ETV Bharat / bharat

হাথৰছ কাণ্ডৰ ভুক্তভোগীক সাক্ষাৎ কৰিব ৰাহুল গান্ধীয়ে - Hathras stampede case

author img

By ETV Bharat Assamese Team

Published : Jul 4, 2024, 3:39 PM IST

Rahul Gandhi To Visits Hathras : কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে উত্তৰ প্ৰদেশৰ হাথৰছলৈ গৈ ভোলে বাবাৰ সৎসংগত পদপিষ্ট হৈ নিহত হোৱা লোকৰ পৰিয়াল আৰু আহতসকলক সাক্ষাৎ কৰিব ।

Rahul Gandhi To Visits Hathras
ৰাহুল গান্ধী (ANI Photo)

নিউজ ডেস্ক, ৪ জুলাই : লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে উত্তৰ প্ৰদেশৰ হাথৰছ ভ্ৰমণ কৰিব । উল্লেখ্য, হাথৰছত মঙলবাৰে এক ধৰ্মীয় সমাবেশত সংঘটিত পদপিষ্টৰ ঘটনাত ১২০ জনৰো অধিক লোক নিহত হয় । ৰাহুল গান্ধীয়ে নিহতৰ পৰিয়াল আৰু আহতসকলক সাক্ষাৎ কৰিব বুলি কংগ্ৰেছৰ সাধাৰণ সম্পাদক (সংগঠন) কে চি বেণুগোপালে জনাইছে । তেওঁ কয়, এইটো এটা অতি দুৰ্ভাগ্যজনক ঘটনা আছিল । ৰাহুল গান্ধীয়ে হাথৰছ ভ্ৰমণ কৰিব আৰু ঘটনাটোৰ ভুক্তভোগীসকলৰ সৈতে বাৰ্তালাপ কৰিব ।

উল্লেখ্য, ঘটনাটোৰ ঠিক পিচতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে শোক প্ৰকাশ কৰি ছ'চিয়েল মিডিয়াত এটা পোষ্ট কৰিছিল । তাত তেওঁ লিখিছে, "উত্তৰ প্ৰদেশৰ হাথৰছত এক 'সৎসংগ'ত পদপিষ্টৰ ঘটনাত বহু ভক্তৰ মৃত্যুৰ খবৰ অতি দুখজনক । মই শোকসন্তপ্ত পৰিয়ালবৰ্গৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছো আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো ।"

ভুক্তভোগীসকলৰ পৰিয়ালক সহায়ৰ আহ্বান

"মই চৰকাৰ আৰু প্ৰশাসনক আহত আৰু সকলো ক্ষতিগ্ৰস্ত পৰিয়ালক সৰ্বোৎকৃষ্ট চিকিৎসা প্ৰদান কৰিবলৈ অনুৰোধ জনাইছো । ইণ্ডিয়া ব্লকৰ স্বেচ্ছাসেৱকসকলক উদ্ধাৰকাৰ্যত সহায় কৰিবলৈ অনুৰোধ জনোৱা হৈছে ।" তেওঁ লগতে লিখিছে ।

ভোলে বাবাৰ সৎসংগত হৈছিল লৰা-ঢপৰা

মঙলবাৰে 'ভোলে বাবা' নামে জনাজাত ধৰ্মীয় প্ৰচাৰক নাৰায়ণ সাকাৰ হৰিৰ সৎসংগত এই পদপিষ্টৰ ঘটনাটো সংঘটিত হয় । অনুষ্ঠানটোত উত্তৰ প্ৰদেশৰ বিভিন্ন প্ৰান্তৰ লগতে অন্যান্য ৰাজ্যৰ পৰাও প্ৰায় ২.৫ লাখ লোকে অংশগ্ৰহণ কৰিছিল ।

পলাতক ভোলে বাবা

আনহাতে, উত্তৰ প্ৰদেশ আৰক্ষীয়ে জনাইছে যে যেতিয়া স্বয়ম্ভূ গুৰুজন যাবলৈ ওলাছিল, তেতিয়া তেওঁৰ অনুগামীসকলে তেওঁৰ গাড়ীৰ পিছে পিছে দৌৰি গৈছিল । সেই সময়ত ভোলে বাবাৰ নিৰাপত্তাৰক্ষীয়ে কিছু অনুগামীক পিচলৈ ঠেলি দিছিল আৰু তেতিয়াই ঘটনাটো সংঘটিত হয় । কিন্তু বৰ্তমান 'ভোলে বাবা' সন্ধানহীন হৈ আছে আৰু তেওঁ এক অজ্ঞাত স্থানৰ পৰা এটা বিবৃতিও জাৰি কৰিছে । আনহাতে, তেওঁৰ অধিবক্তাই কৈছে যে তেওঁ অনুসন্ধানকাৰীসকলৰ সৈতে সহযোগিতা কৰিব ।

ইফালে এক বিশেষ অনুসন্ধানকাৰী দলে ঘটনাটোৰ তদন্ত কৰি আছে । যোগী আদিত্যনাথ চৰকাৰে উচ্চ ন্যায়ালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত তিনিজনীয়া পেনেল গঠন কৰি পদপিষ্টৰ দুৰ্ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক :আগ্ৰাতো আছে ভোলে বাবাৰ নিৰাপদ ঘৰ, পোহৰলৈ আহিছে চাঞ্চল্যকৰ কাহিনী - Hathras Stampede Incident
লগতে পঢ়ক :হাথৰছৰ পদপিষ্টৰ ঘটনাৰ এজাহাৰ দাখিল: নাম নাই স্বয়ম্ভূ গুৰু ভোলে বাবাৰ - Hathras Stampede Incident

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.