ETV Bharat / bharat

ভূমিৰ বিনিময়ত নিযুক্তি গোচৰত লালু, তেজস্বী আৰু তেজ প্ৰতাপ যাদৱসহ অন্যান্যৰ জামিন মঞ্জুৰ - Land for job money laundering case

Land For Job Scam: এক লাখ টকাকৈ জামিন বণ্ডত জামিন লাভ কৰিছে আটাইকেইজনে ৷ ২৫ অক্টোবৰত হ’ব পৰবৰ্তী শুনানি ৷

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Land For Job Scam
ভূমিৰ বিনিময়ত নিযুক্তি গোচৰত লালু, তেজস্বী আৰু তেজ প্ৰতাপ যাদৱসহ অন্যান্যৰ জামিন মঞ্জুৰ (ETV Bharat)

নেশ্যনেল ডেস্ক, ৭ অক্টোবৰ: ভূমিৰ বিনিময়ত নিযুক্তি গোচৰত বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ পুত্ৰ তেজস্বী যাদৱ, তেজ প্ৰতাপ যাদৱকে ধৰি সাতজন অভিযুক্তৰ জামিন মঞ্জুৰ কৰিছে দিল্লীৰ ৰাউছ এভিনিউ আদালতে । আদালতৰ চমনৰ পিছত এই তিনিওজন আন অভিযুক্তৰ সৈতে বিশেষ ন্যায়াধীশ বিশাল গগনেৰ আদালতত উপস্থিত হয় । আজি লালু, তেজস্বী আৰু তেজ প্ৰতাপ যাদৱৰ উপৰিও মিছা ভাৰতী আৰু অন্যান্য অভিযুক্তসকলো আদালতত উপস্থিত হয় ।

ৰাউছ এভিনিউ আদালতে আটাইকেইজন অভিযুক্তৰ জামিন মঞ্জুৰ কৰে । এক লাখ টকাকৈ জামিন বণ্ডত তেওঁলোকে জামিন লাভ কৰিছে । পৰৱৰ্তী শুনানিৰ তাৰিখ ২৫ অক্টোবৰত নিৰ্ধাৰণ কৰা হৈছে ।

লগতে পঢ়ক: লালু প্ৰসাদ যাদৱ, পুত্ৰ তেজস্বী যাদৱ আৰু তেজ প্ৰতাপ যাদৱলৈ আদালতৰ চমন - Land for job money laundering case

এই গোচৰত যোৱা ৭ মাৰ্চত আদালতে ইডি গোচৰত ৰাবড়ী দেৱী, মিছা ভাৰতী, হেমা যাদৱ আৰু হ্ৰদয়ানন্দ চৌধৰীক নিয়মীয়া জামিন প্ৰদান কৰিছিল । ১৮ ছেপ্টেম্বৰত ইডিয়ে দাখিল কৰা প্ৰথমখন পৰিপূৰক অভিযোগনামাৰ আদালতে সজ্ঞান লয় । আদালতে লগতে লালু প্ৰসাদ যাদৱ, তেজস্বী যাদৱ, তেজ প্ৰতাপ যাদৱকে ধৰি ৭জন অভিযুক্তক আদালতত হাজিৰ হ’বলৈ চমন জাৰি কৰিছিল ।

আদালতে চমন জাৰি কৰা অভিযুক্তসকলৰ ভিতৰত আছে লালু প্ৰসাদ যাদৱ, তেজস্বী যাদৱ, তেজ প্ৰতাপ যাদৱ, অখিলেশ্বৰ সিং, কিৰণ দেৱী, হাজাৰী প্ৰসাদ ৰায়, সঞ্জয় ৰায় আৰু ধৰ্মেন্দ্ৰ সিং । এই গোচৰত ইডিয়ে ৬ আগষ্টত প্ৰথমখন পৰিপূৰক অভিযোগনামা দাখিল কৰিছিল। ইডিৰ চাৰ্জ শ্বীটত ইডিয়ে ১১জন লোকক অভিযুক্ত কৰি তুলিছে। অভিযোগনামাত প্ৰমাণ হিচাপে ৯৬ পৃষ্ঠাৰ নথি দাখিল কৰা হৈছে ।

লগতে পঢ়ক: ভূমিৰ বিনিময়ত নিযুক্তি গোচৰ : পিতা-পুত্ৰৰ বিৰুদ্ধে জাল চপাই আনিছে ই ডিয়ে - Land For Job Scam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.