নেশ্যনেল ডেস্ক,২২ আগষ্ট : সমাগত জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচন । তাৰ পূৰ্বে অঞ্চলটোত উপস্থিত হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী । লোকসভাৰ বিৰোধী দলৰ দলপতি গান্ধীয়ে অহা মাহত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে নেচনেল কনফাৰেন্সৰ সৈতে প্ৰাক-নিৰ্বাচনী মিত্ৰতাৰ লক্ষ্যৰে জম্মু-কাশ্মীৰত উপস্থিত হৈছে । কংগ্ৰেছ নেতাগৰাকীয়ে বুধবাৰে সন্ধিয়া শ্ৰীনগৰৰ এখন বিখ্যাত হোটেলত জনপ্ৰিয় কাশ্মীৰী ৱাজৱান উপভোগ কৰে ।
পৰম্পৰাগত কাশ্মীৰী ৱাজৱানৰ সোৱাদ ল'লে ৰাহুলে
শ্ৰীনগৰলৈ অহাৰ পিচতে ৰাহুল গান্ধীয়ে শ্ৰীনগৰৰ গুপকাৰ ৰোডৰ এখন ব্যক্তিগত বিলাসী হোটেলত নিশা আশ্ৰয় লয় । নিৰাপত্তা আৰু তেওঁৰ সৈতে যোৱা তেওঁৰ দলৰ সহকৰ্মীসকলক আচৰিত কৰি ৰাহুলে লালচকৰ সমীপৰ ৰেচিডেন্সী ৰোডলৈ ভ্ৰমণৰ কৰে য'ত তেওঁ নিশাৰ আহাৰ গ্ৰহণ কৰে আৰু আহদুছ হোটেল আৰু ৰেষ্টুৰেণ্টত কাশ্মীৰী ৱাজৱানৰ জুতি লয় ।
হোটেলৰ মেনেজাৰ আব্দুল হামিদে সংবাদ মাধ্যমক অৱগত কৰে,"ৰাহুল গান্ধীয়ে পৰম্পৰাগত কাশ্মীৰী ৱাজৱান 'ট্ৰামী'ৰ অৰ্ডাৰ দিছিল । ট্ৰামীত পৰম্পৰাগত ৱাজৱান ব্যঞ্জন আছিল যেনে মিথি মাজ, তাবাক মাজ, কাবাব আৰু চিকেন । তাৰ পিচত তেওঁক ৰিষ্টা, ৰোগান জোছ আৰু শেষত গোষ্টাবা পৰিৱেশন কৰোৱা হয় । কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেও তেওঁৰ সৈতে আছিল । তেওঁ নিৰামিষ আহাৰ গ্ৰহণ কৰিছিল ।"
A night of sweet connections & unforgettable conversations!
— Congress (@INCIndia) August 22, 2024
Yesterday, CP Shri @kharge, LoP Shri @RahulGandhi & Congress GS (Org.) Shri @kcvenugopalmp enjoyed a meal at a local restaurant in Kashmir. pic.twitter.com/HewIaDgBzg
ৰাহুল গান্ধীৰ এই ভ্ৰমণৰ এটা ভিডিঅ' শ্বেয়াৰ কৰি কংগ্ৰেছে এক্সৰ পোষ্টত লিখিছে, "মধুৰ মিলন আৰু পাহৰিব নোৱাৰা কথোপকথনৰ এক নিশা !"
ৰাহুলৰ হাতত চুম্বন
ইফালে হোটেললৈ উভতি যোৱাৰ পূৰ্বে ৰাহুল গান্ধীয়ে লাল চকৰ সমীপৰ প্ৰেছ এনক্লেভৰ স্থানীয় আইচক্ৰীম পাৰ্লাৰ এৰিনাত আইচক্ৰীমৰ সোৱাদ লয় । ৰাহুল গান্ধীয়ে হোটেল আৰু আইচক্ৰীম পাৰ্লাৰত বিভিন্নজনক সাক্ষাৎ কৰে । সেই সাক্ষাতৰ এটা ভিডিঅ' সামাজিক মাধ্যমত শ্বেয়াৰ কৰা হৈছে । ভিডিঅ'টোত এগৰাকী লোকে ৰাহুল গান্ধীক কোৱা দেখা গৈছে, "আপুনি নিস্বাৰ্থভাৱে যি কৰি আছে সেয়া কৰাৰ বাবে আপোনাক বহুত ধন্যবাদ ।" এগৰাকী ব্যক্তিক আনকি আইচক্ৰীম পাৰ্লাৰত ৰাহুল গান্ধীৰ কাষত বহি থকাৰ সময়ত তেওঁৰ হাতত চুম্বন কৰাও দেখা গৈছে ।
জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচন
উল্লেখ্য যে বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ সভাপতি মালিকাৰ্জুন খাৰ্গে দুদিনীয়া ভ্ৰমণসূচীৰে জম্মু-কাশ্মীৰত উপস্থিত হৈছে । য'ত তেওঁলোকে দলৰ নেতা আৰু কৰ্মীসকলক সাক্ষাৎ কৰি বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ ল'ব ।
দুয়োগৰাকী নেতাই সম্ভাব্য মিত্ৰতা সন্দৰ্ভত নেচনেল কনফাৰেন্সৰ মুৰব্বী ড৹ ফাৰুক আব্দুল্লাক সাক্ষাৎ কৰিব । তাৰ পিচত ৰাহুল গান্ধীয়ে নিৰ্বাচন সম্পৰ্কীয় বৈঠকৰ বাবে জম্মুলৈ উৰা মাৰিব । ১০ বছৰৰ অন্তত জম্মু-কাশ্মীৰ অঞ্চলত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ বাবে তৃণমূল পৰ্যায়ৰ প্ৰস্তুতিৰ বিষয়ে দুয়োগৰাকী নেতাই দলীয় কৰ্মীৰ পৰা মতামত ল'ব ।