তেজপুৰ, ২৮ ফেব্ৰুৱাৰী : আৰক্ষীয়ে অস্ত্ৰ সম্বৰণ কৰা কথা শুনিছেনে কেতিয়াবা বা দেখিছেনে তেনেকুৱা দৃশ্য ? কিমান হাৰাশাস্তি আৰু অসুবিধাৰ সন্মুখীন হোৱাৰ পিচত এই ধৰণৰ ঘটনা সংঘটিত হ’ব পাৰে ভাবি চাওক ।
![Police and police commando forces protest by surrendering weapons](https://etvbharatimages.akamaized.net/etvbharat/prod-images/28-02-2024/as-tezpur-01-28feb-vispix-policelaiddownarms-pranabkumardas-7203907_28022024134017_2802f_1709107817_910.jpg)
বিগত বছৰটোতেই স্বাভাৱিক পৰিস্থিতি ব্যাহত হৈ পৰা মণিপুৰত আজিও জ্বলি আছে হিংসাৰ জুই ৷ মণিপুৰৰ চাৰিখন জিলাত বুধবাৰে মণিপুৰ আৰক্ষী আৰু আৰক্ষীৰ কামাণ্ডো বাহিনীয়ে নিজৰ নিজৰ অস্ত্ৰ সম্বৰণ কৰা এক নজিৰবিহীন ঘটনা দেখিবলৈ পোৱা গৈছে ৷
- " class="align-text-top noRightClick twitterSection" data="">
ৰাজ্যখনত যে এতিয়া আৰক্ষী বিষয়া বা কনিষ্টবলসকল সুৰক্ষিত নহয় সেইবাবেই আজি মণিপুৰৰ স্পৰ্শকাতৰ চাৰিখন জিলাৰ আৰক্ষীয়ে নিজৰ নিজৰ অস্ত্ৰ নমাই থৈ প্ৰতিবাদ সাব্যস্ত কৰে । মঙলবাৰে নিশা মণিপুৰ পশ্চিম জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমিত সিং আৰু তেওঁৰ সুৰক্ষা কৰ্মীজনক ২০০ জনীয়া অস্ত্ৰধাৰী দল এটাই বন্দী কৰি লৈ গৈছিল ৷ তাৰ পিচত তেওঁলোকক আধা বাটতে এৰি থৈ গুচি যায় ৷ আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ তাৎক্ষণিক পদক্ষেপত তেওঁক উদ্ধাৰ কৰা হয় ৷ এই ঘটনাত আৰু দুজন লোক গুৰুতৰভাৱে আহত হৈছিল ৷ জৱাহৰলাল নেহৰু চিকিৎসালয়ত তেওঁলোক চিকিৎসাধীন হৈ আছে বুলি আৰক্ষীয়ে জনাইছে ।
![Police and police commando forces protest by surrendering weapons](https://etvbharatimages.akamaized.net/etvbharat/prod-images/28-02-2024/as-tezpur-01-28feb-vispix-policelaiddownarms-pranabkumardas-7203907_28022024134017_2802f_1709107817_900.jpg)
বিশেষ সূত্ৰ অনুসৰি জানিব পৰা মতে মণিপুৰৰ থোৱাল, বিষ্ণুপুৰ, ইম্ফল ইষ্ট আৰু ইম্ফল ৱেষ্ট এই চাৰিখন জিলাৰ আৰক্ষীয়ে তেওঁলোকৰ অস্ত্ৰসমূহ দীঘলীয়াকৈ নমাই থয় আৰু ইয়াৰ দ্বাৰা প্ৰতিবাদ সাব্যস্ত কৰে ।
![Police and police commando forces protest by surrendering weapons](https://etvbharatimages.akamaized.net/etvbharat/prod-images/28-02-2024/as-tezpur-01-28feb-vispix-policelaiddownarms-pranabkumardas-7203907_28022024134017_2802f_1709107817_508.jpg)
দেশক সুৰক্ষা প্ৰদান কৰা লোকেসকলেই এতিয়া সুৰক্ষিত নহয় মণিপুৰত । এই ঘটনা সন্দৰ্ভত আজি অসম ৰাইফলছৰ চাৰিটা কোম্পানীয়ে মঙলবাৰে ঘটনা সংঘটিত হোৱা জিলাখনত ফ্লেগ মাৰ্চ কৰে বুলি জানিব পৰা গৈছে । আনহাতে আজিৰে পৰা আৰম্ভ হোৱা মণিপুৰ বিধানসভা অধিবেশনত ৰাজ্যপাল অনুসূয়া উইকীয়ে তেওঁৰ ভাষণ প্ৰদান কৰি বিধানসভা মুকলি কৰে যদিও মঙলবাৰৰ ঘটনাৰ বিষয়ে উল্লেখ কৰা দেখা নগ’ল ।
লগতে পঢ়ক : উত্তপ্ত মণিপুৰ; প্ৰথমে বাসগৃহত গুলীচালনা তাৰ পিচত অতিৰিক্ত আৰক্ষী অধীক্ষকক অপহৰণ