নেশ্যনেল ডেস্ক, 12 জুন : শেহতীয়াকৈ দেশজুৰি চৰ্চা লাভ কৰিছিল সীমা-শচীনৰ প্ৰেম কাহিনীয়ে ৷ এইবাৰ পুনৰ পাকিস্তানৰ পৰা ভাৰতলৈ অহা সীমা হায়দৰ আৰু শচীন মীনাৰ জীৱনত সমস্যাৰ সৃষ্টি কৰিছে সীমাৰ প্ৰাক্তন স্বামী গোলাম হায়দৰে ৷ সীমাৰ প্ৰাক্তন স্বামী গোলাম হায়দৰৰ অধিবক্তাই গৃহ মন্ত্ৰালয়, ভাৰত চৰকাৰ আৰু নেপাল-পাকিস্তানৰ দূতাবাসত অভিযোগ উত্থাপন কৰিছে । এই অভিযোগত উল্লেখ কৰে যে, শচীন মীনা আৰু সীমা হায়দৰে গোলাম হায়দৰৰ সন্তানক অপহৰণ কৰি অবৈধভাৱে নেপাল-ভাৰত সীমান্ত অতিক্ৰম কৰি ভাৰতলৈ লৈ আহে ।
দৰাচলতে, পাকিস্তানৰ বাসিন্দা সীমাৰ প্ৰাক্তন স্বামী গোলাম হায়দৰৰ অধিবক্তা মমিন মালিকে শচীন মীনা আৰু সীমা হায়দৰকে ধৰি বহুকেইগৰাকী লোকৰ বিৰুদ্ধে সুৰজপুৰ জিলা আদালতত এখন আবেদন দাখিল কৰিছে । মালিকে কৈছিল যে শিশু অপহৰণৰ দৰে গুৰুতৰ অপৰাধৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে সীমা আৰু শচীন মীনাৰ বিৰুদ্ধে গৃহ মন্ত্ৰালয়ৰ ওচৰত এক অভিযোগ দাখিল কৰা হৈছে ।
গোলাম হায়দৰৰ অধিবক্তা মমিন মালিকে কৈছিল যে, শিশুকেইটিক ভাৰতলৈ ভুল পদ্ধতিৰে লৈ অনা হৈছিল ৷ ইয়াৰ বিৰুদ্ধে মানৱ সৰবৰাহ বিৰোধী ব্যুৰ’ নেপালৰ ওচৰত আৰক্ষীয়ে এক অভিযোগ দাখিল কৰিছে । ইয়াৰ পিচতে নেপাল আৰক্ষীয়ে শীঘ্ৰেই ভাৰত চৰকাৰ আৰু আৰক্ষীৰ সৈতে যোগাযোগ কৰিব আৰু শচীন আৰু সীমা হায়দৰক জেৰা কৰিব ৷ পৰৱৰ্তী সময়ত শিশুকেইটিক উদ্ধাৰ কৰিব আৰু তেওঁলোকক নেপাললৈ লৈ যাব । এই ক্ষেত্ৰত শীঘ্ৰেই আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।
একে সময়তে, এই গোচৰটোৰ সন্দৰ্ভত সীমা আৰু শচীনৰ অধিবক্তা ড৹ এ পি সিঙে কৈছিল যে পাকিস্তানত বাস কৰাৰ সময়ত, শিশুকেইটাই সীমা হায়দৰৰ লগত বাস কৰিছিল । সীমাৰ পিতৃৰ মৃত্যুৰ পিচত সীমা শচীনৰ প্ৰেমত পৰে । তাৰ পিচত, সীমা আৰু শচীন নেপালৰ এখন হোটেলত লগ হৈছিল, য'ত তেওঁ কৈছিল যে নিজৰ সন্তানক তেওঁৰ লগত ৰাখিব, শচীনেও এই কথাত সন্মত হৈছিল । তাৰ পিচত, সীমাই তেওঁৰ সন্তানৰ সৈতে নেপাল হৈ ভাৰতত উপস্থিত হয় ৷
সীমা হায়দৰেন এই সন্দৰ্ভত কয় যে, তেওঁ আজিৰ পৰা 5 বছৰৰ পূৰ্বে গোলাম হায়দৰ লগত বিবাহ বিচ্ছেদ কৰাৰ সিদ্ধান্ত লৈছিল ৷ যেতিয়া তেওঁৰ গোলামৰ লগত বিবাহ বিচ্ছেদ হৈছিল, তেতিয়া তেওঁৰ তিনিটা সন্তান আছিল আৰু গৰ্ভৱতী আছিল । যাৰ পিচত তেওঁ পিতৃৰ সৈতে মাতৃগৃহত বাস কৰিছিল । পিতৃৰ মৃত্যুৰ পিচত, তেওঁ শচীনৰ সৈতে যোগাযোগ কৰে । সম্প্ৰতি তেওঁলোকৰ সন্তানে ভাৰতত ভালদৰে অধ্যয়ন কৰি আছে । মোদী আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ শাসনত তেওঁলোকৰ সন্তানৰ ভৱিষ্যৎ সুৰক্ষিত ৷
লগতে পঢ়ক: Karachi To Noida teaser: সীমা হাইদৰৰ ছবি ‘কৰাচী টু নয়ডা’ৰ ট্ৰেইলাৰ মুকলি