ETV Bharat / bharat

অশান্ত মণিপুৰ : কি কয় জিৰিবামৰ আৰক্ষী অধীক্ষকে - MANIPUR VIOLENCE

সোমবাৰে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ এদিনীয়া উত্তৰ-পূব ভ্ৰমণৰ প্ৰাকক্ষণত পুনৰ অশান্ত হৈ পৰে মণিপুৰৰ জিৰিবাম জিলা ৷ কুকি উগ্ৰপন্থী আৰু আৰক্ষীৰ মাজত হোৱা গুলীচালনা সন্দৰ্ভত আৰক্ষী অধীক্ষকৰ প্ৰতিক্ৰিয়া প্ৰকাশ ৷ পঢ়ক বিতং খবৰ ...

author img

By ETV Bharat Assamese Team

Published : Jul 8, 2024, 8:24 PM IST

MANIPUR VIOLENCE
অশান্ত মণিপুৰ (ETV Bharat Assam)

তেজপুৰ, 8 জুলাই: অন্ত পৰা নাই মণিপুৰৰ অশান্তজৰ্জৰ পৰিস্থিতিৰ ৷ লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ মণিপুৰ ভ্ৰমণৰ পূৰ্বে মণিপুৰ আৰক্ষীৰ সৈতে গুলীচালনা কুকি উগ্ৰপন্থীৰ । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰে দুজন লোকক । এই তথ্য সদৰী কৰিছে জিৰিবাম জিলাৰ আৰক্ষী অধীক্ষক প্ৰদীপ সিঙে ।

অশান্ত মণিপুৰ (Source : Manipur police)

আৰক্ষী অধীক্ষক গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি সোমবাৰে পুৱতি নিশা প্ৰায় 3 বজাত জিৰিবামৰ লেইনগাংপকপি অঞ্চলত মণিপুৰ আৰক্ষীৰ সৈতে কুকি উগ্ৰপন্থীৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে ৷ গুলীচালনাৰ ঘটনা সংঘটিত হোৱা স্থানৰ পৰা জিৰিবাম আৰক্ষী থানাৰ দূৰত্ব মাত্ৰ ছয় কিল’মিটাৰ ৷ এই ঘটনাৰ পাচত আৰক্ষীৰ এটা দল আৰু অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয় ৷ কুকি উগ্ৰপন্থীসকলে এই দলটোৰ ওপৰতো গুলীচালনা কৰে ৷

লগতে পঢ়ক: কুকি-মেইটেইৰ মাজত পুনৰ সংঘৰ্ষৰ ফলত অগ্নিগৰ্ভা মণিপুৰ, কাছাৰত আশ্ৰয় বিচাৰি প্ৰৱেশ ৫ শতাধিকৰ - MANIPUR VIOLENCE

ঘটনাস্থলীত উপস্থিত আৰক্ষীৰ দলটোৱে অকলে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰি 39 নং অসম ৰাইফলছৰ সহায় বিচাৰে ৷ পৰৱৰ্তী সময়ত অসম ৰাইফলছৰ দলে এই ঘটনাত জড়িত থকাৰ সন্দেহত আটক কৰে দুজন লোকক ৷

ইয়াৰ পিচত পুৱা প্ৰায় 9.30 বজাত একাংশ অচিনাকী লোকে জিৰিবামৰ ৰবৰ ফাৰ্মৰ সমীপত থকা এখন ফাৰ্মত অগ্নিসংযোগ কৰাৰ লগতে লালপানী এলেকাত থকা স্থানীয় লোকসকলৰ বাসগৃহতো অগ্নিসংযোগ কৰে ৷ অৱশ্যে ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনা নিয়ন্ত্ৰণ কৰে মণিপুৰ আৰক্ষী আৰু চি আৰ পি এফৰ দলে ৷

লগতে পঢ়ক: ৰাহুল গান্ধীয়ে মণিপুৰক ভাল পায়; ৰাজ্যসভাত নৰেন্দ্ৰ মোদীয়ে কোৱা কথা মিছা: কেইশাম মেঘচন্দ্ৰ - Rahul Gandhi Manipur visit

ঘটনা সংক্ৰান্তত জিৰিবামৰ আৰক্ষী অধীক্ষকে প্ৰকাশ কৰা তথ্য অনুসৰি, পুনৰ 11.30 বজাত জিৰিবামৰ গোলাৰ্থল এলেকাত কেইবাটাও ঘৰ জ্বলাই দিয়ে অচিনাক্ত দুৰ্বৃত্তই ৷ পৰৱৰ্তী সময়ত আৰক্ষী আৰু অসম ৰাইফলছৰ দলে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । এই দুয়োটা কাণ্ডতে কুকি উগ্ৰপন্থী জড়িত থকাৰ বিষয়ে তথ্য লাভ কৰে আৰক্ষীয়ে ৷

উল্লেখ্য যে, ৰাহুল গান্ধীৰ মণিপুৰ ভ্ৰমণৰ পূৰ্বে সংঘটিত হোৱা এই ঘটনাৰ চাঞ্চল্যকৰ ভিডিঅ’ সম্প্ৰতি পোহৰলৈ আহিছে ৷ বিগত জুন মাহৰে পৰা মণিপুৰত বিৰাজ কৰিছে অশান্তজৰ্জৰ পৰিস্থিতিয়ে ৷ এজন যুৱকৰ প্ৰথমে নিৰুদ্দেশ আৰু তাৰপিচত মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি এই পৰিস্থিতিৰ সূত্ৰপাত ঘটিছিল ৷ পৰৱৰ্তী সময়ত এই পৰিস্থিতিয়ে অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰে ৷

লগতে পঢ়ক: কাছাৰত আশ্ৰয় গ্ৰহণ কৰা মণিপুৰী শৰণাৰ্থীসকলৰ কাষত কংগ্ৰেছ নেতা ৰাহুল গান্ধী - MP Rahul Gandhi in Silchar

গোষ্ঠীগত সংঘৰ্ষই এনে পৰ্যায় পায় যে, জিৰিবামৰ পৰা বহুসংখ্যক লোকে প্ৰাণৰ মমতাত পলাই আহি কাছাৰৰ লক্ষীপুৰ অঞ্চলত আশ্ৰয় লয় ৷ ঘটনাৰ কিছু সময়ৰ পিচতেই ৰাহুল গান্ধীয়ে জিৰিবামত থকা আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে আৰু পুনৰ উভতি আহি শিলচৰ বিমানবন্দৰৰ পৰা ইম্ফল বিমানবন্দৰলৈ ৰাওনা হয় ।

জিৰিবামৰ আৰক্ষী অধীক্ষকে টেংনোপোল জিলাৰ সমীপত ৰবৰ বাগানৰ সমীপৰ পাহাৰীয়া অঞ্চলত আৰক্ষী আৰু সুৰক্ষা বাহিনীয়ে উগ্ৰপন্থী বিৰোধী অভিযান আৰম্ভ কৰা বুলি সদৰী কৰিছে ৷

লগতে পঢ়ক: ক’ক’মিৰ উদ্যোগত বৃহৎ সমদল, দুগৰাকী বিধায়কৰ অংশগ্ৰহণ - Massive rally in Imphal

অগ্নিগৰ্ভা মণিপুৰৰ জিৰিবাম আৰু কাছাৰ জিলাৰ আৰক্ষী অধীক্ষকৰ বৈঠক - Assam Manipur Border Situation

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.