ETV Bharat / bharat

চিএএ গোচৰ, চৰকাৰক ৩ সপ্তাহৰ ভিতৰত আবেদনৰ সঁহাৰি দিয়াৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

author img

By PTI

Published : Mar 19, 2024, 4:20 PM IST

SC on CAA: নাগৰিকত্ব সংশোধনী আইনৰ অধিসূচনা ২০২৪ ৰূপায়ণৰ ওপৰত স্থগিতাদেশ বিচাৰি ২ শতাধিক আবেদন কৰা হৈছিল । এই সন্দৰ্ভত শুনানি গ্ৰহণ কৰি আদালতে চৰকাৰক শীঘ্ৰে আবেদনৰ সঁহাৰি দিবলৈ নিৰ্দেশ দিয়ে ।

SC on CAA
চৰকাৰক ৩ সপ্তাহৰ ভিতৰত আবেদনৰ সঁহাৰি দিয়াৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

নেশ্যনেল ডেস্ক, ১৯ মাৰ্চ : উচ্চতম ন্যায়ালয়ে মঙলবাৰে কেন্দ্ৰীয় চৰকাৰক নাগৰিকত্ব সংশোধনী আইনৰ অধিসূচনা, ২০২৪ ৰূপায়ণৰ ওপৰত স্থগিতাদেশ বিচৰা আবেদনসমূহৰ প্ৰতি ৩ সপ্তাহৰ ভিতৰত সঁহাৰি দিবলৈ নিৰ্দেশ দিয়ে । মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত এখন বিচাৰপীঠে বিষয়টোত ৯ এপ্ৰিলত পুনৰ শুনানি গ্ৰহণ কৰিব । কেন্দ্ৰৰ হৈ উপস্থিত থকা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই বিচাৰপীঠক কয় যে ২০ খন আবেদনৰ উত্তৰ দাখিল কৰিবলৈ চৰকাৰক ৪ সপ্তাহৰ প্ৰয়োজন ।

এই আবেদনসমূহে নাগৰিকত্ব সংশোধনী আইন, ২০১৯ৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনোৱা আবেদনসমূহ শীৰ্ষ ন্যায়ালয়ে নিষ্পত্তি নকৰালৈকে নিয়মসমূহৰ ওপৰত স্থগিতাদেশ বিচাৰিছে । ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰাক লৈ গঠিত বিচাৰপীঠক মেহতাই কয় যে চিএএয়ে কোনো ব্যক্তিৰ নাগৰিকত্ব কাঢ়ি নলয় ।

চিএএ-ৰ অধিসূচনাৰ ওপৰত স্থগিতাদেশ বিচাৰি উচ্চতম ন্যায়ালয়ত ২০০ৰো অধিক আবেদন দাখিল কৰা হৈছিল । এই আবেদন মুখ্যত কেৰালাৰ ইউডিএফ চৰকাৰ, এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱেইচি, ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগ (আইইউএমএল) আৰু বিভিন্ন দলে দাখিল কৰিছে । এই আবেদনসমূহৰ জৰিয়তে আবেদনকাৰীয়ে চিএএ-ৰ ৰূপায়ণৰ ওপৰত স্থগিতাদেশ বিচৰাৰ লগতে ইয়াক অসাংবিধানিক ঘোষণা কৰাটো বিচাৰিছে ।

উল্লেখ্য যে, যোৱা ১১ মাৰ্চত কেন্দ্ৰীয় চৰকাৰে চিএএ বলৱৎ কৰিছিল । ২০১৯ চনতে এই আইনখন সংসদত গৃহীত হৈছিল । এই আইনৰ জৰিয়তে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ হিন্দু, শিখ, জৈন, বৌদ্ধ, পাৰ্চী আৰু খ্ৰীষ্টানসহ নিৰ্যাতিত অনা-মুছলমান অনুপ্ৰৱেশকাৰীসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হ'ব । অনলাইন প্ৰক্ৰিয়াৰ জৰিয়তে লোকসকলে আবেদন কৰিব পাৰিব । কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে এই সন্দৰ্ভত এটা পৰ্টেলো মুকলি কৰিছে ।

লগতে পঢ়ক : আজি উচ্চতম ন্যায়ালয়ত CAA গোচৰৰ শুনানি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.