ETV Bharat / bharat

হাথৰছৰ ধৰ্মীয় সমাৱেশত বিষাক্ত দ্ৰব্য স্প্ৰে’ কৰিছিল কোনোৱে: অধিবক্তাৰ অভিযোগ - Hathras stampede tragedy

Hathras stampede case: হাথৰছৰ ধৰ্মীয় সমাৱেশত একাংশ দুৰ্বৃৰ্ত্তই বিহ স্প্ৰে’ কৰাৰ অভিযোগ অধিবক্তা এ পি সিঙৰ ৷ ঘটনা সন্দৰ্ভত তদন্তৰ দাবী জনায় অধিবক্তাগৰাকীৰ লগতে স্বয়ম্ভু ভগৱান সুৰজ পাল ওৰফে ‘ভোলে বাবা’ই ৷ ঘটনা সন্দৰ্ভত দুখ প্ৰকাশ ভোলে বাবাৰ ৷

author img

By ANI

Published : Jul 8, 2024, 2:15 PM IST

Hathras stampede case
হাথৰছৰ ধৰ্মীয় সমাৱেশত বিষ স্প্ৰে’ কৰাৰ অভিযোগ অধিবক্তাৰ (ETV Bharat)

নেশ্যনেল ডেস্ক, 8 জুলাই: হাথৰছৰ ধৰ্মীয় সমাৱেশত হোৱা হুলস্থুলৰ ফলত 121 জন লোকৰ মৃত্যু হোৱাৰ কেইদিনমানৰ পাচতে অধিবক্তা এ পি সিঙে দাবী কৰিছে যে অনুষ্ঠানৰ সময়ত একাংশ অচিনাক্ত লোকে বিহ ছটিওৱাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হৈছে । সিঙে দাবী কৰে যে ষড়যন্ত্ৰকাৰীৰ দলটোৱে এই হুলস্থুলৰ সৃষ্টি কৰি সভাস্থলীৰ পৰা পলায়ন কৰে ।

"অচিনাক্ত লোকে বিষাক্ত স্প্ৰে কঢ়িয়াই লৈ ফুৰিছিল...বিষাক্ত দ্ৰব্য স্প্ৰে’ কৰি তেওঁলোক দৌৰিছিল আৰু এয়া পূৰ্ব পৰিকল্পিত ষড়যন্ত্ৰ হিচাপে পৰিলক্ষিত হৈছিল...বহুলোকে চেতনা হেৰুৱাই পেলাইছিল...মই বিশেষ তদন্তকাৰী দলক আহ্বান জনাইছো যে সেইসকল কোন সকলোৱে তদন্ত কৰক ৷" শনিবাৰে এ এন আইক এইদৰে কয় অধিবক্তা এ পি সিঙে ।

উল্লেখ্য যে, যোৱা 2 জুলাইত উত্তৰ প্ৰদেশৰ হাথৰছৰ ফুলাৰী গাঁৱত স্বয়ম্ভু ভগৱান সুৰজ পাল ওৰফে ‘ভোলে বাবা’ৰ ধৰ্মীয় ‘সৎসংগ’ অনুষ্ঠানত এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ।

ইফালে, হাথৰছ পদপিষ্ট কাণ্ডৰ মূল অভিযুক্ত দেৱপ্ৰকাশ মধুকৰক শনিবাৰে মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰোৱাৰ পিচত 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় । আদালতে তেওঁক সোধে, ‘‘এই অনুষ্ঠানৰ বাবে লিখিত অনুমতি লৈছে নেকি আৰু কাৰ পৰা সেই অনুমতি লাভ কৰিছে । মধুকৰে উত্তৰত কয় যে 80 হাজাৰ লোকৰ সমাৱেশৰ বাবে এছডিএমৰ পৰা অনুমতি লাভ কৰিছিল । অনুষ্ঠানটো প্ৰচাৰ কৰা হৈছে নেকি বুলি সোধাত মধুকৰে তেনে কৰা বুলি অস্বীকাৰ কৰে ।’’

উল্লেখযোগ্য যে দেৱপ্ৰকাশ মধুকৰ পলাতক হৈ আছিল আৰু তেওঁক গ্ৰেপ্তাৰ কৰা তথ্যৰ বাবে 1 লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছিল । অৱশেষত ৫ জুলাইত দিল্লীত তেওঁক গ্ৰেপ্তাৰ কৰা হয় । ইয়াৰ উপৰিও আন দুজন অভিযুক্ত ৰামপ্ৰকাশ শাক্য আৰু সঞ্জু যাদৱকো গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষীয়ে জনায় ।

ইয়াৰ পূৰ্বে শনিবাৰে ‘ভোলে বাবাই’ এই গোচৰৰ সন্দৰ্ভত নিজৰ মৌনতা ভংগ কৰি কয় যে “যিসকলে বিশৃংখলতাৰ সৃষ্টি কৰিছিল তেওঁলোকক ৰেহাই দিয়া নহ’ব ।"

এক ভিডিঅ’যোগে ‘বাবাই’ শোক প্ৰকাশ কৰি কয়, "2 জুলাইৰ ঘটনাটোত মই গভীৰ শোক প্ৰকাশ কৰিছে । ভগৱানে আমাক এই যন্ত্ৰণা সহ্য কৰিবলৈ শক্তি দিয়ক । চৰকাৰ আৰু প্ৰশাসনৰ ওপৰত বিশ্বাস ৰাখক । মোৰ বিশ্বাস আছে যে যিসকলে বিশৃংখলতাৰ সৃষ্টি কৰিছিল তেওঁলোকক ৰেহাই দিয়া নহ'ব । মই সমিতিৰ সদস্যসকলক অনুৰোধ কৰিছো যে শোকসন্তপ্ত পৰিয়াল আৰু আহতসকলৰ কাষত থিয় দিয়ক ।"

লগতে পঢ়ক: হাথৰছ কাণ্ডৰ ভুক্তভোগীক সাক্ষাৎ কৰিব ৰাহুল গান্ধীয়ে - Hathras stampede case

আগ্ৰাতো আছে ভোলে বাবাৰ নিৰাপদ ঘৰ, পোহৰলৈ আহিছে চাঞ্চল্যকৰ কাহিনী - Hathras Stampede Incident

সৎসংগ অনুষ্ঠানত অংশ ল’বলৈ গৈ প্ৰাণ হেৰুৱালে কমেও 116 গৰাকী ভক্তই : মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা - stampede during satsang

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.