ETV Bharat / bharat

লাইনচ্যুত সাবৰমতী এক্সপ্ৰেছ : দুৰ্ঘটনা নে ষড়যন্ত্ৰ ? - Sabarmati Express Train Accident - SABARMATI EXPRESS TRAIN ACCIDENT

Rail minister on Sabarmati Express derail: শুকুৰবাৰৰ নিশা উত্তৰ প্ৰদেশৰ কাণপুৰত সাবৰমতী এক্সপ্ৰেছ ৰে’লৰ 22 টাকৈ দবা লাইনচ্যুত হয় । অৱশ্যে এই দুৰ্ঘটনাত সৌভাগ্যক্ৰমে কোনো লোকৰ জীৱন অথবা সা-সম্পত্তিৰ ক্ষয়-ক্ষতি হোৱা নাই । দুৰ্ঘটনা সন্দৰ্ভত ৰে’ল চালক আৰু ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কি ক’লে ? দুৰ্ঘটনা নে কাৰোবাৰ ষড়যন্ত্ৰ বুলি কিয় উত্থাপন হৈছে প্ৰশ্নৰ ।

kanpur-train-accident-derailment-of-22-bogies-of-sabarmati-express-is-accident-or-conspiracy-ib-and-up-police-investigate
লাইনচ্যুত সাবৰমতী এক্সপ্ৰেছ : দুৰ্ঘটনা নে ষড়যন্ত্ৰ ? (ANI)
author img

By ETV Bharat Assamese Team

Published : Aug 17, 2024, 3:43 PM IST

নেশ্যনেল ডেস্ক, 17 আগষ্ট: শুকুৰবাৰৰ মাজনিশা পুনৰ লাইনচ্যুত হ’ল এখন চলন্ত ৰে’ল ৷ সাবৰমতী এক্সপ্ৰেছ ৰে’লৰ চালকজনে জনোৱা অনুসৰি ৰে’লৰ ইঞ্জিনটোৱে এটা শিলত খুন্দা মাৰিছিল । ইয়াৰ পিছতে ইটোৰ পিছত সিটোকৈ 22 টাকৈ দবা ৰে’লপথৰ পৰা ওলাই যায় ।

দুৰ্ঘটনা বা ষড়যন্ত্ৰক লৈ প্ৰশ্ন উত্থাপন কৰাৰ ভিত্তি কি ?

চালকে জনাইছে যে সাবৰমতী এক্সপ্ৰেছৰ দবা ৰে’লপথৰ পৰা ওলোৱাৰ পূৰ্বে ইঞ্জিনটোৰ কিবা এটাৰ সৈতে সংঘৰ্ষ হৈছিল । ৰে’লপথত ডাঙৰ শিল কেনেকৈ আহিল ? ৰে’লখনত যাত্ৰা কৰা যাত্ৰীসকলেও এই সংঘৰ্ষৰ কথা কৈছে । ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ছ’চিয়েল মিডিয়াত উল্লেখ কৰিছে ইঞ্জিনটোৰ সৈতে খুন্দা মৰাৰ কথা । দুৰ্ঘটনাটোৰ তদন্তৰ ভাৰ অৰ্পণ কৰা হৈছে চোৰাংচোৱা সংস্থা আৰু উত্তৰ প্ৰদেশ আৰক্ষীক । 400 মিটাৰ ৰে’লপথৰ ক্ষতি হোৱাটোৱেও ষড়যন্ত্ৰৰ দিশলৈ আঙুলিয়াই দিয়ে ।

বিষয়াসকলে চলোৱা প্ৰাথমিক তদন্ত অনুসৰি ৰে’লপথত ৰখা শিলটো অতি গধুৰ আছিল । বিষয়াসকলৰ মতে, "এই শিলৰ সৈতে খুন্দা মৰাৰ পিছত ইঞ্জিনৰ সমুখ অংশ ভাঙি গৈছিল ৷ সেয়ে এই দুৰ্ঘটনা যে ষড়যন্ত্ৰৰ অংশ হ’ব পাৰে সেয়া নুই কৰিব নোৱাৰি । আশ্চৰ্যজনক বিষয় যে কিছুসময় পূৰ্বে সেই ট্ৰেকেৰে এখন ৰে’ল স্বাভাৱিকভাৱে পাৰ হৈ গৈছিল । সেয়ে ৰে’লৱে কৰ্মীসকলেও স্বাভাৱিকভাৱেই আছিল আৰু ঠিক এঘণ্টাৰ পিছত একেটা ট্ৰেকতে সাবৰমতী এক্সপ্ৰেছ এই পৰিস্থিতিৰ সন্মুখীন হ’ব বুলি আশা কৰা নাছিল । সেয়ে ৰে’লআলিত শিল কেনেকৈ আহিল বুলি সকলোৰে মনত প্ৰশ্ন উত্থাপন হৈছে ৷"

400 মিটাৰ পৰ্যন্ত ৰে’লপথ ক্ষতিগ্ৰস্ত: সাবৰমতী এক্সপ্ৰেছৰ 400 মিটাৰ পৰ্যন্ত ট্ৰেক ক্ষতিগ্ৰস্ত হৈছে । ইমান দীঘলীয়া দূৰত্ব পৰ্যন্ত ৰে’লপথটো ক্ষতিগ্ৰস্ত হোৱা দিশলৈ লক্ষ্য ৰাখি ৰে’লৱেৰ শীৰ্ষ বিষয়াসকলে ষড়যন্ত্ৰৰ দৃষ্টিকোণেৰেও সমগ্ৰ ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে । ৰে’লৱেৰ বিষয়াসকলৰ মতে, ট্ৰেকত ৰখা শিলটো ৰে’লপথৰ পৰা উফৰি যোৱা নাছিল ।

ৰে’ল মন্ত্ৰীৰ টুইট: ৰে’ল মন্ত্ৰীয়ে এই ঘটনা সন্দৰ্ভত কয়, "আজি পুৱা 2.35 বজাত কাণপুৰৰ সমীপত সাবৰমতী এক্সপ্ৰেছ (বাৰানসীৰ পৰা আহমেদাবাদলৈ)ৰ ইঞ্জিনত কিবা এটাই খুন্দা মাৰে । ইয়াৰ পিছতে এটাৰ পাচত এটা দবা ৰে’লপথৰ পৰা ওলাই যায় । ৰে’লখনৰ 16 নং দবাটোৰ সমীপত কিছু চিন পোৱা গৈছে । প্ৰাথমিক তদন্ত অনুসৰি ৰে’লপথত কোনো ধৰণৰ ভাঙোন হোৱা নাই । দুৰ্ঘটনাৰ প্ৰমাণ সুৰক্ষিত কৰা হৈছে । আই বি আৰু ইউ পি আৰক্ষীও এই গোচৰৰ তদন্তত ব্যস্ত ।"

ভীমসেন আৰু গোবিন্দপুৰী ষ্টেচনৰ মাজত সংঘটিত দুৰ্ঘটনা: কাণপুৰৰ ভীমসেন আৰু গোবিন্দপুৰী ষ্টেচনৰ সমীপত সংঘটিত হৈছে এই দুৰ্ঘটনাটো । বাৰাণসীৰ পৰা সাবৰমতী অভিমুখে গৈ আছিল ৰে’লখন । দুৰ্ঘটনাটোৰ তথ্য পোৱাৰ লগে লগে ৰে’ল বিভাগৰ বিষয়া, কাণপুৰ আৰক্ষী আৰু ৰে’ল আৰক্ষীয়ে গভীৰ নিশা সেই স্থানত উপস্থিত হয় ।

এই দুৰ্ঘটনাৰ পাচতে 16 খন ৰে’ল বাতিল কৰা হৈছে । লগতে 10 দিনতকৈ অধিক সময়ৰ বাবে ৰে’লৰ গতিপথ সলনি কৰা হৈছে ৷

লগতে পঢ়ক: শিলত খুন্দা মাৰি লাইনচ্যুত সাবৰমতী এক্সপ্ৰেছ - Sabarmati Express Train Accident

ঝাৰখণ্ডত ৰে'ল দুৰ্ঘটনা : দুগৰাকী যাত্ৰী নিহত - Jharkhand train accident

উত্তৰ প্ৰদেশৰ ৰেল দুৰ্ঘটনাত হতাহত অসমৰ ৪২ গৰাকী যাত্ৰী ডিব্ৰুগড়ত উপস্থিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.