ETV Bharat / bharat

ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম ইউক্ৰেইন ভ্ৰমণ; কিয়েভত উপস্থিত মোদী - PM Modi Ukraine Visit

author img

By ANI

Published : Aug 23, 2024, 1:50 PM IST

PM Modi arrives in Kyiv : প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণৰ অন্যতম মুখ্য বিষয় হ'ব দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে প্ৰস্তুত কৰা এক বৈপ্লৱিক ভ্ৰাম্যমাণ চিকিৎসালয় বি এইচ আই এছ এইচ এম কিউব (BHISHM Cube) উপস্থাপন কৰা । ইয়াৰ পিচতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হিন্দী শিকি থকা ইউক্ৰেইনৰ শিক্ষাৰ্থীসকলৰ সৈতে বাৰ্তালাপ কৰিব ।

PM Modi arrives in Kyiv
কিয়েভত উপস্থিত মোদী (ANI Photo)

নিউজ ডেস্ক, ২৩ আগষ্ট : পোলেণ্ডৰ পৰা ১০ ঘণ্টীয়া যাত্ৰাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শুকুৰবাৰে যুদ্ধবিধ্বস্ত ইউক্ৰেইনত উপস্থিত হয় । উল্লেখ্য, এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ এয়া হৈছে প্ৰথম ইউক্ৰেইন ভ্ৰমণ । ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ আমন্ত্ৰণক্ৰমে প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণসূচী ।

আনহাতে, দেশখনৰ ৰাজধানী কিয়েভত উপস্থিত হোৱাৰ পিচত প্ৰধানমন্ত্ৰী মোদীক বিপুল আদৰণি জনোৱা হয় । পৰৱৰ্তী সময়ত তেওঁ প্ৰাৰম্ভিক কাৰ্যসূচীৰ বাবে হায়াত হোটেললৈ ৰাওনা হয় ।

ইফালে ইউক্ৰেইনৰ প্ৰবাসী ভাৰতীয়সকলেও প্ৰধানমন্ত্ৰী মোদীক হোটেলখনত বিপুল আদৰণি জনায় । প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণসূচীত ইউক্ৰেইন ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ মাল্টিমিডিয়া শ্বহীদ স্মাৰকত উপস্থিতি এক উল্লেখযোগ্য কাৰ্যসূচী হ'ব । তাত তেওঁ ৰাছিয়াৰ আক্ৰমণৰ বলি হোৱা ইউক্ৰেইনৰ শিশুসকলৰ স্মৃতিত সন্মান জনাব ।

উল্লেখ্য যে ইউক্ৰেইন সংগ্ৰহালয়ৰ প্ৰদৰ্শনীত বিংশ আৰু একবিংশ শতিকাৰ আটাইতকৈ ডাঙৰ সামৰিক সংঘৰ্ষৰ নথিপত্ৰ আৰু শিল্পকলাবোৰ উপস্থাপন কৰা হৈছে আৰু দেশখনৰ স্বাধীনতাৰ বাবে বীৰত্বপূৰ্ণ সংগ্ৰাম, স্বাধীনতা আৰু সাংস্কৃতিক পৰিচয় প্ৰকাশ কৰা হৈছে ।

দিনটোৰ শেষৰ ফালে প্ৰধানমন্ত্ৰী মোদীয়ে মহাত্মা গান্ধীৰ শান্তি আৰু অহিংসা নীতিৰ প্ৰতীক স্বৰূপ গান্ধীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব । মহাত্মা গান্ধীৰ ১৫১ সংখ্যক জন্মজয়ন্তী উপলক্ষে ২০২০ চনত এ ভি ফমিন ব’টানিকেল গাৰ্ডেনত মহাত্মা গান্ধীৰ এই ব্ৰঞ্জৰ মূৰ্তিটো উন্মোচন কৰা হৈছিল ।

প্ৰধানমন্ত্ৰী মোদীয়ে তাৰ পিচত মাৰিনস্কি প্ৰাসাদলৈ যাব । তাত তেওঁক ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে আদৰণি জনাব । ইয়াৰ পিচত দুয়োগৰাকী নেতাৰ মাজত গুৰুত্বপূৰ্ণ বিষয়বোৰৰ ওপৰত আলোচনা কৰিবলৈ এক ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হ'ব । উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলৰ উপস্থিতিত এই বৈঠক অনুষ্ঠিত হ'ব । ইয়াত দ্বিপাক্ষিক সহযোগিতাৰ ওপৰত গুৰুত্বপূৰ্ণ আলোচনা হোৱাৰ সম্ভাৱনা আছে । আনহাতে, দুয়োখন ৰাষ্ট্ৰৰ মাজত চুক্তি আৰু সহযোগিতাক আনুষ্ঠানিক কৰাৰ বাবে চুক্তি বিনিময় অনুষ্ঠিত হ'ব ।

প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণৰ অন্যতম মুখ্য বিষয় হ'ব দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে প্ৰস্তুত কৰা এক বৈপ্লৱিক ভ্ৰাম্যমাণ চিকিৎসালয় বি এইচ আই এছ এইচ এম কিউব (BHISHM Cube) উপস্থাপন কৰা । ইয়াৰ পিচতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হিন্দী শিকি থকা ইউক্ৰেইনৰ শিক্ষাৰ্থীসকলৰ সৈতে বাৰ্তালাপ কৰিব । তাত ভাৰত আৰু ইউক্ৰেইনৰ মাজত সাংস্কৃতিক আৰু শৈক্ষিক সম্পৰ্কৰ ওপৰতো গুৰুত্ব আৰোপ কৰিব ।

লগতে পঢ়ক :ইউক্ৰেইন ভ্ৰমণকাৰী প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী হ’ব নৰেন্দ্ৰ মোদী - PM Modi to visit Ukraine
লগতে পঢ়ক :ভাৰত-পোলেণ্ড সম্পৰ্কক কৌশলগত অংশীদাৰিত্বলৈ উন্নীতকৰণ - PM Modi Poland visit

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.