ETV Bharat / bharat

ৰথ যাত্ৰাৰ সময়ত জগন্নাথ মহাপ্ৰভুক কিদৰে পূজা কৰিলে ঘৰত বহিয়েই পাব শুভফল ? - Rath Yatra 2024

Rath Yatra 2024: ওড়িশাৰ পুৰীত আজিৰে পৰা আৰম্ভ হৈছে মহাপ্ৰভু জগন্নাথ ৰথ যাত্ৰা ৷ জ্যেষ্ঠ ভাতৃ বলোভদ্ৰ আৰু ভগ্নী সুভদ্ৰা সহিতে ভগৱান শ্ৰীকৃষ্ণ জগন্নাথ মন্দিৰৰ পৰা শ্ৰীগুণ্ডিচা মন্দিৰলৈ যাব ৷ জানো আহক ৰথ যাত্ৰাৰ তাৎপৰ্য তথা কিদৰে আপুনি মহাপ্ৰভু জগন্নাথৰ কৃপা লাভ কৰিব পাৰে ৷

author img

By ETV Bharat Assamese Team

Published : Jul 7, 2024, 12:46 PM IST

Updated : Jul 7, 2024, 4:51 PM IST

RATH YATRA 2024
জগন্নাথ ৰথ যাত্ৰাৰ সময়ত কিদৰে পূজা কৰিলে ঘৰত বহিয়েই পাব শুভফল (Getty Images)

গুৱাহাটী, 7 জুলাই: আজিৰে পৰা আৰম্ভ শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ ৰথ যাত্ৰা । দেশৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো ৰথ যাত্ৰাৰ আয়োজন কৰা হৈছে । এইবাৰ ৰথ যাত্ৰাত পূষ্য নক্ষত্ৰ, হৰ্ষণ যোগ, সৰ্বাৰ্থ সিদ্ধি যোগ আৰু শিৱবাসৰ দৰে শুভ আৰু বিৰল কাকতলীয়া সংযোগ সৃষ্টি হ’বলৈ গৈ আছে ।

ইস্কন গুৱাহাটীৰ যুৱ সমাজৰ সঞ্চালক সুদৰ্শন দাস (ETV Bharat)

ইস্কন গুৱাহাটীৰ উদ্যোগত ৰথ যাত্ৰা মহোৎসৱৰ

৭ জুলাইৰ পৰা ১৫ জুলাই লৈকে ইস্কন গুৱাহাটীৰ উদ্যোগত ৰথ যাত্ৰা মহোৎসৱৰ আয়োজন কৰা হৈছে । আজি পৰা এই মহোৎসৱৰ উদ্বোধনী অনুষ্ঠান ইতিমধ্যে আৰম্ভ হৈছে ৷ মহানগৰীৰ জি এছ ৰোডৰ শ্ৰীনগৰ ট্ৰেফিক পইন্টৰ পৰা আৰম্ভ হৈ এই ৰথযাত্ৰা গণেশগুৰি, লাষ্টগেট, চাৰ্ভে, বেলতলা তিনি আলি, বশিষ্ঠ চাৰিআলি, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ত্ৰিপুৰা ৰোড হৈ জয়ানগৰস্থিত জগন্নাথ সাংস্কৃতিক প্ৰকল্পৰ প্ৰাংগণত অন্ত পৰিব ।

৯ দিনীয়া এই মহোৎসৱৰ এক অন্য আকৰ্ষণ হৈছে শ্ৰীমদ্ভাগৱত কথা । জয়ানগৰস্থিত জগন্নাথ সাংস্কৃতিক প্ৰকল্পৰ প্ৰাংগণত ৮ পৰা ১৪ জুলাই লৈ সন্ধিয়া ৬ বজাৰ পৰা শ্ৰীমদ্ভাগৱত কথাৰ প্ৰৱচন ব্যাখ্যা কৰিব দ্বাৰকাস্থিত ইস্কন মন্দিৰৰ ভক্ত শচীপতি দাসে । এই মহোৎসৱ ১৫ জুলাইত ওভতনি ৰথ যাত্ৰাৰে সামৰণি পৰিব । কটন বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ হোৱা ওভতনি ৰথ যাত্ৰা উলুবাৰীৰ এ এছ টি পাৰ্কিংঙত সামৰণি পৰিব ।

হৰে কৃষ্ণ মন্দিৰৰ জগন্নাথ ৰথ যাত্ৰা

হৰে কৃষ্ণ মন্দিৰ উত্তৰ গুৱাহাটীৰ উদ্যোগত গুৱাহাটীত শ্রী জগন্নাথ ৰথ যাত্ৰা মহোৎসৱৰ আয়োজন কৰা হৈছে । ৭ জুলাইৰ সন্ধিয়া ৪ বজাৰ পৰা মালিগাঁওস্থিত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ কাৰ্যালয়ৰ পৰা আৰম্ভ হ'ব আৰু একেদিনাই কাছাৰীৰ নেহৰু পাৰ্কৰ বিপৰীতে থকা ৰ'পৱে পার্কিঙত সামৰণি পৰিব ।

জগন্নাথ ৰথযাত্ৰাৰ তাৎপৰ্য

ৰথযাত্রা মহোৎসৱ পৰম্পৰাগতভাবে ভাৰতবৰ্ষৰ ওড়িশা ৰাজ্যৰ পুৰী চহৰত উদযাপিত হৈ আহিছে । তিনিখন সুউচ্চ ৰথত জগন্নাথ, বলোভদ্ৰ আৰু সুভদ্রা দেৱীৰ বিগ্রহ সুসজ্জিত কৰি নৃত্য, গীত, বাদ্যৰ লগতে দিব্য মন্ত্র ধ্বনিৰে এই শোভাযাত্ৰা কৰা হয় ।

ভগৱান কৃষ্ণ অর্থাৎ জগন্নাথ, তেওঁৰ জ্যেষ্ঠ ভাতৃ বলোভদ্ৰ আৰু ভগ্নী সুভদ্রা দেৱীক ৰথত তুলি কুৰুক্ষেত্ৰৰ পৰা বৃন্দাবনলৈ উভতাই অনা হৈছিল । বৃন্দাৱনৰ গোপ-গোপীসকলে এনেদৰে তেওঁলোকক ঘূৰায় অনাৰ লীলাকেই জগন্নাথ ৰথযাত্রাৰূপে উদযাপিত হৈ আহিছে । জগন্নাথ পুৰীত এসময়ত উদযাপিত হৈ অহা এই ৰথযাত্রা অনুষ্ঠান বর্তমান সমগ্র বিশ্বতে বিয়পি পৰিছে ।

ভাৰতবৰ্ষৰ বাহিৰত ১৯৬৭ চনত আমেৰিকাৰ ছানফ্রান্সিছকো চহৰত পোনপ্ৰথমে এই জগন্নাথ ৰথযাত্ৰাৰ সূচনা কৰিছিল ইস্কনৰ প্রতিষ্ঠাতা আচার্য কৃষ্ণ কৃপামূৰ্তি শ্রীল অভয়চৰণাৰবিন্দ ভক্তিবেদান্ত স্বামী প্রভুপদে । বৰ্তমান ভাৰতবৰ্ষৰ চহৰসমূহৰ লগতে বিশ্বৰ প্ৰধান চহৰসমূহতো এই ৰথ যাত্রা মহোৎসৱ ইস্কনৰ ভক্তসকলে উদযাপন কৰি আহিছে । ৰথ উৎসৱ নামেৰেও পৰিচিত শ্রীজগন্নাথ ৰথ যাত্ৰাত সমগ্ৰ বিশ্বৰ লাখ লাখ ভক্তই অতি ভক্তিৰে আৰু উৎসাহেৰে পালন কৰা এক উল্লেখযোগ্য অনুষ্ঠান ।

ৰথ যাত্ৰাৰ সময়ত প্ৰভু জগন্নাথৰ কিদৰে পূজা-অৰ্চনা কৰিব ?

ইস্কন গুৱাহাটীৰ যুৱ সমাজৰ সঞ্চালক সুদৰ্শন দাসৰ পৰা ৰথ যাত্ৰাৰ সময়ত জগন্নাথৰ নামত এগছি চাকি জ্বলালে ১০১ গছি চাকি জ্বলোৱাৰ ফল পাব । এই সময়ত জগন্নাথক দৰ্শন কৰিলে গোটেই বছৰটো জগন্নাথক দৰ্শন কৰি যি ফল পাব তাতকৈ হেজাৰগুণ বেছি ফল পাব ভক্তই । কিয়নো এই সময়ছোৱাত জগন্নাথ দয়ালু হৈ থাকে আৰু নিজৰ কৃপাদৃষ্টি বজাই ৰাখে ৷ ৰথ যাত্ৰাৰ সময়ত মনত পবিত্ৰতা ৰাখি জগন্নাথৰ প্ৰসাদ গ্ৰহণ কৰিব লাগে ।

মান্যতা অনুসৰি ৰথ যাত্ৰাত ৰথৰ ৰচী টানিলে জগন্নাথে মনৰ কামনা পূৰণ কৰে । ৰথ যাত্ৰাত জগন্নাথক আৰাধনা কৰাৰ বাবে উপবাসে থাকিব নালাগে । নিৰামিষ আহাৰ গ্ৰহণ কৰিব পাৰে । কোনো ভক্তই উপবাসে থাকিলে ৰথ যাত্ৰাৰ সময়ত পূজা দি প্ৰসাদ গ্ৰহণ কৰিব পাৰে । কিন্তু উপবাস ৰখাটোৰ কোনো বাধ্য বাধকতা নাই । ভক্তৰ নিজৰ মনৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে ।

যিসকল ভক্তই ৰথ যাত্ৰালৈ আহিব নোৱাৰে । তেওঁলোকে ঘৰতে জগন্নাথৰ পূজা-অৰ্চনা কৰিব পাৰে । ধূপ-চাকি, ফুল-তুলসী, ফল, বিভিন্ন প্ৰকাৰৰ গাখীৰেৰে তৈয়াৰী মিঠাই, পিঠা, বিভিন্ন ব্যঞ্জন আগবঢ়াই পূজা কৰিব পাৰে । এইদৰে প্ৰাৰ্থনা কৰিলে ৰথ যাত্ৰাৰ সময়ত পুৰীলৈ গৈ যি ফল পাব ঘৰত বহিয়েই আপুনি সেই ফল পাব পাৰে ।

লগতে পঢ়ক: Jagannath Rath Yatra 2023: ভগৱান জগন্নাথ কেতিয়া যাব মাহীয়েকৰ ঘৰলৈ ? ২০২৩ বৰ্ষৰ ৰথ যাত্ৰাৰ দিন তথা তাৎপৰ্য জানি লওক

Last Updated : Jul 7, 2024, 4:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.