ETV Bharat / bharat

ছত্তীশগড়ৰ ৰাজ্যপাল হিচাপে ৰমেন ডেকাৰ শপত গ্ৰহণ - Chhattisgarh Governor Ramen Deka

author img

By ETV Bharat Assamese Team

Published : Jul 31, 2024, 12:50 PM IST

Ramen Deka swearing in Ceremony: বুধবাৰে ছত্তীশগড়ৰ নতুন ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰে ৰমেন ডেকাই । ৰায়পুৰত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত বিশ্বভূষণ হৰিচন্দনৰ স্থলাভিষিক্ত হয় অসমৰ জ্যেষ্ঠ বিজেপি নেতা ৰমেন ডেকা ।

Ramen Deka to Takes Oath
ছত্তীশগড়ৰ ৰাজ্যপাল হিচাপে ৰমেন ডেকাৰ শপত গ্ৰহণ (ETV Bharat)

নিউজ ডেস্ক, ৩১ জুলাই : ছত্তীশগড়ৰ নতুন ৰাজ্যপাল হিচাপে বুধবাৰে পদ আৰু গোপনীয়তাৰ শপত লয় ৰমেন ডেকাই । ৰায়পুৰৰ ৰাজভৱনত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত ৰমেন ডেকাক শপত বাক্য পাঠ কৰায় ছত্তীশগড় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰমেশ সিনহাই । তেওঁৰ ৰাজ্যখনৰ দশমগৰাকী ৰাজ্যপাল হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে । এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত বুধবাৰে পুৱা ১০.১৫ বজাত তেওঁ ৰাজভৱনত শপত গ্ৰহণ কৰে । উল্লেখ্য যে ৰাজ্যপাল হিচাপে নিযুক্তিলাভৰ পিচত মঙলবাৰে সন্ধিয়া ৰমেন ডেকা ছত্তীশগড়ৰ ৰাজধানী ৰায়পুৰত উপস্থিত হয় ।

অসমৰ জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে ৰাজ্যখনৰ বৰ্তমানৰ ৰাজ্যপাল বিশ্বভূষণ হৰিচন্দনৰ স্থানত দশমগৰাকী ৰাজ্যপাল হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে । ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত বিশ্বভূষণ হৰিচন্দনে ছত্তীশগড়ৰ ৰাজ্যপালৰ দায়িত্ব গ্ৰহণ কৰিছিল । জ্যেষ্ঠ বিজেপি নেতা তথা অসমৰ মঙলদৈ লোকসভা সমষ্টিৰ দুবাৰৰ সাংসদ ৰমেন ডেকাক অসম বিজেপিৰ তীক্ষ্ণ নেতাসকলৰ মাজত এগৰাকী হিচাপে গণ্য কৰা হয় । ৰাজনীতিৰ ক্ষেত্ৰখনত তেওঁৰ অভিজ্ঞতা যথেষ্ট ।

ইয়াৰ পূৰ্বে মঙলবাৰে ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা গুৱাহাটীৰ বশিষ্ঠস্থিত বাজপেয়ী ভৱনত আয়োজিত এক অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয় । ইয়াৰ পিচত ছত্তীশগড়ৰ নৱনিযুক্ত ৰাজ্যপাল ৰমেন ডেকাই সামাজিক মাধ্যমত এক পোষ্ট কৰে, "৩১ জুলাইত ৰায়পুৰৰ ৰাজভৱনত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব । মই মঙলবাৰে দুপৰীয়া ২ বজাত গুৱাহাটীৰ পৰা ৰায়পুৰলৈ ৰাওনা হ'ম ।"

ইফালে ছত্তীশগড়ৰ ৰাজ্যপাল হিচাপে নিযুক্তিলাভৰ বাবে কংগ্ৰেছ আৰু বিজেপি দুয়োটা দলেই ৰমেন ডেকাক অভিনন্দন জনাইছে । লগতে কংগ্ৰেছে আশা ব্যক্ত কৰিছে যে ৰাজ্যখনত দীৰ্ঘদিন ধৰি স্থগিত হৈ থকা নতুন সংৰক্ষণ বিধেয়কখনত ৰাজ্যপালে স্বাক্ষৰ কৰিব ।

উল্লেখ্য, ৰমেন ডেকা বিজেপিৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সম্পাদক পদতো অধিষ্ঠিত আছিল । আনহাতে, ৰাজ্যপালৰ দৰে সন্মানীয় সাংবিধানিক পদত অধিষ্ঠিত হোৱা তেওঁ হৈছে অষ্টমগৰাকী অসমীয়া । ইয়াৰ পূৰ্বে শনিবাৰে নিশা ৰাষ্ট্ৰপতিয়ে কেইবাখনো ৰাজ্যৰ ৰাজ্যপাল সালসলনি কৰাৰ নিৰ্দেশ জাৰি কৰে । এই জাননীত ৰাষ্ট্ৰপতিয়ে ৰমেন ডেকাক ছত্তীশগড়ৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়াৰ নিৰ্দেশ জাৰি কৰে । মুঠতে ৯ খন ৰাজ্যৰ ৰাজ্যপাল সলনি কৰা হয় । ইয়াৰ ভিতৰত আছে ছত্তীশগড়, তেলেংগানা, ৰাজস্থান, ঝাৰখণ্ড, ছিকিম, মহাৰাষ্ট্ৰ, পঞ্জাব, মেঘালয় আৰু অসম । অসমৰ নতুন ৰাজ্যপাল হিচাপে এল পি আচাৰ্যই মঙলবাৰে শপত গ্ৰহণ কৰে ।

লগতে পঢ়ক :অসমৰ নতুন ৰাজ্যপাল হিচাপে শপত ল'লে লক্ষ্মণ প্ৰসাদ আচাৰ্যই - Assam Governor LP Acharya
লগতে পঢ়ক :সংঘ আছে বাবেহে দল আছে : বাজপেয়ী ভৱনত ক'লে নৱনিযুক্ত ৰাজ্যপাল ৰমেন ডেকাই - EX MP Ramen Deka in BJP office

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.