ETV Bharat / bharat

কাশ্মীৰত সেনাৰ কনভয়ত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰ; দুটাকৈ সন্ত্ৰাসবাদীক নিধন - TERRORIST KILLED

জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত অব্যাহত সংঘৰ্ষ ৷ মঙলবাৰে পুৱা এটা সন্ত্ৰাসবাদীক নিধন ৷ সেনাৰ সাহসী কুকুৰ ফেণ্টম ছহিদ ৷

Akhnoor
Terrorist Killed (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Oct 29, 2024, 11:52 AM IST

জম্মু: জম্মু-কাশ্মীৰত অব্যাহত আছে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সেনা-আৰক্ষীৰ অভিযান ৷ মঙলবাৰে পুৱা জম্মুৰ আখনূৰ অঞ্চলত নিৰাপত্তা বাহিনীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে তীব্ৰ অভিযান চলোৱাৰ সময়তে পুনৰ এটা সন্ত্ৰাসবাদী নিহত হয় । সোমবাৰৰ পৰা নিৰাপত্তাৰক্ষীৰ যৌথ দলে আৰম্ভ কৰা সন্ত্ৰাসবাদী বিৰোধী অভিযানৰ দ্বিতীয় দিনাও অঞ্চলটোত অব্যাহত আছে এক বৃহৎ অভিযান ।

সোমবাৰে পুৱা নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত চলাচল কৰা সেনাৰ কনভয়ৰ এখন এম্বুলেন্সত গুলীচালনা কৰা তিনিটা সন্ত্ৰাসবাদীৰ ভিতৰত এটাৰ বিশেষ বাহিনী আৰু এন এছ জিৰ কমাণ্ডোৱে আৰম্ভ কৰা অভিযানত মৃত্যু হয় ।

দ্বিতীয় দিনা অভিযানৰ সময়ত আখনূৰৰ খোৰ অঞ্চলৰ জোগৱান গাঁৱৰ সমীপত নিৰাপত্তা বাহিনীৰ ওপৰত সন্ত্ৰাসবাদীয়ে পুনৰ গুলীচালনা কৰে ৷ গুলীচালনাৰ সময়ত নিৰাপত্তা বাহিনীয়ে প্ৰত্যুত্তৰ দিয়াত আন এটা সন্ত্ৰাসবাদী নিহত হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

Terrorist Killed
জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত অব্যাহত সংঘৰ্ষ (ETV Bharat)

বিষয়াসকলে জনোৱা মতে, অঞ্চলটোত অতিৰিক্ত বাহিনী মোতায়েন কৰা হৈছে, আৰু অধিক সন্ত্ৰাসবাদীক বিচাৰি উলিয়াবলৈ ব্যাপক অনুসন্ধান অভিযান চলি আছে । আক্ৰমণস্থলীৰ চাৰিওফালে চোৰাংচোৱাগিৰি আৰু কৰ্ডন শক্তিশালী কৰাৰ বাবে সেনাই নিজৰ চাৰিখন বিএমপি-II পদাতিক যুদ্ধ বাহনকো নিয়োগ কৰাৰ বিপৰীতে লুকাই থকা সন্ত্ৰাসবাদীক বিচাৰি উলিয়াবলৈ হেলিকপ্টাৰ আৰু ড্ৰ’ণো নিয়োগ কৰা হৈছে । ইফালে জম্মু-কাশ্মীৰ আৰক্ষীয়েও কাষৰীয়া অঞ্চলসমূহত তীব্ৰ তালাচী অভিযান চলায় ।

সেনাৰ পৰাক্ৰমী কুকুৰ ফেণ্টম এই অভিযান ছহিদ

চলি থকা আখনূৰ অভিযানত সেনাবাহিনীৰ এটা কুকুৰে দেশ সেৱা কৰি থাকোঁতেই ছহিদ বৰণ কৰে বুলি সোমবাৰে সন্ধিয়া সেনাই জনায় । সেনা বিষয়াসকলে জনোৱা মতে, সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সেনাই অভিযান চলাই থকাৰ সময়তে ফেণ্টমে (কুকুৰটোৱে) শত্ৰুক খেদি যায় ৷ কিন্তু সন্ত্ৰাসবাদীৰ গুলীচালনাত মৃত্যু ঘটে ফেণ্টমৰ । সেনাই এক বিবৃতিত কয় যে ফেণ্টমৰ সাহস, আনুগত্য আৰু নিষ্ঠা কেতিয়াও পাহৰিব নোৱাৰি । উগ্ৰপন্থীক অনুসৰণ কৰি থকাৰ সময়তে নিহত ফেণ্টম বিশেষ পেৰা ফৰ্চৰ অংশ আছিল ।

লগতে পঢ়ক: জম্মু-কাশ্মীৰত সেনাৰ এম্বুলেন্সক লক্ষ্য কৰি সন্ত্ৰাসবাদীৰ গুলীচালনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.