ETV Bharat / bharat

শীৰ্ষ প্ৰযুক্তি প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যবাহী বিষয়াৰে প্ৰধানমন্ত্ৰীৰ বৈঠক - PM Modi US visit

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

PM Modi US visit: আমেৰিকা ভ্ৰমণৰ সময়তে দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বৰ আগশাৰীৰ আমেৰিকান প্ৰযুক্তি প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয় । গুগল, এডোব, এক্সেঞ্চাৰ, এনভিআইডিআইএৰ লগতে বহু শীৰ্ষ প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যবাহী বিষয়াৰ অংশগ্ৰহণ ।

PM Modi US visit
শীৰ্ষ প্ৰযুক্তি প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যবাহী বিষয়াৰে প্ৰধানমন্ত্ৰীৰ বৈঠক (X@NarendraModi)

নেশ্যনেল ডেস্ক, ২৩ ছেপ্টেম্বৰ : তিনিদিনীয়া ভ্ৰমণসূচীৰ অধীনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাত কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰিছে । তাৰ অংশ হিচাপে দেওবাৰে প্ৰধানমন্ত্ৰীয়ে আগশাৰীৰ আমেৰিকান প্ৰযুক্তি প্ৰতিষ্ঠানসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে এক ফলপ্ৰসূ আলোচনাত মিলিত হয় । য'ত প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ বিকাশৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰে । আলোচনাত বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ পদক্ষেপৰ বিষয়েও আলোচনা কৰা হয় । লোটে নিউয়ৰ্ক পেলেচ হোটেলত এই বৈঠকখন অনুষ্ঠিত হয় ।

প্ৰযুক্তি প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যবাহী বিষয়াৰে বৈঠক

এই বৈঠকত এআই, কোৱাণ্টাম কম্পিউটিং আৰু অৰ্ধপৰিবাহীৰ দৰে অত্যাধুনিক প্ৰযুক্তিৰ ওপৰত কাম কৰা আমেৰিকাৰ ১৫ টা মুখ্য প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যবাহী বিষয়াসকলে অংশগ্ৰহণ কৰা দেখা যায় । বৈঠক সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে এক্সৰ এটা পোষ্টত লিখিছে, "নিউয়ৰ্কত প্ৰযুক্তি প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে এক ফলপ্ৰসূ আলোচনা অনুষ্ঠিত হয় । প্ৰযুক্তি, উদ্ভাৱন আৰু বহুতো দিশৰ বিষয়ে আলোচনা কৰা হয় । লগতে এই ক্ষেত্ৰত ভাৰতে আগবঢ়োৱা পদক্ষেপৰ ওপৰতো আলোকপাত কৰা হয় । ভাৰতৰ প্ৰতি অপৰিসীম আকাংক্ষা দেখি মই আনন্দিত ।"

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এক প্ৰেছ বিজ্ঞপ্তিত কোৱা মতে বৈঠকৰ সময়ত মোদীয়ে কয় যে প্ৰযুক্তিৰ সহযোগিতা আৰু প্ৰচেষ্টা যেনে গুৰুত্বপূৰ্ণ আৰু উদীয়মান প্ৰযুক্তিৰ উদ্যোগ (আইচিইটি) ভাৰত-আমেৰিকাৰ ব্যাপক গোলকীয় কৌশলগত অংশীদাৰিত্বৰ মূলত আছে । প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে তেওঁৰ তৃতীয় কাৰ্যকালত ভাৰতে বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হোৱাৰ বাবে সকলো প্ৰচেষ্টা কৰিব । লগতে সহযোগিতা আৰু উদ্ভাৱনৰ বাবে ভাৰতৰ বিকাশৰ সুবিধা ল'বলৈ কোম্পানীসমূহক উৎসাহিত কৰিব ।

প্ৰেছ বিজ্ঞপ্তি অনুসৰি,"তেওঁলোকে ভাৰতৰ অৰ্থনৈতিক আৰু প্ৰযুক্তিগত বিকাশৰ সুযোগ ব্যৱহাৰ কৰি বিশ্বৰ বাবে ভাৰতত সহ-নিৰ্মাণ, সহ-ডিজাইন আৰু সহ-উৎপাদন কৰিব পাৰে ।"

মেচাচুচেটছ ইনষ্টিটিউট অৱ টেকন'লজী (এমআইটি) স্কুল অৱ ইঞ্জিনিয়াৰিঙৰ দ্বাৰা আয়োজিত এই বৈঠকত গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাই, এডোবৰ মুখ্য কাৰ্যবাহী বিষয়া শান্তনু নাৰাইনা, এক্সেঞ্চাৰৰ মুখ্য কাৰ্যবাহী বিষয়া জুলি চুইট আৰু এনভিআইডিআইএৰ মুখ্য কাৰ্যবাহী বিষয়া জেনচেন হুয়াঙকে ধৰি আমেৰিকাৰ শীৰ্ষ প্ৰযুক্তি প্ৰতিষ্ঠানসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলে অংশগ্ৰহণ কৰে ।

বৌদ্ধিক সম্পত্তিৰ সুৰক্ষা আৰু প্ৰযুক্তি উদ্ভাৱনৰ প্ৰতি ভাৰতৰ গভীৰ প্ৰতিশ্ৰুতিৰ আশ্বাস দি মোদীয়ে দেশত ঘটি থকা অৰ্থনৈতিক পৰিৱৰ্তন, বিশেষকৈ ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি উৎপাদন আৰু অৰ্ধপৰিবাহীৰ ক্ষেত্ৰত আলোকপাত কৰে ।

মোদীয়ে দৃঢ়তাৰে কয় যে তেওঁৰ চৰকাৰ ভাৰতক 'অৰ্ধপৰিবাহী উৎপাদনৰ গোলকীয় কেন্দ্ৰ' হিচাপে গঢ়ি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ । তেওঁ দেশখনক বায়'টেক পাৱাৰহাউচ হিচাপে বিকশিত কৰাৰ বাবে ভাৰতৰ বিআইঅ' ই৩ (পৰিৱেশ, অৰ্থনীতি আৰু নিযুক্তিৰ বাবে জৈৱ প্ৰযুক্তি) নীতিৰ বিষয়েও উল্লেখ কৰে । এআইৰ সন্দৰ্ভত তেওঁ উল্লেখ কৰে যে ভাৰতৰ নীতি হৈছে এআই ফৰ অলৰ প্ৰচাৰ কৰা ।

মুখ্য কাৰ্যবাহী বিষয়াসকলেও উদ্ভাৱন-অনুকূল নীতি আৰু বজাৰৰ সুযোগৰ বিকাশৰ দ্বাৰা চালিত এক বিশ্বব্যাপী প্ৰযুক্তি কেন্দ্ৰ হিচাপে ভাৰতৰ বৰ্ধিত গুৰুত্বৰ প্ৰশংসা কৰে । তেওঁলোকে ভাৰতৰ সৈতে বিনিয়োগ আৰু সহযোগিতাৰ আগ্ৰহ প্ৰকাশ কৰে ।

লগতে পঢ়ক :আমেৰিকাত জাপানৰ প্ৰধানমন্ত্ৰীৰ সৈতে নৰেন্দ্ৰ মোদীৰ বিশেষ বৈঠক - Quad Summit 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.