ETV Bharat / bharat

এক্সত ১০ কোটি অনুৰাগীৰ সংখ্যা পাৰ হ’ল প্ৰধানমন্ত্ৰী মোদীৰ - Narendra Modi

author img

By ETV Bharat Assamese Team

Published : Jul 14, 2024, 9:07 PM IST

PM Modi X followers : বিশ্বৰ সকলো নেতাক অতিক্ৰম কৰিলে প্ৰধানমন্ত্ৰী মোদীৰ এক্সৰ ফ’ল’ৱাৰৰ সংখ্যাই ৷ জো বাইডেন, শ্বেখ মহম্মদ, পোপ ফ্ৰান্সিছৰ পৰা খেলুৱৈ, চেলিব্ৰিটীকো চেৰ পেলালে এই সংখ্যাই ৷

PM Modi X followers
এক্সত ১০ কোটি অনুৰাগী প্ৰধানমন্ত্ৰী মোদীৰ (X/@narendramodi)

নিউজ ডেস্ক, ১৪ জুলাই : সামাজিক মাধ্যম এক্সত নৰেন্দ্ৰী মোদীৰ অনুৰাগীৰ সংখ্যাই পাৰ কৰিল ১০ কোটিৰো অধিক ৷ দেওবাৰে এই সংখ্যা স্পৰ্শ কৰাৰ লগে লগে নৰেন্দ্ৰ মোদী হৈ পৰিল বিশ্বৰ এনে এজন নেতা, যাৰ এক্সত ফ’ল’ৱাৰ সৰ্বাধিক ৷

এই ক্ষেত্ৰত নৰেন্দ্ৰ মোদীয়ে অতিক্ৰম কৰিলে জো বাইডেন,শ্বেখ মহম্মদ, পোপ ফ্ৰান্সিছ আদি বিশ্বৰ প্ৰভাৱশালী নেতাসকলক ৷ উল্লেখ্য যে, এই মুহূৰ্তত জো বাইডেনৰ এক্স একাউণ্টত ফ’ল’ৱাৰ আছে ৩৮.১ মিলিয়ন, ডুবাইৰ শাসক শ্বেখ মহম্মদৰ আছে ১১.২ মিলিয়ন, কেথলিক গীৰ্জাৰ মুৰব্বী তথা ভেটিকান চিটী ষ্টেটৰ সাৰ্বভৌম পোপ ফ্ৰান্সিছৰ ফ’ল’ৱাৰ আছে ১৮.৫ মিলিয়ন ৷

কেৱল সিমানেই নহয়; যদিহে ভাৰতীয় ৰাজনীতিকসকলৰ ফ’ল’ৱাৰৰ সংখ্যা চোৱা যায়, সেই ক্ষেত্ৰতো নৰেন্দ্ৰ মোদী শীৰ্ষত আছে ৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ এক্সত ফ’ল’ৱাৰ আছে ২৬.৪ মিলিয়ন, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ আছে ২৭.৫ মিলিয়ন, সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱৰ আছে ১৯.৯ মিলিয়ন আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ এক্সত ফ’ল’ৱাৰ আছে ৭.৪ মিলিয়ন ৷ তদুপৰি তেজস্বী যাদৱৰ ফ’ল’ৱাৰ আছে ৫.২ মিলিয়ন, লালু প্ৰসাদ যাদৱৰ আছে ৬.৩ মিলিয়ন, শাৰদ পাৱাৰৰ এক্সত ফ’ল’ৱাৰ আছে ২.৯ মিলিয়ন ৷

তদুপৰি বিশ্বৰ বহু জনপ্ৰিয় খেলুৱৈতকৈ প্ৰধানমন্ত্ৰী মোদীৰ ফ’ল’ৱাৰ আছে শীৰ্ষত ৷ বিৰাট কোহলীৰ ফ’ল’ৱাৰ আছে ৬৪.১ মিলিয়ন, ফুটবলাৰ নেইমাৰৰ আছে ৬৩.৬ মিলিয়ন, বাস্কেটবল খেলুৱৈ লেব্ৰন জেমছৰ ফ’ল’ৱাৰ আছে ৫২.৯ মিলিয়ন ৷

চেলিব্ৰিটীৰ দিশলৈ চাবলৈ গ’লেও প্ৰধানমন্ত্ৰী মোদী শীৰ্ষত আছে এই মূহূৰ্তত ৷ উদাহৰণস্বৰূপে টেইলৰ চুইফটৰ ফ’ল’ৱাৰ আছে ৯৫.৩ মিলিয়ন, লেডী গাগাৰ ফ’ল’ৱাৰ আছে ৮৩.১ মিলিয়ন, কিম কাৰ্দাছিয়ানৰ ফ’ল’ৱাৰ আছে ৭৫.২ মিলিয়ন ৷

কেৱল এক্স(পূৰ্বৰ টুইটাৰ)তে প্ৰধানমন্ত্ৰী মোদীৰ ফ’ল’ৱাৰৰ সংখ্যাই দৃষ্টি আকৰ্ষণ কৰা নাই ৷ বাকীসমূহ সামাজিক মাধ্যমতো প্ৰধানমন্ত্ৰী মোদীৰ আছে মন কৰিবলগীয়া ফ’ল’ৱাৰ ৷ ইউটিউবত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছাবস্ক্ৰাইবাৰ আছে ২৫ মিলিয়ন আৰু ইনষ্টাগ্ৰামত ফ’ল’ৱাৰ আছে ৯১ মিলিয়নতকৈও অধিক ৷

২০০৯ চনত সামাজিক মাধ্যমত প্ৰৱেশ কৰাৰ পিচৰে পৰা নৰেন্দ্ৰ মোদী এই প্লেটফৰ্মসমূহত যথেষ্ট সক্ৰিয় হৈ পৰা দেখা যায় ৷ শেহতীয়াকৈ নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমৰ জৰিয়তেও বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক : অষ্ট্ৰিয়াৰ কোম্পানীসমূহক ভাৰতত বিনিয়োগ কৰিবলৈ আমন্ত্ৰণ প্ৰধানমন্ত্ৰী মোদীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.