নতুন দিল্লী : কেন্দ্ৰই ৰাজহ সচিব সঞ্জয় মালহোত্ৰাক ভাৰতীয় ৰিজাৰ্ভ বেংকৰ (আৰ বি আই) পৰৱৰ্তী গৱৰ্ণৰ হিচাপে নিযুক্তি দিছে । এক চৰকাৰী নিৰ্দেশত কোৱা হৈছে, "কেবিনেটৰ নিযুক্তি সমিতিয়ে ৰাজহ বিভাগৰ সচিব আই এ এছ সঞ্জয় মালহোত্ৰাক (আৰ জে : ১৯৯০) ১১-১২-২০২৪ তাৰিখৰ পৰা তিনি বছৰৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ হিচাপে নিযুক্তি দিয়াত অনুমোদন জনাইছে ।"
১৯৯০ বেচৰ ৰাজস্থান কেডাৰৰ আই এ এছ বিষয়া মালহোত্ৰা শক্তিকান্ত দাসৰ স্থলাভিষিক্ত হ'ব । তেওঁৰ কাৰ্যকাল মঙলবাৰে (১০ ডিচেম্বৰ) সমাপ্ত হ'ব । আনহাতে, মালহোত্ৰা হ'ব আৰ বি আইৰ ২৬ সংখ্যক গৱৰ্ণৰ ।
উল্লেখ্য যে মালহোত্ৰা কানপুৰৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন'লজীৰ পৰা কম্পিউটাৰ বিজ্ঞানত অভিযান্ত্ৰিক স্নাতক । লগতে তেওঁ আমেৰিকাৰ প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ পৰা ৰাজহুৱা নীতি (Public Policy) বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছে ।
33 বছৰতকৈও অধিক সময়ৰ কেৰিয়াৰত তেওঁ প্ৰদৰ্শন কৰা নেতৃত্ব গুণ আৰু উৎকৰ্ষতাৰ সৈতে মালহোত্ৰাই শক্তি, বিত্ত আৰু কৰ, তথ্য-প্ৰযুক্তি, খনি আদিকে ধৰি বহুমুখী খণ্ডত কাম কৰিছে । পূৰ্বৰ দায়িত্বত তেওঁ বিত্ত মন্ত্ৰণালয়ৰ অধীনত বিত্তীয় সেৱা বিভাগৰ সচিব পদত অধিষ্ঠিত আছিল ।
ৰাজ্যৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ বিত্ত আৰু কৰৰ ক্ষেত্ৰত তেওঁৰ ব্যাপক অভিজ্ঞতা আছে । বৰ্তমানৰ দায়িত্বৰ অংশ হিচাপে তেওঁ প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ সন্দৰ্ভত কৰ নীতি প্ৰণয়নত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ।
মালহোত্ৰাই প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিং, ৰঘুৰাম ৰাজন, বিমল জালান, উৰ্জিত পেটেল, ডি চুব্বাৰাও, ডঃ ৱাই ভি ৰেড্ডী, ডঃ চি ৰাংগৰাজন আৰু এছ জগ্গনাথনৰ দৰে ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰৰ তালিকাত নিজৰ নাম সন্নিৱিষ্ট কৰিব ওলাইছে ।