৰদেশৰ চম্বা জিলাস্থিত এখন চৰকাৰী ছিনিয়ৰ মাধ্যমিক বিদ্যালয়ত শিক্ষক আৰু চকীদাৰ পদৰ বাবে আবেদন বিচৰা হৈছে । কিন্তু এই চাকৰিৰ বিজ্ঞাপনটোত এনে এক বিষয় আছে যিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰাত একাংশ লোকে এই বিজ্ঞাপনটো সামাজিক মাধ্যমত পোষ্ট কৰি উপভোগ কৰিছে । এই বিজ্ঞাপনটোত এনে কিনো বিষয় আছে যিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ? এই বিষয়টোত বিদ্যালয় পৰিচালনা কৰ্তৃপক্ষই কি কয় ?

চকীদাৰৰ দৰমহা শিক্ষকতকৈ বেছি

এই বিজ্ঞাপন অনুসৰি আংশিক সময়ৰ শিক্ষক আৰু চকীদাৰ পদৰ বাবে আবেদন বিচৰা হৈছে । আশ্চৰ্যজনক কথাটো হ'ল যে এই বিজ্ঞাপনটোত চকীদাৰৰ দৰমহা বেছি আৰু শিক্ষকৰ দৰমহা কম । সেইকাৰণে এই বিজ্ঞাপনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । বিজ্ঞাপন অনুসৰি এজন অংশকালিন সময়ৰ শিক্ষকৰ অৰ্হতা বি এছ চি/এম এছ চি আৰু বি এডৰ লগতে টেট বুলি উল্লেখ কৰা হৈছে । আনহাতে, চকীদাৰৰ শিক্ষাগত অৰ্হতা দশম উত্তীৰ্ণ । শিক্ষকৰ দৰমহা 8450 টকা আৰু চকীদাৰৰ দৰমহা হৈছে 10,630 টকা ।

আবেদনকাৰী দৰিদ্ৰ সীমাৰেখাৰ তলৰ হ'ব লাগিব

দুয়োটা পদৰ সাক্ষাৎকাৰ অহা ২০ অক্টোবৰত এছ ডি এম কাৰ্যালয় ভৌৰমাৰত অনুষ্ঠিত হ'ব । দুয়োটা পদৰ বাবে আৱেদনৰ বাবে শৈক্ষিক অৰ্হতাৰ লগতে বয়সৰ উপৰি আবেদনকাৰী দৰিদ্ৰ সীমাৰেখাৰ তলৰ হ'ব লাগিব । দুয়োটা পদ এছ এম চিৰ জৰিয়তে ভৰ্তি কৰোৱা হ'ব ।

হিমাচল প্ৰদেশৰ শিক্ষা বিভাগৰ অধীনত এই নিযুক্তিৰ বিষয়ে মানুহে সামাজিক মাধ্যমত বিদ্ৰূপ কৰিছে । এই পোষ্টটো ভাইৰেল হোৱাৰ পিছত সকলোৱে সামাজিক মাধ্যমত চৰকাৰ আৰু বিদ্যালয় পৰিচালনা কৰ্তৃপক্ষক সমালোচনা কৰিছে । কিছুমান লোকে ধেমেলীয়াকৈ শিক্ষকৰ পৰিৱৰ্তে এজন চকীদাৰৰ কামক ন্যায়সঙ্গত বুলি মন্তব্য় কৰিছে । একে সময়তে কিছুমান লোকে শিক্ষিত যুৱক-যুৱতীৰ সৈতে ইয়াক ধেমালি কৰা বুলি কৈছে ।

মন কৰিবলগীয়া যে হিমাচল প্ৰদেশত এমজিএনৰেগাৰ মজুৰিও ৩০০ টকা আৰু যদি ইয়াক মাহিলি ভিত্তিত যোগ দিয়া হয় তেন্তে এজন শিক্ষকে এমজিএনৰেগাৰ কৰ্মীৰ তুলনাত কম দৰমহা লাভ কৰিব ।

বিদ্যালয় পৰিচালনা কৰ্পতৃক্ষই কি কয় ?

সামাজিক মাধ্য়ম ব্যৱহাৰকাৰীসকলে এই বিজ্ঞাপনৰ বাবে চৰকাৰ, শিক্ষা বিভাগ আৰু বিদ্যালয় প্ৰশাসনক সমালোচনা কৰিছে । ইফালে, ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল ভাৰ্মাৰৰ অধ্যক্ষা অৰুণা চাডকে কয়," পাঠশালাৰ অন্তৰ্গত কস্তুৰবা গান্ধী হোষ্টেলত পুৱা আৰু সন্ধিয়া এঘণ্টাৰ বাবে ছাত্ৰীসকলক শিকোৱাৰ বাবে এগৰাকী শিক্ষক নিযুক্তি দিয়া হ'ব । বিজ্ঞাপনটোত এইটো স্পষ্ট যে এয়া এক আংশিক সময়ৰ কাম । আনহাতে, চকীদাৰজনৰ সম্পূৰ্ণ সময়ৰ কৰ্তব্য থাকিব ।"

বিদ্যালয় প্ৰশাসন বা শিক্ষা বিভাগে এই সন্দৰ্ভত স্পষ্টীকৰণ দিলেও সামাজিক মাধ্য়মত মানুহে এই বিষয়টোৰ ওপৰত তেওঁলোকৰ ক্ষোভ প্ৰকাশ কৰিছে । ব্যৱহাৰকাৰীসকলে সামাজিক মাধ্যমত ভাইৰেল হৈ থকা এই বিজ্ঞাপনটোৰ পৰা হাস্য়ৰসৰ সোৱাদ লৈ আছে । এজন ব্যৱহাৰকাৰীয়ে মন্তব্য কৰিছে " আপুনি চকীদাৰৰ বাবে আবেদন কৰিব লাগিব ", আনহাতে, আন এজন ব্যৱহাৰকাৰীয়ে মন্তব্য কৰিছে "এই বিদ্যালয়ত সকলো চকীদাৰ হ'ব,কোনেও শিক্ষক হ'বলৈ ইয়ালৈ নাহে।" আনহাতে,আন এজন সামাজিক মাধ্য়ম ব্যৱহাৰকাৰীয়ে লিখিছে "এয়া অতি দুখঃজনক তথ্য । শিক্ষাক শ্বাসৰুদ্ধ কৰি হত্যা কৰা হৈছে ।"

লগতে পঢ়ক:এপ্ৰিল ফুলছ ডে’ ২০২৪: সীমাহীন হাঁহি, কৌতুক আৰু সুখেৰে ভৰা এটা দিন - april fools day

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.