নেশ্যনেল ডেস্ক,১৮ মাৰ্চ : ৰাজস্থানৰ আজমেৰৰ মদাৰ ষ্টেচনৰ সমীপত এক বৃহৎ ৰে'ল দুৰ্ঘটনাৰ খবৰ পোহৰলৈ আহিছে । ষ্টেচনত ৰৈ থকা এখন মালবাহী ৰে'লত পিছফালৰ পৰা অহা আন এখন ৰে'লে খুন্দা মাৰে । যাৰ ফলত ৰে'লখন লাইনচ্যুত হয় । জানিব পৰা মতে সাবৰমতী এক্সপ্ৰেছখনে ৰৈ থকা মালবাহী ৰে'লখনত খুন্দা মাৰে । ফলস্বৰূপে সাবৰমতী এক্সপ্ৰেছৰ ইঞ্জিন আৰু ৪ টা ডবা লাইনচ্যুত হয় । এতিয়ালৈকে কোনো যাত্ৰী নিহত হোৱাৰ খবৰ পোৱা হোৱা নাই । অৱশ্যে একাংশ যাত্ৰী সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হয় । ঘটনাস্থলীত উদ্ধাৰ অভিযান চলি আছে । ইফালে ৰে'ল বিভাগে যিকোনো সহায়ৰ বাবে আজমেৰ ৰে'ল ষ্টেচনত এটা হেল্প ডেস্ক স্থাপন কৰিছে ।
ৰে'লৱে জনসম্পৰ্ক বিষয়া শশী কিৰণে কোৱা মতে এই দুৰ্ঘটনাটোৰ ফলত ১২৫৪৮ নম্বৰৰ সবৰমতী আগ্ৰা কেণ্ট ৰে'লখন লাইনচ্যুত হৈছে । ঘটনাটো নিশা প্ৰায় ১ মান বজাত সংঘটিত হৈছিল । দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে ৰে'ল বিভাগত তীব্ৰ হুলস্থূলৰ সৃষ্টি হয় । একে সময়তে, ৰে'লখনত থকা ৰে'লযাত্ৰীসকলৰ মাজতো বিশৃংখল পৰিৱেশৰ সৃষ্টি হয় ।
দুৰ্ঘটনাটোৰ ফলত আঘাতপ্ৰাপ্ত যাত্ৰীসকলক চিকিৎসাৰ বাবে সমীপৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে ৰে'ল বিভাগৰ উচ্চ পদস্থ বিষয়াসকল দুৰ্ঘটনাস্থলীত উপস্থিত হয় । একেদৰে উদ্ধাৰকাৰী দলেও লগে লগে সেই স্থানত অভিযান আৰম্ভ কৰে । ৰে'লপথটো মুকলি কৰাৰ বাবে কাম আৰম্ভ কৰা হয় । ইফালে ৰে'লখনৰ পিছফালৰ অংশটো আজমেৰ ৰে'ল ষ্টেচনৰ ফালে লৈ যোৱা হয় ।
জানিব পৰা মতে ৰে'লপথটো মুকলি কৰাৰ বাবে কিছু সময়ৰ প্ৰয়োজন হ'ব । এনে পৰিস্থিতিত ৫ খন ৰে'লৰ পৰিচালনা বাতিল কৰা হৈছে । দুৰ্ঘটনাটোৰ কাৰণ এই মুহূৰ্তত প্ৰকাশ কৰা হোৱা নাই । দুৰ্ঘটনাত পতিত সবৰমতী এক্সপ্ৰেছৰ যাত্ৰীসকলক আন এখন ৰে'লযোগে আজমেৰ ৰে'ল ষ্টেচনলৈ লৈ যোৱা হয় ।
দুৰ্ঘটনাটোৰ ফলত ক্ৰমে ১২০৬৫ নম্বৰ আজমেৰ-দিল্লী-সৰাই ৰোহিল্লা, ২২৯৮৭ নম্বৰ আজমীৰ-আগ্ৰা ফৰ্ট, ০৯৬০৫ আজমেৰ-গংগাপুৰ চিটী, ০৯৬৩৯ আজমেৰ-ৰেৱাৰী আৰু ১৯৭৩৫ জয়পুৰ-মাৰৱাৰ ৰে'ল বাতিল কৰা হয় । একেদৰে ১২৯১৫ সাবৰমতী-দিল্লী ৰে'ল আৰু ১৭০২০ হায়দৰাবাদ-হিছাৰ ৰে'ল দুখনৰ পথ সলনি কৰা হৈছে ।
লগতে পঢ়ক :মৃত্যুদূতলৈ পৰ্যবসিত ভাৰতৰ ঘাইপথ