নেশ্যনেল ডেস্ক, ৩০ এপ্ৰিল : বিহাৰৰ ভাগলপুৰত শোকাৱহ পথ দুৰ্ঘটনা । এই পথ দুৰ্ঘটনাটোত ৬ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৩ গৰাকী লোক গুৰুতৰভাৱে আহত হয় । ভুক্তভোগী লোকসকল মুংগেৰৰ পৰা পিৰপেইণ্টিলৈ গৈ আছিল । দুৰ্ঘটনাটো সোমবাৰে নিশা আমাপুৰ জিলাৰ ৮০ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ।
জানিব পৰা মতে, নিশা প্ৰায় ১১ বজাত ঘোঘাৰ আমাপুৰ গাঁৱত শিলভৰ্তি ট্ৰাকৰ টায়াৰ হঠাতে বিস্ফোৰিত হয় । যাৰ ফলত ট্ৰাকখন সমীপেৰে পৰা হৈ যোৱা এখন যাত্ৰীভৰ্তি বাহনৰ ওপৰত বাগৰি পৰে । বাহনখনৰ ওপৰত ট্ৰাকখন বাগৰি পৰাত এটি শিশুসহ ৬ গৰাকী লোক থিতাতে নিহত হয় । একে সময়তে, ৩ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । আটাইকেইজন আহতক ভাগলপুৰৰ জৱাহৰলাল নেহৰু চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।
আহতসকলে কোৱা মতে মুংগেৰৰ গোৰিয়া টোলাৰ সুনীল দাসৰ পুত্ৰ মোহিতৰ বিবাহ অনুষ্ঠানত ভাগ ল'বলৈ তেওঁলোক গৈ আছিল । বাহনখনত ৯ গৰাকী লোক আছিল । কাহালগাঁৱৰ পৰা প্ৰায় ৭ কিলোমিটাৰ দূৰত ৮০ নং ৰাষ্ট্ৰীয় ঘাইপথত পাৰ হৈ যোৱা ট্ৰাকৰ টায়াৰ বিস্ফোৰণ হয় আৰু ট্ৰাকখন সেই বাহনখনৰ ওপৰতে বাগৰি পৰে । বাহনখনৰ সন্মুখৰ আৰু পিছফালে থকা আন দুখন বাহনো আংশিকভাৱে ক্ষতিগ্ৰস্ত হয় । সমগ্ৰ ঘটনাটোক লৈ অঞ্চলটোত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ।
আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহকেইটা উদ্ধাৰ কৰিছে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্তও আৰম্ভ কৰিছে ।
লগতে পঢ়ক : ছত্তীশগড়ত শোকাৱহ দুৰ্ঘটনা, মহিলা-শিশুসহ ৯ গৰাকী লোকৰ মৃত্যু - Chhattisgarh Accident