ETV Bharat / bharat

লাচিত বৰফুকনৰ জীৱনৰ আধাৰত ধাৰাবাহিক সম্প্ৰচাৰ কৰিব প্ৰসাৰ ভাৰতীয়ে, দিছপুৰত বুজাবুজিৰ চুক্তি স্বাক্ষৰ - Lachit Borphukon

author img

By ETV Bharat Assamese Team

Published : Aug 12, 2024, 10:00 PM IST

Prasar Bharati : অসম চৰকাৰৰ সহযোগত প্ৰসাৰ ভাৰতীয়ে মহাবীৰ লাচিত বৰফুকনক এখন টিভি ধাৰাবাহিক নিৰ্মাণ আৰু সম্প্ৰচাৰ কৰিব ৷ এই সন্দৰ্ভত সোমবাৰে প্ৰসাৰ ভাৰতী আৰু অসম চৰকাৰৰ মাজত এক এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় ৷

TV SERIES ON LACHIT BORPHUKON
লাচিত বৰফুকনৰ টিভি ধাৰাবাহিক টেলিকাষ্ট কৰিব প্ৰসাৰ ভাৰতীয়ে (ETV Bharat)

নেশ্যনেল ডেস্ক, 12 আগষ্ট : বীৰ লাচিত বৰফুকনক লৈ প্ৰসাৰ ভাৰতীৰ বিশেষ উদ্যোগ ৷ অসম চৰকাৰৰ সহযোগত প্ৰসাৰ ভাৰতীয়ে কিংবদন্তি যোদ্ধা তথা মহাবীৰ লাচিত বৰফুকনক লৈ 52টা খণ্ডৰ এখন টিভি ধাৰাবাহিক নিৰ্মাণ আৰু সম্প্ৰচাৰ কৰিব ৷ আকাশবাণী, দূৰদৰ্শন আৰু ইয়াৰ ডিজিটেল সেৱা প্ৰসাৰ ভাৰতী নিউজ চাৰ্ভিচেছ (PBNS)কে ধৰি প্ৰসাৰ ভাৰতীৰ প্লেটফৰ্মত সম্প্ৰচাৰিত হ’ব এই ধাৰাবাহিকখন ৷

সোমবাৰে অৰ্থাৎ আজি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক মীনাক্ষী দাস নাথ আৰু প্ৰসাৰ ভাৰতীৰ অমিত কুমাৰ (কনটেন্ট চৰ্ছিং)ৰ মাজত আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু দূৰদৰ্শনৰ মহানিৰ্দেশক কাঞ্চন প্ৰসাদৰ উপস্থিতিত দিছপুৰত এই সন্দৰ্ভত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় ৷

এই অনুষ্ঠানত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বড়া, অসম চৰকাৰৰ মুখ্য সচিব ৰবি কোটা, অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তী আৰু গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ উপ-সঞ্চালক অংকুৰ লাহোটিও উপস্থিত থাকে ৷

অনুষ্ঠানটোৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এয়া অসমৰ জনসাধাৰণৰ বাবে এক ঐতিহাসিক দিন আৰু ই অসম চৰকাৰৰ বাবে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে ৷ প্ৰথমবাৰৰ বাবে প্ৰসাৰ ভাৰতীৰ সহযোগত কিংবদন্তি লাচিত বৰফুকনৰ ওপৰত এখন ধাৰাবাহিক নিৰ্মাণৰ উদ্যোগ গ্ৰহণ কৰা হৈছে ৷ এই ধাৰাবাহিকখন দেশজুৰি সম্প্ৰচাৰ কৰা হ'ব, য'ত লাচিত বৰফুকনৰ বীৰত্ব ব্যাপক সংখ্যক দৰ্শকৰ আগত প্ৰদৰ্শন কৰা হ'ব ৷

তেওঁ লগতে প্ৰসাৰ ভাৰতীৰ দলটোক লাচিত বৰফুকনৰ জীৱনৰ চিত্ৰায়নত সংবেদনশীল হ'বলৈ অনুৰোধ জনায় ৷ লগতে তেওঁ অসমৰ ইতিহাস আৰু সংস্কৃতিক প্ৰতিনিধিত্ব কৰাৰ ক্ষেত্ৰত শুদ্ধতাৰ গুৰুত্বাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে, ধাৰাবাহিকখন এনেদৰে নিৰ্মাণ কৰা উচিত যাতে অসমৰ জনসাধাৰণৰ অনুভূতিৰ কোনো ক্ষতি নকৰাকৈ লাচিত বৰফুকনৰ বীৰত্ব তথা গৌৰৱগাথাক সন্মান জনোৱা হয় ৷

লগতে পঢ়ক : সোঁৱৰণৰ দিন : বাদ্যযন্ত্ৰৰ শিল্পীসকলক সুঁৱৰি জ্যোতি চিত্রবনত এটা বিশেষ দিন - Jyoti Chitraban

এই ধাৰাবাহিকখনৰ লক্ষ্য হৈছে লাচিত বৰফুকনৰ জীৱন আৰু কাৰ্যকলাপৰ মাজত গভীৰভাৱে সোমাই তেওঁৰ কৌশলগত মেধা, অদম্য সাহস আৰু চিৰস্থায়ী উত্তৰাধিকাৰৰ ওপৰত আলোকপাত কৰা ৷ তেওঁৰ অসাধাৰণ যাত্ৰা নথিভুক্ত কৰি ধাৰাবাহিকখনে লাচিত বৰফুকনৰ অমূল্য অৱদানক উদযাপন আৰু স্মৰণ কৰাৰ লগতে অসমৰ চহকী ঐতিহাসিক ঐতিহ্যৰ প্ৰতি গভীৰ বুজাবুজি আৰু প্ৰশংসা গঢ়ি তোলাৰ প্ৰয়াস কৰিছে ৷ এই সহযোগিতামূলক প্ৰচেষ্টাৰ লক্ষ্য হৈছে ভৱিষ্যত প্ৰজন্মক অনুপ্ৰাণিত কৰা আৰু লাচিত বৰফুকনৰ উত্তৰাধিকাৰ যাতে যুগ যুগ ধৰি প্ৰতিধ্বনিত হৈ থাকে ৷

লগতে পঢ়ক : তেজপুৰ বিশ্ববিদ্যালয়ত লাচিত বৰফুকনৰ নামত প্ৰতিৰক্ষা অধ্যয়ন কেন্দ্ৰ স্থাপন হ’ব : ৰাজনাথ সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.