ETV Bharat / bharat

ৰে’লৱেত ওলাইছে ৮ হাজাৰৰো অধিক চাকৰি; কেনেকৈ আবেদন কৰিব, বাছনি প্ৰক্ৰিয়া কি, মাচুল কিমান জানি লওক - RRB RECRUITMENT 2024 - RRB RECRUITMENT 2024

RAILWAY NTPC JOBS: ৰে’ল বিভাগত চাকৰি কৰিব বিচৰাসকলৰ বাবে সুখবৰ । ৰে’লৱে নিযুক্তি কোষে নন টেকনিকেল পপুলাৰ কেটেগৰী (NTPC)ৰ ৮ হাজাৰৰো অধিক পদ পূৰণৰ বাবে এক অধিসূচনা জাৰি কৰিছে । এই চাকৰিৰ অৰ্হতা কি, কেনেকৈ আবেদন কৰিব, বাছনি প্ৰক্ৰিয়া কি, কিমান দৰমহা দিয়া হ'ব সেই সম্পৰ্কে বিতং তথ্যৰ বাবে পঢ়ক সম্পূৰ্ণ খবৰ...

RRB RECRUITMENT NOTIFICATION
RRB RECRUITMENT 2024 (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Sep 26, 2024, 12:04 PM IST

নিউজ ডেস্ক, ২৬ ছেপ্টেম্বৰ: চাকৰি প্ৰত্যাশীসকলৰ বাবে এক ভাল খবৰ লৈ আহিছে ভাৰতীয় ৰে’ল বিভাগে ৷ যিসকলে ৰে’ল বিভাগত চাকৰি কৰাৰ আশা মনত পুহি ৰাখিছে, তেওঁলোকৰ আশা অতি সোনকালেই পূৰণ হোৱাৰ পথত ৷ কিয়নো ৰে’ল বিভাগত চাকৰি ওলাইছে ৷ আকৰ্ষণীয় দৰমহা তথা অন্যান্য সা-সুবিধাসহ এক সন্তোষজনক দৰমহা লাভ কৰিব নিযুক্তি লাভ কৰা প্ৰাৰ্থীয়ে ৷ এন টি পি চি (নন টেকনিকেল পপুলাৰ কেটেগৰী) ৰ খালী পদ পূৰণৰ বাবে ৰে’ল বিভাগে এক অধিসূচনা জাৰি কৰিছে ।

মুঠ খালী পদৰ সংখ্যা: একেলগে পূৰণ কৰা হ’ব ৮১১৩ টা খালী পদ । ইয়াৰ ভিতৰত আছে মুখ্য বাণিজ্যিক-টিকট তত্বাৱধায়কৰ ১৭৩৬ টা, ষ্টেচন মাষ্টাৰৰ ৯৯৪ টা, গুডছ ট্ৰেইন মেনেজাৰৰ ৩১৪৪ টা, জুনিয়ৰ একাউণ্ট এচিষ্টেণ্ট-টাইপিষ্টৰ ১৫০৭ টা আৰু ছিনিয়ৰ কেৰাণী-টাইপিষ্টৰ ৭৩২ টা পদ ।

RAILWAY NTPC JOBS
ৰে’লৱেত ওলাইছে ৮ হাজাৰৰো অধিক চাকৰি (www.rrbapply.gov.in)

দৰমহা: মুখ্য বাণিজ্যিকসহ টিকট তত্বাৱধায়ক আৰু ষ্টেচন মাষ্টাৰ দুটা লেভেল-৬ ৰ চাকৰি । আৰম্ভণিৰ দৰমহা পাব ৩৫,৪০০ টকা । ডি এ, এইচ আৰ এ আৰু আন সকলো ভাট্টাকে ধৰি প্ৰথম মাহৰ পৰা কমেও ৬৫ হাজাৰ টকা দৰমহা লাভ কৰিব । বাকীবোৰ লেভেল-৫ ৰ চাকৰি । ২৯,২০০ টকাৰ মৌলিক দৰমহা লাভ কৰাৰ বিপৰীতে ডি এ, এইচ আৰ এ আদি ভাট্টাকে ধৰি ৫৫ হাজাৰ টকা দৰমহা পাব নিযুক্তি লাভ কৰা প্ৰাৰ্থীয়ে ।

নিযুক্তি কেনেকুৱা হ’ব: ওপৰত উল্লেখ কৰা সকলো পদৰ বাবে দুটা পৰ্যায়ত কম্পিউটাৰ ভিত্তিক টেষ্ট (CBT) হ’ব । যদি আপুনি ষ্টেচন মাষ্টাৰ পদৰ বাবে আবেদন কৰিছে তেন্তে আপুনি অতিৰিক্তভাৱে কম্পিউটাৰ ভিত্তিক যোগ্যতা পৰীক্ষা (CBAT)ত উপস্থিত থাকিব লাগিব । টাইপিষ্টৰ পোষ্টৰ বাবে টাইপিং স্কিল টেষ্ট (TST)ও আছে । ইয়াৰ ভিতৰত যিসকলে প্ৰতিভা প্ৰদৰ্শন কৰে তেওঁলোকক বাছনি কৰা হয়, তেওঁলোকৰ প্ৰমাণ পত্ৰ পৰীক্ষা কৰা হয়, স্বাস্থ্য পৰীক্ষা কৰা হয় আৰু তেওঁলোকক পোনপটীয়াকৈ নিযুক্তি দিয়া হয় ।

RAILWAY NTPC JOBS
ৰে’ল বিভাগত চাকৰি (www.rrbapply.gov.in)

যোগ্যতা: এই চাকৰিসমূহৰ বাবে আবেদন কৰা প্ৰাৰ্থীৰ যিকোনো ডিগ্ৰী থাকিব লাগিব । ২০২৫ চনৰ ১ জানুৱাৰীলৈকে ১৮ ৰ পৰা ৩৬ বছৰ বয়সৰ ভিতৰৰ লোকসকলে যোগ্যতা অৰ্জন কৰিব পাৰিব । অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে পাঁচ বছৰ আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে বাবে তিনি বছৰ বয়সৰ শেষসীমা ৰেহাই দিয়া হ’ব ।

আবেদন প্ৰক্ৰিয়া আৰু মাচুলৰ বিৱৰণ: অনলাইন আবেদন কৰিব লাগিব । আৱেদন দাখিলৰ অন্তিম তাৰিখ ১৩ অক্টোবৰ ২০২৪ । অনুসূচিত জাতি, অনুসূচিত জনজাতি, বিশেষভাৱে সক্ষম, মহিলা, প্ৰাক্তন সেনাবাহিনী, তৃতীয় লিংগ, সংখ্যালঘু, অতি পিছপৰা শ্ৰেণীয়ে ২৫০ টকা আৰু আনসকলে ৫০০ টকা দিব লাগিব ।

RAILWAY NTPC JOBS
আবেদনৰ ৱেব চাইট (www.rrbapply.gov.in)

পৰীক্ষাৰ তাৰিখ: পৰীক্ষাৰ তাৰিখ এতিয়াও ঘোষণা কৰা হোৱা নাই । অতি সোনকালে ঘোষণা কৰা হ'ব । এই চাকৰিৰ বাবে আবেদন কৰিব বিচৰাসকলে এই ৱেবচাইট https://www.rrbapply.gov.in/ যোগেদি আবেদন কৰিব পাৰিব ।

লগতে পঢ়ক: এপলত নিয়োগৰ সুবিধা : কেতিয়া হ’ব নিযুক্তি প্ৰক্ৰিয়া ? - Job opportunity in Apple India

ADRE পৰীক্ষাৰ অ' এম আৰ শ্বীট কিদৰে লাভ কৰিব ? - Assam CM Himanta Biswa Sarma

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.